--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত মঙলবাৰে পুৱতি নিশা যেতিয়া বেছিভাগ লোকেই পুৱাৰ টোপনিৰ আমেজ লৈ আছিল, সেই সময়তে লুঙী পিন্ধিয়েই এখন বিমানেৰে বাংলাদেশৰ পৰা পলাই গ'ল প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ।

বাতৰি মতে পুৱতি নিশা ৩ বজাত ঢাকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা থাই এয়াৰৱে'জৰ এখন বিমানেৰে হামিদ থাইলেণ্ডলৈ ৰাওনা হয়। পাছত পুৱা এই কথা ৰাজহুৱা হৈ পৰে। হামিদৰ পলায়নৰ পাছত মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে শিক্ষা বিভাগৰ উপদেষ্টা চি আবৰাৰৰ নেতৃত্বত প্রাক্তন ৰাষ্ট্ৰপতিজন থাইলেণ্ডলৈ ৰাওনা হোৱা সন্দৰ্ভত তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰে। আনহাতে কিছু আৰক্ষী বিষয়াক বদলি কৰাৰ উপৰি কিছু বিষয়াক নিলম্বন কৰা হয়।

উল্লেখযোগ্য যে যোৱা বছৰ শ্বেখ হাছিনাৰ বিৰুদ্ধে হোৱা আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা যিসকলৰ বিৰুদ্ধে তদন্ত হৈ আছিল, সেইসকলৰ ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদো আছে। আব্দুল হামিদে দুটা কার্যকাল ২০১৩ চনৰ পৰা ২০২৩ চনলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ আন্দোলনৰ সময়ৰ পৰা প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে ৰুজু হোৱা হত্যাৰ গোচৰত নাম আছে হামিদৰ।

'ঢাকা ট্রিবিউন'ৰ মতে হাছিনা আৰু অন্যান্যসকলৰ সৈতে ৮১ বছৰীয়া হামিদকো এই বছৰৰ ১৪ জানুৱাৰীত কিশোৰগঞ্জ সদৰ থানাত ৰুজু হোৱা এটা হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছে। হামিদৰ পৰিয়ালৰ মতে তেওঁ ভাতৃ আৰু ভনী জোঁৱায়েকৰ সৈতে চিকিৎসাৰ বাবে গৈছে। কিন্তু তেওঁৰ ৰাজনৈতিক বিৰোধীৰ মতে যিহেতু তেওঁৰ বিচাৰ চলি আছে, সেয়ে তেওঁ বিমানেৰে পলায়ন কৰিছে।

সংবাদ মাধ্যমসমূহত প্ৰকাশ পোৱা চি চি টিভিৰ ফটো, ভিডিঅ'ত এখন হুইল চেয়াৰত লুঙী পিন্ধা হামিদক দেখা গৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ