--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত মঙলবাৰে পুৱতি নিশা যেতিয়া বেছিভাগ লোকেই পুৱাৰ টোপনিৰ আমেজ লৈ আছিল, সেই সময়তে লুঙী পিন্ধিয়েই এখন বিমানেৰে বাংলাদেশৰ পৰা পলাই গ'ল প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ।

বাতৰি মতে পুৱতি নিশা ৩ বজাত ঢাকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা থাই এয়াৰৱে'জৰ এখন বিমানেৰে হামিদ থাইলেণ্ডলৈ ৰাওনা হয়। পাছত পুৱা এই কথা ৰাজহুৱা হৈ পৰে। হামিদৰ পলায়নৰ পাছত মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে শিক্ষা বিভাগৰ উপদেষ্টা চি আবৰাৰৰ নেতৃত্বত প্রাক্তন ৰাষ্ট্ৰপতিজন থাইলেণ্ডলৈ ৰাওনা হোৱা সন্দৰ্ভত তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰে। আনহাতে কিছু আৰক্ষী বিষয়াক বদলি কৰাৰ উপৰি কিছু বিষয়াক নিলম্বন কৰা হয়।

উল্লেখযোগ্য যে যোৱা বছৰ শ্বেখ হাছিনাৰ বিৰুদ্ধে হোৱা আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা যিসকলৰ বিৰুদ্ধে তদন্ত হৈ আছিল, সেইসকলৰ ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদো আছে। আব্দুল হামিদে দুটা কার্যকাল ২০১৩ চনৰ পৰা ২০২৩ চনলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ আন্দোলনৰ সময়ৰ পৰা প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে ৰুজু হোৱা হত্যাৰ গোচৰত নাম আছে হামিদৰ।

'ঢাকা ট্রিবিউন'ৰ মতে হাছিনা আৰু অন্যান্যসকলৰ সৈতে ৮১ বছৰীয়া হামিদকো এই বছৰৰ ১৪ জানুৱাৰীত কিশোৰগঞ্জ সদৰ থানাত ৰুজু হোৱা এটা হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছে। হামিদৰ পৰিয়ালৰ মতে তেওঁ ভাতৃ আৰু ভনী জোঁৱায়েকৰ সৈতে চিকিৎসাৰ বাবে গৈছে। কিন্তু তেওঁৰ ৰাজনৈতিক বিৰোধীৰ মতে যিহেতু তেওঁৰ বিচাৰ চলি আছে, সেয়ে তেওঁ বিমানেৰে পলায়ন কৰিছে।

সংবাদ মাধ্যমসমূহত প্ৰকাশ পোৱা চি চি টিভিৰ ফটো, ভিডিঅ'ত এখন হুইল চেয়াৰত লুঙী পিন্ধা হামিদক দেখা গৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান