--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতীয় মহিলা দলত স্থান লাভ কৰিলে অসম কন্যা উমা ছেত্ৰীয়ে। অষ্ট্ৰেলিয়াৰ বিপক্ষে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা দলত স্থান লাভ কৰি চৰ্চাত উমা ছেত্ৰী। প্ৰথম অৱস্থাত ঘোষিত দলত স্থান লাভ কৰা নাছিল উমাই। কিন্তু উইকেটকীপাৰ য়স্তিকা ভাটিয়া আঘাতপ্ৰাপ্ত হোৱাত য়স্তিকাৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে উমাক। অষ্ট্ৰেলিয়াত চলি থকা মহিলা বিগ বেচ লীগৰ সময়ত য়স্তিকা ভাটিয়া হাতত আঘাত পাইছিল। এই আঘাতৰ বাবে য়স্তিকা আগন্তুক শৃংখলাটোৰ পৰা বাহিৰ হয় আৰু এনে পৰিস্থিতিত ব’ৰ্ডে উমাক দলত স্থান দিয়ে।

অষ্ট্ৰেলিয়াৰ বিপক্ষে শৃংখলৰ বাবে ভাৰতীয় মহিলা দলঃ হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহ-অধিনায়ক), প্ৰিয়া পুনিয়া, জেমিমাহ ৰ’ড্ৰিগুৱেজ, হাৰলিন দেউল, ৰিচা ঘোষ, তেজল হাছাবনিছ, দীপ্তি শৰ্মা, মিন্নু মণি, প্ৰিয়া মিশ্ৰ, ৰাধা যাদৱ, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং, ছাইমা ঠাকুৰ, উমা ছেত্ৰী।


উল্লেখ্য যে উমাই ইতিমধ্যে টি-২০ ফৰ্মেটৰ জৰিয়তে জাতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছে। বিগত জুলাই মাহত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে টি-২০ শৃংখলাত অভিষেক ঘটায় উমাই। তেতিয়াৰ পৰা উমাই জাতীয় দলৰ হৈ চাৰিখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post