--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতীয় মহিলা দলত স্থান লাভ কৰিলে অসম কন্যা উমা ছেত্ৰীয়ে। অষ্ট্ৰেলিয়াৰ বিপক্ষে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা দলত স্থান লাভ কৰি চৰ্চাত উমা ছেত্ৰী। প্ৰথম অৱস্থাত ঘোষিত দলত স্থান লাভ কৰা নাছিল উমাই। কিন্তু উইকেটকীপাৰ য়স্তিকা ভাটিয়া আঘাতপ্ৰাপ্ত হোৱাত য়স্তিকাৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে উমাক। অষ্ট্ৰেলিয়াত চলি থকা মহিলা বিগ বেচ লীগৰ সময়ত য়স্তিকা ভাটিয়া হাতত আঘাত পাইছিল। এই আঘাতৰ বাবে য়স্তিকা আগন্তুক শৃংখলাটোৰ পৰা বাহিৰ হয় আৰু এনে পৰিস্থিতিত ব’ৰ্ডে উমাক দলত স্থান দিয়ে।

অষ্ট্ৰেলিয়াৰ বিপক্ষে শৃংখলৰ বাবে ভাৰতীয় মহিলা দলঃ হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহ-অধিনায়ক), প্ৰিয়া পুনিয়া, জেমিমাহ ৰ’ড্ৰিগুৱেজ, হাৰলিন দেউল, ৰিচা ঘোষ, তেজল হাছাবনিছ, দীপ্তি শৰ্মা, মিন্নু মণি, প্ৰিয়া মিশ্ৰ, ৰাধা যাদৱ, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং, ছাইমা ঠাকুৰ, উমা ছেত্ৰী।


উল্লেখ্য যে উমাই ইতিমধ্যে টি-২০ ফৰ্মেটৰ জৰিয়তে জাতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছে। বিগত জুলাই মাহত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে টি-২০ শৃংখলাত অভিষেক ঘটায় উমাই। তেতিয়াৰ পৰা উমাই জাতীয় দলৰ হৈ চাৰিখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
Advertisement