--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ তদন্ত তথা অভিযানৰ তাপ অব্যাহত আছে। একাধিক নেতা, মন্ত্ৰী আছে কাৰাগাৰত। কাৰাবন্দী নেতাসকলে আদালতৰ পৰাও কোনো সকাহ লাভ কৰি পৰিলক্ষিত হোৱা নাই। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, গুৰুতৰ অসুস্থতাৰ দোহাই দিওঁ আদালতৰ পৰা সকাহ লাভত ব্যৰ্থ হৈছে মহাৰাষ্ট্ৰৰ কাৰাবন্দী মন্ত্ৰী নৱাব মালিক। বিজেপিৰ বিৰুদ্ধে সদা সৰৱ নেতাগৰাকীৰ জেল জীৱনৰ ম্যাদ পুনৰ বৃদ্ধি কৰা হৈছে। 

মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপি নেতা নৱাব মালিকৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি কৰিছে। অহা ২২ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে নৱাব মালিকৰ ন্যায়িক জিম্মাৰ ম্যাদ। এখন বিশেষ আদালতে আজি এই নিৰ্দেশ দিয়ে। নৱাব মালিকে তেওঁৰ অসুস্থতাৰ দোহাই দি আদালতৰ পৰা সকাহ বিচাৰিছিল যদিও তেওঁ সকাহ নাপালে।  ‘প্ৰিভেনচন অব মানী লণ্ডেৰিং এক্ট’ সম্পৰ্কীয় গোচৰৰ বিচাৰ কৰাৰ বাবে বিশেষভাৱে নিযুক্ত ন্যায়াধীশ আৰ এন ৰোকড়েৰ সন্মুখত হাজিৰ কৰা হৈছিল জ্যেষ্ঠ ৰাজনীতিকজনক।

তেওঁ আদালতত অৱগত কৰিছিল যে, তেওঁ কিডনীৰ সমস্যাত ভুগি আছে আৰু তাৰ বাবেই তেওঁৰ ভৰিও ফুলিছে। তেওঁ অভিযোগ কৰে যে, তেওঁ ভৰিৰ বিষ হোৱা বুলি অৱগত কৰিলে কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক কেৱল বিষনাশক দৰৱহে দিয়ে। তেওঁ আদালতক কয় যে, মই মোৰ স্বাস্থ্যজনিত সমস্যাৰ স্থায়ী সমাধান বিচাৰিছোঁ। ইফালে, তেওঁৰ অবৈধ গ্ৰেপ্তাৰৰ বিৰোধিতা তথা তেওঁৰ তাৎক্ষণিক মুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ শুনানি ২২ এপ্ৰিলত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি মালিকৰ অধিবক্তাই প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ