--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ তদন্ত তথা অভিযানৰ তাপ অব্যাহত আছে। একাধিক নেতা, মন্ত্ৰী আছে কাৰাগাৰত। কাৰাবন্দী নেতাসকলে আদালতৰ পৰাও কোনো সকাহ লাভ কৰি পৰিলক্ষিত হোৱা নাই। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, গুৰুতৰ অসুস্থতাৰ দোহাই দিওঁ আদালতৰ পৰা সকাহ লাভত ব্যৰ্থ হৈছে মহাৰাষ্ট্ৰৰ কাৰাবন্দী মন্ত্ৰী নৱাব মালিক। বিজেপিৰ বিৰুদ্ধে সদা সৰৱ নেতাগৰাকীৰ জেল জীৱনৰ ম্যাদ পুনৰ বৃদ্ধি কৰা হৈছে। 

মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপি নেতা নৱাব মালিকৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি কৰিছে। অহা ২২ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে নৱাব মালিকৰ ন্যায়িক জিম্মাৰ ম্যাদ। এখন বিশেষ আদালতে আজি এই নিৰ্দেশ দিয়ে। নৱাব মালিকে তেওঁৰ অসুস্থতাৰ দোহাই দি আদালতৰ পৰা সকাহ বিচাৰিছিল যদিও তেওঁ সকাহ নাপালে।  ‘প্ৰিভেনচন অব মানী লণ্ডেৰিং এক্ট’ সম্পৰ্কীয় গোচৰৰ বিচাৰ কৰাৰ বাবে বিশেষভাৱে নিযুক্ত ন্যায়াধীশ আৰ এন ৰোকড়েৰ সন্মুখত হাজিৰ কৰা হৈছিল জ্যেষ্ঠ ৰাজনীতিকজনক।

তেওঁ আদালতত অৱগত কৰিছিল যে, তেওঁ কিডনীৰ সমস্যাত ভুগি আছে আৰু তাৰ বাবেই তেওঁৰ ভৰিও ফুলিছে। তেওঁ অভিযোগ কৰে যে, তেওঁ ভৰিৰ বিষ হোৱা বুলি অৱগত কৰিলে কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক কেৱল বিষনাশক দৰৱহে দিয়ে। তেওঁ আদালতক কয় যে, মই মোৰ স্বাস্থ্যজনিত সমস্যাৰ স্থায়ী সমাধান বিচাৰিছোঁ। ইফালে, তেওঁৰ অবৈধ গ্ৰেপ্তাৰৰ বিৰোধিতা তথা তেওঁৰ তাৎক্ষণিক মুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ শুনানি ২২ এপ্ৰিলত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি মালিকৰ অধিবক্তাই প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী