--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কোটা চহৰখনে হনুমান জয়ন্তী উদযাপনৰ সময়ত এক অনবদ্য দৃশ্যৰ সাক্ষী হৈ ৰৈছিল। স্থানীয় মুছলমান সম্প্ৰদায়ৰ বাসিন্দাসকলে হনুমান জয়ন্তী পদযাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ ওপৰত ফুল বৰ্ষণ কৰিছিল।

শেহতীয়াকৈ, দলবদ্ধ সংঘৰ্ষৰ বাবে দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্ত উত্তপ্ত হৈ পৰিছে। যি সময়ত এটাৰ পিছত এটা অপ্ৰত্যাশিত ঘটনাই দেশবাসীক দুখী কৰি তুলিছে, সেই সময়ত কোটাবাসীয়ে ভাতৃত্ব বোধ আৰু সহিষ্ণুতাৰ বাৰ্তা প্ৰদান কৰিছে। হিংসাৰ কথা পাহৰি সকলো যেন একেলগে সম্প্ৰতিৰে থাকিব লাগে তেওঁলোক তাৰেই পথ দেখুৱাইছিল।

শনিবাৰে দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলৰ উপৰিও যোৱা কেইদিনমানত অন্ধ্ৰ প্ৰদেশ, গুজৰাট আৰু মধ্য প্ৰদেশৰ দৰে বিভিন্ন ৰাজ্যৰ পৰা সংঘৰ্ষ আৰু হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত কোটাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে দেখুওৱা সম্প্ৰতি এতিয়া সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে।

স্থানীয় সূত্ৰঅনুসৰি, অঞ্চলটোৰ হিন্দু আৰু মুছলমানসকলে সম্প্ৰীতিৰ বাৰ্তা দিবলৈ একেলগে ধৰ্মীয় ৰীতি-নীতি পালন কৰাৰ সিদ্ধান্ত লৈছিল। যেতিয়া হনুমান জয়ন্তীৰ শোভাযাত্ৰা ৰাজপথত ওলাই আহিছিল, মুছলমানসকলে অংশগ্ৰহণকাৰীসকলৰ ওপৰত পুষ্পস্তৱক অৰ্পণ কৰিছিল। তাৰ পাছত, বিভিন্ন মছজিদৰ সন্মুখত, যেতিয়া মুছলমান যুৱক-যুৱতীসকলে তেওঁলোকৰ নিজা ৰীতি-নীতি পালন কৰে, হিন্দুসকলক তাত থিয় হৈ ইয়াক উপভোগ কৰা দেখা যায়। 

জিলা প্ৰশাসনৰ হৈ ৰাজেশ দাগা নামৰ এজন বিষয়াই কয় যে যেতিয়া হনুমান জয়ন্তীৰ শোভাযাত্ৰা স্থানীয় মছজিদৰ সন্মুখত উপস্থিত হৈছিল, তেতিয়া তাহিৰ আহমেদৰ নেতৃত্বত বহু লোক মছজিদৰ পৰা ওলাই আহিছিল। তেওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে শুভেচ্ছা জনাইছিল। 

অৱশ্যে, এই সম্প্ৰীতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰো যথেষ্ট ভূমিকা আছে। সূত্ৰ অনুসৰি, শোভাযাত্ৰা উলিওৱাৰ আগতে অঞ্চলটোৰ মুছলমান আৰু হিন্দু সম্প্ৰদায়ৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰা হৈছিল। গোটেই প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ, সকলোৱে ইজনে সিজনক একত্ৰিত হৈ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

হনুমান জয়ন্তীৰ উদযাপন শনিবাৰে সন্ধিয়া আৰম্ভ হয়। অনুষ্ঠানটোত উপস্থিত থকা সকলৰ বেছিভাগেই গেৰুৱা বসন পিন্ধি আছিল। তেওঁলোকে স্থানীয় খেৰাবাদ গাঁৱৰ পৰা খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। প্ৰায় ২ কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছত পদযাত্ৰাটো সমাপ্ত হৈছিল। এই যাত্ৰাৰ এটা ডাঙৰ অংশ আছিল মুছলমান অধ্যুষিত অঞ্চল। তাত দুটা মছজিদ আছিল। যাত্ৰাৰ শেষত ভক্তসকলৰ বাবে অস্থায়ী ষ্টল স্থাপন কৰি ভক্তসকলক বহি পানী খোৱাৰ ব্যৱস্থাও কৰিছিল মুছলমান সম্প্ৰদায়ৰ লোকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ