--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ AI অভিযন্তা অতুল সুভাষৰ আত্মহত্যাই কঁপাইছে দেশ। পত্নীৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি জীৱনক বিদায় দিয়াৰ সিদ্ধান্ত ললে অতুল সুভাষে। বেংগালুৰুত কৰ্মৰত AI অভিযন্তা অতুল সুভাষে পুত্ৰৰ বাবে এৰি থৈ গৈছে এক বিশেষ উপহাৰ আৰু চিঠি। ভিডিঅ’টোত পুত্ৰক বাৰ্তা দিওঁতে তেওঁ কয় যে ২০৩৮ চনত এই খামটো খুলিবা, যেতিয়া তোমাৰ বয়স ১৮ বছৰ হ’ব। 

উত্তৰ প্ৰদেশৰ জৌনপুৰ নিবাসী AI অভিযন্তা অতুল সুভাষৰ আত্মহত্যাৰ ঘটনাটো ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। আত্মহত্যাৰ পূৰ্বে অতুলে নিৰ্মাণ কৰা ভিডিঅ’টোৰ চুটি ক্লিপবোৰ যথেষ্ট ভাইৰেল হৈ পৰিছে। আত্মহত্যাৰ পূৰ্বে অতুলে চাৰি বছৰীয়া পুত্ৰৰ বাবেও এৰি থৈ গৈছে বিশেষ উপহাৰ আৰু এখন চিঠি। ২০৩৮ চনত যেতিয়া পুত্ৰৰ বয়স ১৮ বছৰ হ’ব তেতিয়াহে এই খামটো খুলিবলৈ অনুৰোধ জনাই থৈ গৈছে।

আত্মহত্যাৰ পূৰ্বে অতুল সুভাষে প্ৰায় ডেৰ ঘণ্টাৰ ভিডিঅ’ প্ৰস্তুত কৰে, য’ত তেওঁ আত্মহত্যা কৰিবলগীয়া হোৱা সকলো পৰিস্থিতিৰ কথা উল্লেখ কৰে। ইয়াৰ বাবে তেওঁ পত্নী আৰু শহুৰৰ পৰিয়ালক দোষাৰোপ কৰিছে। ইয়াৰ উপৰিও তেওঁ জৌনপুৰৰ পৰিয়াল আদালতৰ ন্যায়াধীশৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, যি আদালতত তেওঁৰ গোচৰ চলি আছিল। পিতৃ-মাতৃ আৰু ভাতৃৰ বাবেও তেওঁ এৰি থৈ গৈছে এটা বাৰ্তা। ইয়াৰ সমান্তৰালকৈ অতুলে চাৰি বছৰীয়া পুত্ৰৰ বাবেও এটা বাৰ্তা এৰি থৈ গৈছে।

ভিডিঅ’টোত অতুলে অভিযোগ কৰিছে যে তেওঁৰ পত্নীয়ে তেওঁক চাৰি বছৰীয়া পুত্ৰক লগ কৰিবলৈও নিদিয়ে। অতুলে কৈ গৈছে যে, তেওঁৰ শেষ ইচ্ছা হ’ল তেওঁৰ পত্নীয়ে যাতে পুত্ৰক পিতৃ-মাতৃক গতাই দিয়ে যাতে পুত্ৰই ভাল মূল্যবোধ লাভ কৰিব পাৰে। ভিডিঅ'টোত তেওঁ কয় যে তেওঁৰ পিতৃ-মাতৃয়ে নাতিক অতি গৌৰৱেৰে আৰু জীৱনৰ ভাল শিক্ষাৰে ডাঙৰ-দীঘল কৰিব। অতুলে ভিডিঅ’টোত তেওঁৰ ভাতৃও বহুত ভাল বুলি উল্লেখ কৰি গৈছে।

অতুল সুভাষে শেষৰ ভিডিঅ'টোত কৈছে, "মই অনুভৱ কৰোঁ যে মই আত্মহত্যা কৰা উচিত কাৰণ মই উপাৰ্জন কৰা ধনে মোৰ শত্ৰুক শক্তিশালী কৰি তুলিছে। একেখিনি টকাৰে মোক ধ্বংস কৰা হৈছে আৰু এই চক্ৰ অব্যাহত আছে। এইয়া চলি থাকিব আৰু এই আদালত আৰু আৰক্ষী ব্যৱস্থাই এই ধনেৰে মোক, মোৰ পৰিয়াল আৰু অন্যান্য সাধাৰণ মানুহক হাৰাশাস্তি কৰিব।"

পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি অতুল সুভাষে কয় যে মোৰ পত্নীয়ে মোৰ সন্তানক পৃথক কৰি ৰাখিব আৰু মোক, মোৰ পিতৃ-মাতৃ আৰু মোৰ ভাইটিক হাৰাশাস্তি কৰিবলৈ আৰু অধিক গোচৰ ৰুজু কৰিব। মই পত্নীক জীৱিকাৰ বাবে যি টকা দিওঁ, তেওঁ শিশুটিক ডাঙৰ-দীঘল কৰাৰ সলনি মোৰ আৰু মোৰ পৰিয়ালৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে।

তেওঁ ভিডিঅ’টোত আৰু কয় যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু তেওঁৰ পৰিয়ালক তেওঁৰ মৃতদেহৰ ওচৰলৈ আহিবলৈ দিয়া উচিত নহয়। অতুলে পৰিয়ালৰ লোকক কয় যে যেতিয়ালৈকে তেওঁক অত্যাচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰা লোকসকলে শাস্তি নাপায় তেতিয়ালৈকে তেওঁৰ অস্থি যাতে উটুৱাই নিদিয়ে। ন্যায়ৰ দাবীত তেওঁ পৰিয়ালৰ লোকক কয় যে যদি তেওঁক অত্যাচাৰ কৰাসকলে শাস্তি লাভ নকৰে তেন্তে পৰিয়ালে যাতে তেওঁৰ অস্থি আদালতৰ বাহিৰৰ নলাত উটুৱাই দিয়ে।


ভিডিঅ’টোত অতুল সুভাষেও জৌনপুৰৰ ন্যায়াধীশগৰাকীক হাৰাশাস্তি কৰাৰ লগতে উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে। অতুলে কয় যে ন্যায়াধীশৰ আদালতত তাৰিখ পাবলৈ উপস্থাপককো ঘোচ দিব লাগে। প্ৰধান পৰিয়াল আদালতৰ ন্যায়াধীশেও তেওঁক ৩ কোটি টকাৰ ভৰণ-পোষণৰ বাবে হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰে অতুলে। ইয়াৰ পিছত তেওঁৰ পৰা ৫ লাখ টকাৰ উৎকোচো দাবী কৰা হয়।  অতুল সুভাষে তেওঁৰ ভিডিঅ’টোত ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে এনে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।


অতুল সুভাষে তেওঁৰ শেষৰটো ভিডিঅ’ত জনাইছে যে এতিয়ালৈকে তেওঁ এই গোচৰত আদালতৰ পৰা ১২০টা তাৰিখ লাভ কৰিছে। এই কামৰ বাবে তেওঁ নিজেই ৪০ বাৰ বাংগালুৰুৰ পৰা জৌনপুৰলৈ গৈছিল। কেৱল এয়াই নহয়, তেওঁৰ পিতৃ-মাতৃ আৰু ভাতৃয়েও ক’ৰ্টলৈ অহা-যোৱা কৰি থাকিব লগা হৈছে। তেওঁ এবছৰত মাত্ৰ ২৩টা ছুটীহে পায়, গতিকে এই আদালতৰ গোচৰবোৰ কাৰোবাৰ বাবে যুঁজ দিয়াটো সম্ভৱ হয়নে নহয় বুলি তেওঁ প্ৰশ্ন কৰে।

৯ ডিচেম্বৰত বেংগালুৰুত আত্মহত্যা কৰে অতুল সুভাষে

বেংগালুৰুৰ শোৱা কোঠাৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে অতুল সুভাষে। আত্মহত্যাৰ সময়ত পিন্ধা টি-চাৰ্টটোত লিখা আছিল জাষ্টিচ ইজ ডু। ইয়াৰ পূৰ্বে ডেৰ ঘণ্টীয়া ভিডিঅ’ আৰু ২৪ পৃষ্ঠাৰ এখন চিঠিত অতুলে আত্মহত্যাৰ বাবে পত্নী, শহুৰেক আৰু ন্যায়িক ব্যৱস্থাক জগৰীয়া কৰি গৈছে। ২০১৯ চনত নিকিতা সিংহানিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অতুল। বিবাহৰ দুবছৰৰ অন্তত পত্নীয়ে অতুলৰ বিৰুদ্ধে যৌতুকৰ হাৰাশাস্তি, পিতৃ হত্যা আৰু অস্বাভাৱিক যৌন শোষণকে ধৰি ৯টা গোচৰ ৰুজু কৰে। এই গোচৰসমূহ নিষ্পত্তি কৰিবলৈ তেওঁৰ পৰা ৩ কোটি টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰে অতুলে। ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিত মাৰাঠাহল্লী ষ্টেচনত বিএনএছ আইনৰ ১০৮ আৰু ৩(৫) ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ