--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যধিক আনন্দই কাল হ’ল কেইবাজনো লোকৰ বাবে। দেশত এতিয়া চলি আছে শাৰদীয় দুৰ্গোৎসৱ। ঠাই বিশেষে উদ্যাপন কৰা হৈছে শাৰদীয় নানান উৎসৱ ।  গুজৰাটত নৱৰাত্ৰি উপলক্ষে আয়োজন কৰা হৈছে গৰবা নত্যৰ। কিন্তু গৰবা নৃত্য কৰি থকাৰ সময়তে ৰাজ্য খনত বিগত  ২৪ ঘণ্টাত ১০ জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে।

 গৰবা নৃত্য কৰি থাকোতে মৃত্যু ঘটাৰ শেহতীয়া ঘটনাটো  ঘটিছে গুজৰাটৰ কাপদভাঞ্জৰত।  তাত গৰবা নৃত্য কৰি  থাকোতে এজন ১৭ বছৰীয়া যুৱকৰ  মৃত্যু হৈছে। নৱৰাত্ৰিৰ ছটা দিনত গৰবা নৃত্যৰ সময়ত কেৱল হৃদৰোগত আক্ৰান্ত হৈয়েই ৰাজ্য খনত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। এই দিন কেইটাত  ১০৮   জৰুৰীকালীন এম্বুলেন্সলৈ ৫২১  টা হৃদৰোগত আক্ৰান্ত হোৱাৰ  কল গৈছে। 

শেহতীয়াকৈ গৰবা নৃত্য কৰি থাকোতে মৃত্যু ঘটা  ১৭  বছৰীয়া যুৱক জনৰ নাম  বীৰ শ্বাহ।  নাচি থাকোতেই তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল । 

 বীৰ শ্বাহক তৎক্ষণাৎ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।  তেওঁৰ আকস্মিক মৃত্যুৰ ফলত পৰিয়ালটোকে ধৰি সমগ্ৰ গাওঁখনত শোকৰ পৰিৱেশ বিয়পি পৰিছে।

বীৰৰ মৃত্যুৰ পিছত গৰবাৰ আয়োজকসকলে গৰবা নৃত্য কাৰ্যসূচী বাতিল কৰিছে। প্ৰশ্ন হৈছে আনন্দৰ সময়তে মানুহ কিয় প্ৰায়ে হৃদৰোগত আক্ৰান্ত হয়? বিশেষজ্ঞসকলে কৈ আহিছে যে কৰ্মবিমুখ লোক আৰু ধূমপায়ী লোকৰ মাজত হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায়। অত্যধিক মানসিক চাপৰ বাবেও হৃদৰোগ হ’ব পাৰে। আনন্দৰ সময়ত তেজৰ চলাচল বৃদ্ধি পায়। কিন্তু কৰ’নেৰী ধমনীয়ে সঠিকভাবে তেজ চলাচল কৰাত ব্যৰ্থ হ’লে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায়। সেয়ে অত্যধিক আনন্দও বেয়া বুলি বহুতে কৈ আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ