--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যধিক আনন্দই কাল হ’ল কেইবাজনো লোকৰ বাবে। দেশত এতিয়া চলি আছে শাৰদীয় দুৰ্গোৎসৱ। ঠাই বিশেষে উদ্যাপন কৰা হৈছে শাৰদীয় নানান উৎসৱ ।  গুজৰাটত নৱৰাত্ৰি উপলক্ষে আয়োজন কৰা হৈছে গৰবা নত্যৰ। কিন্তু গৰবা নৃত্য কৰি থকাৰ সময়তে ৰাজ্য খনত বিগত  ২৪ ঘণ্টাত ১০ জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে।

 গৰবা নৃত্য কৰি থাকোতে মৃত্যু ঘটাৰ শেহতীয়া ঘটনাটো  ঘটিছে গুজৰাটৰ কাপদভাঞ্জৰত।  তাত গৰবা নৃত্য কৰি  থাকোতে এজন ১৭ বছৰীয়া যুৱকৰ  মৃত্যু হৈছে। নৱৰাত্ৰিৰ ছটা দিনত গৰবা নৃত্যৰ সময়ত কেৱল হৃদৰোগত আক্ৰান্ত হৈয়েই ৰাজ্য খনত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। এই দিন কেইটাত  ১০৮   জৰুৰীকালীন এম্বুলেন্সলৈ ৫২১  টা হৃদৰোগত আক্ৰান্ত হোৱাৰ  কল গৈছে। 

শেহতীয়াকৈ গৰবা নৃত্য কৰি থাকোতে মৃত্যু ঘটা  ১৭  বছৰীয়া যুৱক জনৰ নাম  বীৰ শ্বাহ।  নাচি থাকোতেই তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল । 

 বীৰ শ্বাহক তৎক্ষণাৎ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।  তেওঁৰ আকস্মিক মৃত্যুৰ ফলত পৰিয়ালটোকে ধৰি সমগ্ৰ গাওঁখনত শোকৰ পৰিৱেশ বিয়পি পৰিছে।

বীৰৰ মৃত্যুৰ পিছত গৰবাৰ আয়োজকসকলে গৰবা নৃত্য কাৰ্যসূচী বাতিল কৰিছে। প্ৰশ্ন হৈছে আনন্দৰ সময়তে মানুহ কিয় প্ৰায়ে হৃদৰোগত আক্ৰান্ত হয়? বিশেষজ্ঞসকলে কৈ আহিছে যে কৰ্মবিমুখ লোক আৰু ধূমপায়ী লোকৰ মাজত হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায়। অত্যধিক মানসিক চাপৰ বাবেও হৃদৰোগ হ’ব পাৰে। আনন্দৰ সময়ত তেজৰ চলাচল বৃদ্ধি পায়। কিন্তু কৰ’নেৰী ধমনীয়ে সঠিকভাবে তেজ চলাচল কৰাত ব্যৰ্থ হ’লে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায়। সেয়ে অত্যধিক আনন্দও বেয়া বুলি বহুতে কৈ আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক