--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাপান কৰি গাড়ী চলোৱাতো আমাৰ দেশত এক গুৰুতৰ অপৰাধ। সেই কথা পুনৰবাৰ প্ৰমাণ হ’ল বলীউডৰ এগৰাকী অভিনেতাৰ ক্ষেত্ৰত। সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত আদালতে বলীউডৰ  অভিনেতা দলিপ তাহিলক আদালতে  দুমাহৰ কাৰাদণ্ড বিহিছে। দলিপ তাহিল ৯০ ৰ দশকৰ এজন বিখ্যাত অভিনেতা । তেওঁ 'বাজিগৰ', 'ৰাজা', 'ইস্ক', 'ৰা.ৱান', 'কহো না প্যাৰ হে'ৰ দৰে বহু হিট ছবিত কাম কৰিছে।

বলীউডৰ প্ৰবীণ অভিনেতা দলিপ তাহিলক  মুম্বাইৰ দণ্ডাধীশৰ আদালতে দুমাহৰ কাৰাদণ্ড প্ৰদান কৰিছে। ৬৫ বছৰ বয়সীয়া দলিপ তাহিলক ড্ৰিংক এণ্ড ড্ৰাইভ গোচৰত দণ্ডিত কৰা হৈছে। অভিনেতাজনক প্ৰায় ৫ বছৰ পুৰণি এটা গোচৰত দণ্ডিত কৰা হৈছে। দলিপ তাহিলে  ২০১৮ চনত সুৰাপান কৰি গাড়ী চলাই অটোৰিক্সা এখনত   গাড়ীৰে খুন্দা মৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। অভিনেতাজনক ২০১৮ চনত খাৰ (মুম্বাই)ত এগৰাকী মহিলাক গাড়ীৰে  আঘাত কৰাৰ বাবেও দোষী সাব্যস্ত কৰা হৈছে। পাঁচ বছৰ পুৰণি গোচৰটোতে  আদালতে দলিপ তাহিলক দুমাহৰ সাধাৰণ কাৰাদণ্ডৰ ৰায় দিছে।


২০১৮  চনত দলিপ তাহিলৰ বিৰুদ্ধে ড্ৰিংক এণ্ড ড্ৰাইভৰ গোচৰ ৰুজু কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে সুৰাপান কৰি গাড়ী চলাই গাড়ীৰে অটো এখনত খুন্দা মৰা আৰু দুৰ্ঘটনাটোত অটোত থকা এজন যুৱক আৰু এগৰাকী যুৱতীক আহত কৰাৰ অভিযোগ উঠিছিল।  

তথ্য অনুসৰি, দলিপ তাহিলে  অটোখনত খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।  কিন্তু গণেশ বিসৰ্জনৰ ফলত হোৱা যানজোঁটৰ বাবে তেওঁ লগে লগে ধৰা পৰে। 

ঘটনাটোৰ পিছতে  মুম্বাইৰ খাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে  তাহিলক গ্ৰেপ্তাৰ কৰিছিল। পিছত  অভিনেতাজনক  জামিনত মুক্তি দিয়া হৈছিল। কাৰাদণ্ডৰে দণ্ডিত অভিনেতাজনে সম্প্ৰতি অ'টিটিৰ এটা ৱেব শৃংখলাত কাম কৰি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ