--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাপান কৰি গাড়ী চলোৱাতো আমাৰ দেশত এক গুৰুতৰ অপৰাধ। সেই কথা পুনৰবাৰ প্ৰমাণ হ’ল বলীউডৰ এগৰাকী অভিনেতাৰ ক্ষেত্ৰত। সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত আদালতে বলীউডৰ  অভিনেতা দলিপ তাহিলক আদালতে  দুমাহৰ কাৰাদণ্ড বিহিছে। দলিপ তাহিল ৯০ ৰ দশকৰ এজন বিখ্যাত অভিনেতা । তেওঁ 'বাজিগৰ', 'ৰাজা', 'ইস্ক', 'ৰা.ৱান', 'কহো না প্যাৰ হে'ৰ দৰে বহু হিট ছবিত কাম কৰিছে।

বলীউডৰ প্ৰবীণ অভিনেতা দলিপ তাহিলক  মুম্বাইৰ দণ্ডাধীশৰ আদালতে দুমাহৰ কাৰাদণ্ড প্ৰদান কৰিছে। ৬৫ বছৰ বয়সীয়া দলিপ তাহিলক ড্ৰিংক এণ্ড ড্ৰাইভ গোচৰত দণ্ডিত কৰা হৈছে। অভিনেতাজনক প্ৰায় ৫ বছৰ পুৰণি এটা গোচৰত দণ্ডিত কৰা হৈছে। দলিপ তাহিলে  ২০১৮ চনত সুৰাপান কৰি গাড়ী চলাই অটোৰিক্সা এখনত   গাড়ীৰে খুন্দা মৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। অভিনেতাজনক ২০১৮ চনত খাৰ (মুম্বাই)ত এগৰাকী মহিলাক গাড়ীৰে  আঘাত কৰাৰ বাবেও দোষী সাব্যস্ত কৰা হৈছে। পাঁচ বছৰ পুৰণি গোচৰটোতে  আদালতে দলিপ তাহিলক দুমাহৰ সাধাৰণ কাৰাদণ্ডৰ ৰায় দিছে।


২০১৮  চনত দলিপ তাহিলৰ বিৰুদ্ধে ড্ৰিংক এণ্ড ড্ৰাইভৰ গোচৰ ৰুজু কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে সুৰাপান কৰি গাড়ী চলাই গাড়ীৰে অটো এখনত খুন্দা মৰা আৰু দুৰ্ঘটনাটোত অটোত থকা এজন যুৱক আৰু এগৰাকী যুৱতীক আহত কৰাৰ অভিযোগ উঠিছিল।  

তথ্য অনুসৰি, দলিপ তাহিলে  অটোখনত খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।  কিন্তু গণেশ বিসৰ্জনৰ ফলত হোৱা যানজোঁটৰ বাবে তেওঁ লগে লগে ধৰা পৰে। 

ঘটনাটোৰ পিছতে  মুম্বাইৰ খাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে  তাহিলক গ্ৰেপ্তাৰ কৰিছিল। পিছত  অভিনেতাজনক  জামিনত মুক্তি দিয়া হৈছিল। কাৰাদণ্ডৰে দণ্ডিত অভিনেতাজনে সম্প্ৰতি অ'টিটিৰ এটা ৱেব শৃংখলাত কাম কৰি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত