--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ বহুতোকে ব্ৰিটিছে কলীয়াপানীলৈ পঠিয়াইছিল। কলীয়াপানী নামতো সেয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এটা কুখ্যাত নাম হিচাবে চিহ্নিত হৈছে। শেহতীয়াকৈ কলীয়াপানীৰ প্ৰসংগটো পুনৰ সজীৱ হৈ উঠিছে অইন এক প্ৰসংগকলৈ। দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছতো আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশ আৰু লাডাখত আজিও জনতাই উন্নয়নৰ পোহৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। সু-শাসন আৰু উন্নয়নৰ গতি গতি তৰান্বিত কৰিব পৰা বিষয়াৰ এতিয়া দুয়োটা অঞ্চলতে প্ৰয়োজন। 

ইয়াৰ বিপৰীতে চৰকাৰে  দুগৰাকীকৈ ক্ষমতাৰ অপব্যৱহাৰ কৰা বিষয়াক শাস্তিমূলক ব্যৱস্থা হিচাবে বদলি কৰিলে অৰুণাচল আৰু লাডাখলৈ। তেনে বিষয়াৰ পৰা অৰুণাচল  আৰু লাডাখৰ জনতাই সুশাসন লাভ কৰিবলৈ সক্ষম হ'বনে? এই প্ৰশ্নই এতিয়া বাগৰি আছে ছ'চিয়েল মিডিয়াত।

 দিল্লীৰ শীৰ্ষ আমোলা দম্পতী ক্ৰমে সঞ্জীৱ খিৰৱাৰ আৰু ৰিংকু দুগ্গাই কিদৰে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল সেয়া এটা বিশেষ ঘটনাৰ পৰাই প্ৰমাণ হৈছে  ।

নিজৰ পোহনীয়া কুকুৰৰ ‘সান্ধ্য ভ্ৰমণ’ৰ বাবে দম্পতিহালে ত্যাগৰাজ ষ্টেডিয়াম এৰিবলৈ যাবলৈ নিৰ্দেশ দিছিল। এই অভিযোগৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আইএএছ দম্পতী সঞ্জীৱ খিৰৱাৰ আৰু ৰিংকু ডুগ্গাক দিল্লীৰ বাহিৰলৈ বদলি কৰে। সঞ্জীৱক লাডাখলৈ বদলি কৰা হয়। ৰিংকুক বলি কৰা হয় অৰুণাচল প্ৰদেশলৈ । এয়া চৰকাৰৰ বিষয়াদুগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা 'শাস্তিমূলক' ব্যৱস্থা।

গৃহ মন্ত্ৰালয়ে দিল্লীৰ মুখ্য সচিবৰ পৰা  এই বিষয়ত এক প্ৰতিবেদন বিচাৰিছিল। দিল্লীৰ মুখ্য সচিবে এই  প্ৰতিবেদনৰ আধাৰত অৰুণাচল প্ৰদেশ, গোৱা, মিজোৰাম, কেন্দ্ৰীয় শাসিত অঞ্চল (এজিএমইউটি) কেডাৰৰ বিষয়া দুজনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয়।

তেওঁলোকক 'শাস্তিমূলক' ব্যৱস্থা হিচাবে বদলি কৰাৰ স্থান অৰুণাচল আৰু লাডাখ বাছি লোৱা হ'ল তাকেলৈ এতিয়া নেটিজেনে প্ৰশ্ন কৰিছে।

 এগৰাকী নেটিজেনে লিখিছে—'  ভাৰতীয় সংবাদ মাধ্যমসমূহে ষ্টেডিয়াম বন্ধ হোৱাৰ কৰি তেওঁলোকৰ কুকুৰটো খোজ কঢ়োৱা  দিল্লীৰ পৰা দুজন আইএএছ বিষয়াক অৰুণাচল আৰু লাডাখলৈ বদলি কৰাৰ বিষয়টোকলৈ উৎসাহ প্ৰদৰ্শন কৰিছে। তেওঁলোক মেট্ৰ' মিডিয়া। সীমান্তৰ ৰাজ্যসমূহৰ সমস্যা আৰু  এই সম্পৰ্কীয় বৈধ প্ৰশ্ন সুধিবলৈ তেওঁলোক অক্ষম ।'
 আন এগৰাকী নেটিজেনে লিখিছে—'গতিকে লাডাখ আৰু অৰুণাচল প্ৰদেশক বহুতে শাস্তি প্ৰদান কৰা স্থান বুলি গণ্য কৰে! মই ভাবো এইখন এখন ধুনীয়া ঠাই। মানসিকতাৰ কেতিয়াও পৰিৱৰ্তন নহ'ব - উত্তৰ-পূবক বৃদ্ধ ৰাজনীতিসকলক  ৰাজ্যপাল হিচাপে শাস্তি বা অৱসৰ পোষ্টিং দিয়া স্থান হিচাবেও গণ্য কৰা হয়'।

 আন এগৰাকী নেটিজেনে খেদ প্ৰকাশ কৰি লিখিছে—'আমি 'শাস্তি' হিচাবে বদলি কৰা লোকসকলক প্ৰেৰণ কৰিবলৈ বাকী ভাৰতৰ বাবে চাইবেৰিয়া নহয় আৰু নহ'ম। অৰুণাচল প্ৰদেশ  মেধাসম্পন্ন বিষয়াৰ পোষ্টিংৰ বাবে সঠিকভাৱে সংৰক্ষিত থাকিব লাগে'।

 উল্লেখ্য ২০১০ চনত কমনৱেলথ গেমছৰ বাবে নিৰ্মাণ কৰা হৈছিল ষ্টেডিয়াম খন নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা বিষয়া দুগৰাকীক আন বিভাগীয় শাস্তি প্ৰদান কৰিব পৰা নগ'লহেঁতেন নে বুলিও বহুতে প্ৰশ্ন কৰিছে।
কিন্তু এনে শাস্তি প্ৰদানেৰে যেন বিষয়া দুগৰাকীক গোৰ মাৰি গংগাতহে পেলোৱা হ'ল। তেওঁলোকৰ আয় এতিয়া পূৰ্বতকৈ বৃদ্ধি পাব। কাৰণ

আন্তৰ্জাতিক সীমান্তত অৱস্থিত অঞ্চল বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত নিয়োজিত হৈ থকা বেছিভাগ বাহিৰ ৰাজ্যৰ আমোলাই লাভ কৰে এনে অঞ্চলত চাকৰি কৰাৰ বাবে  বিশেষ  ভাট্টা । সেই ভাট্টা এতিয়া উক্ত দম্পতি হালেও লাভ কৰিব।
সীমান্ত ৰাজ্যসমূহৰ বাবে দক্ষ আৰু নিকা বিষয়াৰ  এটা পৃথক কেডাৰ উত্তৰ পূৱৰ বহু ৰাজ্যই দাবী কৰি আহিছে।

মিজোৰাম আৰু অৰুণাচলৰ বিধানসভাত এই সন্দৰ্ভত প্ৰস্তাৱো গৃহীত হৈছে। ইমানৰ পিছতো দিল্লীয়ে কিয় ক্ষমতাৰ অপব্যৱহাৰ কৰা বিষয়াক এনে অঞ্চললৈ 'শাস্তিমূলক'ব্যৱস্থা হিচাবে বদলি কৰিলে তাকেলৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।
২০১৭ চনৰ ১৮ অক্টোবৰত অৰুণাচল বিজেপি নেতা তথা তদানীন্তন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে যুক্তি দিছিল: "ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ ৩০ বছৰ হ'ল। আমি এতিয়া পৃথক কেডাৰ পোৱাৰ সঠিক সময়, যাতে উন্নয়ন সঠিক ভাবে হ'ব পাৰে'।"

 কিন্তু সেই যুক্তিক কিমান সন্মান জনোৱা হ'ল? তেনে দাম্ভিক বিষয়াৰ পৰা অৰুণাচল আৰু লাডাখৰ জনতাই সু-শাসন আশা কৰিব পাৰিবনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চিচিটিভিত বন্দী নৃশংসতা
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
নিশাৰ ভাগত বহিঃৰাজ্যৰ গাহৰি আমদানিত নিষেধাজ্ঞা
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?