--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ লগতে অৰুণাচল প্রদেশতো দুদিন ধৰি নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত ভূমিস্খলন হৈ দুটা শিশুসহ ৭জন লোকৰ প্রাণহানি হোৱাৰ লগত জনজীৱনৰ বিস্তৰ ক্ষতিসাধন হৈছে। শনিবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী, গৃহ মন্ত্ৰী আৰু স্থানীয় বিধায়কে গভীৰ শোক প্ৰকাশ কৰি ইষ্ট কামেং জিলা প্রশাসনক সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে। অৰুণাচল প্ৰদেশৰ ১৩নং বানা-চেপা ৰাষ্ট্ৰীয় ঘাইপথত যোৱা শুকুৰবাৰে সংঘটিত হৈছিল এটা শোকাবহ ঘটনা।

উল্লেখযোগ্য যে এখন মাৰুতি ফ্ৰনক্স গাড়ীৰে যোৱাৰ পথত হঠাৎ ভূমিস্খলনৰ ফলত গাড়ীখন উটি গৈ গভীৰ খাদত বুৰ যোৱাৰ ফলত এগৰাকী গৰ্ভৱতী মহিলা আৰু দুটা শিশুসহ সাতজন লোকে প্রাণ হেৰুৱায়। পৰিয়ালৰ সূত্রই জানিবলৈ দিয়া মতে, দুর্ঘটনাগ্রস্ত গাড়ীখনত দুটা পৰিয়ালৰ লোক আছিল। ধাৰাসাৰ বৰষুণত পাহাৰৰ মাটি খহি নিমিষতে দুটা পৰিয়ালৰ সাতজন লোকে অকালতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। ইষ্ট কামেং জিলা প্রশাসনে দবাপিটা বৰষুণৰ মাজতে স্থানীয় আৰক্ষী, সেনা বাহিনীৰ জোৱান আৰু ৰাইজৰ সহযোগত ৬ ঘণ্টা সময় উদ্ধাৰ অভিযান চলাই ৭টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত লোককেইজনৰ নাম ক্রমে সঞ্জু বাদি (৩২), পত্নী তাচুম বাদি, কন্যা কাচুং বাদি (৫) আৰু পুত্ৰ নিচা বাদি (২)। আনহাতে এগৰাকী গৰ্ভৱতী মহিলা আৰু দুটি শিশু সন্তানক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই। আনহাতে, নামনি সোৱণশিৰি জিলাৰ ডাপুৰিত বানৰ কবলত টাটি টাকু (৪৫) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। আজিও অৰুণাচলত বৰষুণ হৈ আছে।

অৰুণাচল প্ৰদেশৰ গৃহ বিভাগে প্রদেশখনৰ সকলো জিলা প্ৰশাসনক এক নির্দেশযোগে সতর্কতা অৱলম্বন কৰিবলৈ কয়। এই সময়ত জৰুৰী কাম-কাজ নাথাকিলে পাহাৰীয়া পথেৰে আহ-যাহ নকৰিবলৈ আহ্বান জনায়। যিকোনো দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ ৰাইজক সজাগ হৈ থাকিবলৈও আহ্বান জনোৱা হৈছে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ