--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত এখন জন সমাৱেশত ভাৰতীয় সেনা আৰু অপাৰেশ্যন সেন্দুৰক প্রশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অপাৰেশ্যনটোৱে ভাৰতৰ শত্ৰুক হতভম্ব কৰালে আৰু ব্ৰহ্মছ মিছাইলৰ দৰে ভাৰতৰ ঘৰুৱা উৎপাদনৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ পৰাক্ৰম প্ৰদৰ্শন কৰিলে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ব্রহ্মছ মিছাইলে অপাৰেশ্যন সেন্দুৰৰ সময়ত শত্রুক নিদ্রাহীন ৰাতি উপহাৰ দিলে।

সমাৱেশত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে অপাৰেশ্যন সেন্দুৰৰ সময়ত ভাৰতীয় কন্যা আৰু ভগ্নীৰ ক্রোধ কাৰ্যলৈ ৰূপান্তৰ হোৱা বিশ্বই দেখিলে। তেওঁ কয়, 'আমি তেওঁলোকৰ ঘৰৰ ভিতৰলৈ শশ মাইল সোমাই, পাকিস্তানৰ বহু ভিতৰত সন্ত্রাসবাদীৰ ঘাটিবোৰ ধ্বংস কৰিলোঁ।' প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানে পাকিস্তানক ইমানেই কঁপাই তুলিলে যে এই যুদ্ধৰ অন্ত পেলাবলৈ তেওঁলোক আহ্বান জনাবলৈ বাধ্য হ'ল। ভাৰতৰ শত্রু দেশখনলৈ কঠোৰ সকীয়নি দি প্রধানমন্ত্রীয়ে কয় যে অপাৰেশ্যন সেন্দূৰৰ সময়ত যিসকলে যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল তেওঁলোকে এই কথা পাহৰিব নালাগে যে অপাৰেশ্যন সেন্দুৰ এতিয়াও শেষ হোৱা নাই।' সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিৰ কথা জনাই প্রধানমন্ত্রীয়ে কয় যে ভাৰতে তিনিধৰণে ভাৰতৰ নীতি স্পষ্ট কৰিলে। প্রথম, ভাৰতে প্রতিটো সন্ত্রাসবাদী আক্ৰমণৰ শক্তিশালী প্রত্যুত্তৰ দিব আৰু সামৰিক বাহিনীয়ে সময়, পদ্ধতি আৰু চৰ্ত নির্ধাৰণ কৰিব। দ্বিতীয়তে ভাৰতে পাৰমাণবিক ভাবুকিত ভয় নাখায়। তৃতীয়তে, সন্ত্রাসবাদীৰ মূল ষড়যন্ত্রকাৰী তথা সিহঁতক পৃষ্ঠপোষকতা কৰা চৰকাৰৰ বিৰুদ্ধে একে ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা হ'ব।

প্রধানমন্ত্রী স্থানীয় কানপুৰীয়া ধৰণেৰেও কয়, 'দুশমন কহী ভী হো, হৌক দিয়া জায়েগা' (শত্রু য'তেই নাথাকক, সিহঁতক আক্ৰমণ কৰা হ'ব)। প্রধানমন্ত্রীয়ে কয় যে এই অভিযানে ভাৰতৰ ঘৰুৱা প্ৰতিৰক্ষা সামর্থ্যৰো আলোকপাত কৰিলে। তেওঁ কয় 'অপাৰেশ্যন সেন্দূৰৰ সময়ত বিশ্বই 'মে'ক ইন ইণ্ডিয়া' আৰু আমাৰ দেশীয় অস্ত্র-শস্ত্ৰৰ ক্ষমতা দেখিলে। আমাৰ ব্ৰহ্মছ মিছাইলে শত্ৰুৰ ভূখণ্ডত প্ৰৱেশ কৰিলে আৰু য'ত লক্ষ্য কৰি লোৱা হৈছিল ঠিক তাতে ধ্বংসযজ্ঞ পাতিলে।' প্রধানমন্ত্রীয়ে ভাৰতত বর্ধিত প্ৰতিৰক্ষা নিৰ্মাণৰ বিষয়েও কয়, বিশেষকৈ উত্তৰ প্ৰদেশত। তেওঁ কয়, 'এটা সময়ত পাৰস্পৰিক উদ্যোগবোৰ এই অঞ্চলৰ পৰা নোহোৱা হৈছিল।

এতিয়া প্ৰতিৰক্ষা খণ্ডলৈ ডাঙৰ ডাঙৰ কোম্পানীবোৰ আহিছে। আমেথিৰ ওচৰতে এ কে-২০৩ ৰাইফলৰ উৎপাদন ইতিমধ্যে আৰম্ভ হৈছে।' প্রধানমন্ত্রী মোদীয়ে শুকুৰবাৰে কানপুৰত ৪৭,৬০০ কোটি টকা ব্যয় সাপেক্ষ ১৫ টা উন্নয়ন প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এই জনসমাৱেশৰ আগতে পহলগাম আক্ৰমণত মৃত্যু হোৱা শুভম দ্বিবেদী (৩১)ৰ পৰিয়ালক সাক্ষাৎ কৰে। আনহাতে উত্তৰ প্ৰদেশৰ আগত প্রধানমন্ত্রী মোদীয়ে বিহাৰৰ কাৰাকাটত এখন জনসভাত অংশগ্ৰহণ কৰে আৰু ৪৮,৫২০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement