--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত এখন জন সমাৱেশত ভাৰতীয় সেনা আৰু অপাৰেশ্যন সেন্দুৰক প্রশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অপাৰেশ্যনটোৱে ভাৰতৰ শত্ৰুক হতভম্ব কৰালে আৰু ব্ৰহ্মছ মিছাইলৰ দৰে ভাৰতৰ ঘৰুৱা উৎপাদনৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ পৰাক্ৰম প্ৰদৰ্শন কৰিলে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ব্রহ্মছ মিছাইলে অপাৰেশ্যন সেন্দুৰৰ সময়ত শত্রুক নিদ্রাহীন ৰাতি উপহাৰ দিলে।

সমাৱেশত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে অপাৰেশ্যন সেন্দুৰৰ সময়ত ভাৰতীয় কন্যা আৰু ভগ্নীৰ ক্রোধ কাৰ্যলৈ ৰূপান্তৰ হোৱা বিশ্বই দেখিলে। তেওঁ কয়, 'আমি তেওঁলোকৰ ঘৰৰ ভিতৰলৈ শশ মাইল সোমাই, পাকিস্তানৰ বহু ভিতৰত সন্ত্রাসবাদীৰ ঘাটিবোৰ ধ্বংস কৰিলোঁ।' প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানে পাকিস্তানক ইমানেই কঁপাই তুলিলে যে এই যুদ্ধৰ অন্ত পেলাবলৈ তেওঁলোক আহ্বান জনাবলৈ বাধ্য হ'ল। ভাৰতৰ শত্রু দেশখনলৈ কঠোৰ সকীয়নি দি প্রধানমন্ত্রীয়ে কয় যে অপাৰেশ্যন সেন্দূৰৰ সময়ত যিসকলে যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল তেওঁলোকে এই কথা পাহৰিব নালাগে যে অপাৰেশ্যন সেন্দুৰ এতিয়াও শেষ হোৱা নাই।' সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিৰ কথা জনাই প্রধানমন্ত্রীয়ে কয় যে ভাৰতে তিনিধৰণে ভাৰতৰ নীতি স্পষ্ট কৰিলে। প্রথম, ভাৰতে প্রতিটো সন্ত্রাসবাদী আক্ৰমণৰ শক্তিশালী প্রত্যুত্তৰ দিব আৰু সামৰিক বাহিনীয়ে সময়, পদ্ধতি আৰু চৰ্ত নির্ধাৰণ কৰিব। দ্বিতীয়তে ভাৰতে পাৰমাণবিক ভাবুকিত ভয় নাখায়। তৃতীয়তে, সন্ত্রাসবাদীৰ মূল ষড়যন্ত্রকাৰী তথা সিহঁতক পৃষ্ঠপোষকতা কৰা চৰকাৰৰ বিৰুদ্ধে একে ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা হ'ব।

প্রধানমন্ত্রী স্থানীয় কানপুৰীয়া ধৰণেৰেও কয়, 'দুশমন কহী ভী হো, হৌক দিয়া জায়েগা' (শত্রু য'তেই নাথাকক, সিহঁতক আক্ৰমণ কৰা হ'ব)। প্রধানমন্ত্রীয়ে কয় যে এই অভিযানে ভাৰতৰ ঘৰুৱা প্ৰতিৰক্ষা সামর্থ্যৰো আলোকপাত কৰিলে। তেওঁ কয় 'অপাৰেশ্যন সেন্দূৰৰ সময়ত বিশ্বই 'মে'ক ইন ইণ্ডিয়া' আৰু আমাৰ দেশীয় অস্ত্র-শস্ত্ৰৰ ক্ষমতা দেখিলে। আমাৰ ব্ৰহ্মছ মিছাইলে শত্ৰুৰ ভূখণ্ডত প্ৰৱেশ কৰিলে আৰু য'ত লক্ষ্য কৰি লোৱা হৈছিল ঠিক তাতে ধ্বংসযজ্ঞ পাতিলে।' প্রধানমন্ত্রীয়ে ভাৰতত বর্ধিত প্ৰতিৰক্ষা নিৰ্মাণৰ বিষয়েও কয়, বিশেষকৈ উত্তৰ প্ৰদেশত। তেওঁ কয়, 'এটা সময়ত পাৰস্পৰিক উদ্যোগবোৰ এই অঞ্চলৰ পৰা নোহোৱা হৈছিল।

এতিয়া প্ৰতিৰক্ষা খণ্ডলৈ ডাঙৰ ডাঙৰ কোম্পানীবোৰ আহিছে। আমেথিৰ ওচৰতে এ কে-২০৩ ৰাইফলৰ উৎপাদন ইতিমধ্যে আৰম্ভ হৈছে।' প্রধানমন্ত্রী মোদীয়ে শুকুৰবাৰে কানপুৰত ৪৭,৬০০ কোটি টকা ব্যয় সাপেক্ষ ১৫ টা উন্নয়ন প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এই জনসমাৱেশৰ আগতে পহলগাম আক্ৰমণত মৃত্যু হোৱা শুভম দ্বিবেদী (৩১)ৰ পৰিয়ালক সাক্ষাৎ কৰে। আনহাতে উত্তৰ প্ৰদেশৰ আগত প্রধানমন্ত্রী মোদীয়ে বিহাৰৰ কাৰাকাটত এখন জনসভাত অংশগ্ৰহণ কৰে আৰু ৪৮,৫২০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
সৰ্বকালৰ অভিলেখ ভাঙি মুক্তি ‘ৰৈ ৰৈ বিনালে’ ; প্ৰথম দৰ্শনী চাই শোকত বিহ্ৱল দৰ্শক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা