--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগাম কাণ্ডৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাই চৰম সীমা পোৱাৰ পিছতো সন্ত্রাসবাদীৰ পৃষ্ঠপোষক ইছলামাবাদ শান্ত হোৱা নাই। নতুন দিল্লীক যুদ্ধৰ বাবে উচতোৱাৰ বাবে চেষ্টাৰ কোনো ত্রুটি ৰখা নাই দেশখনৰ আইন-প্রণয়নকাৰীসকলে। 

শেহতীয়াকৈ পাকিস্তানৰ সাংসদ পলবাশ্বা মহম্মদ জেই খানে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য দি পৰিস্থিতি পুনৰ উত্তপ্ত কৰি তুলিছে। সাংসদ গৰাকীয়ে কৈছে যে অযোধ্যাত অতি সোনকালে পাকিস্তানী সেনাৰ জোৱানসকলে নতুন বাবৰি মছজিদ নিৰ্মাণ কৰিব আৰু সেই নতুন মছজিদৰ নিৰ্মাণ কাৰ্যৰ প্ৰথম টুকুৰা ইটা পাকিস্তানী সেনাই দিব। 

ইয়াৰ লগতে পাকিস্তানী সেনাৰ মূৰব্বী আছীম মুনীৰে নৱনির্মিত মছজিদত প্রথমটো আজান দিব। 

পাকিস্তানী সাংসদগৰাকীৰ এই মন্তব্যই সমগ্ৰ ভাৰততে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ