--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগাম আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত শত্ৰুতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে সমগ্ৰ পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (এল ই টি)ৰ ৰাজনৈতিক শাখা পাকিস্তান মাৰ্কাজী মুছলিম লীগে ভাৰতৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়। এই প্ৰতিবাদত ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আৰু ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত হাফিজ ছাইদৰ উচটনিমূলক ভাষণো শুনা গৈছে য’ত তেওঁ ভাৰতক ভাবুকি দিছে।

মাৰ্কাজি মুছলিম লীগে লাহোৰ, কৰাচী, ইছলামবাগ, ৰাৱালপিণ্ডি, ফৈছালাবাদ, গুজৰাণৱালা, হাফিজাবাদকে ধৰি কেইবাখনো পাকিস্তানৰ প্ৰধান চহৰত বিক্ষোভৰ আয়োজন কৰে। প্ৰতিবাদকাৰীসকলে ভাৰত বিৰোধী শ্লোগান দিয়াৰ লগতে ভাৰতে সিন্ধু নদীৰ পানী পাকিস্তানত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে। 

এই প্ৰতিবাদী ৰেলীত আয়োজকসকলে পাক সন্ত্ৰাসবাদী হাফিজ ছাইদৰ ভাষণসমূহ সম্প্ৰচাৰ কৰে। এটা ভাষণত ছাইদে ভয়ংকৰ সতৰ্কবাণী দিয়া শুনা গৈছে। তেওঁ কৈছে, ‘‘তোমালোকে পাকিস্তানৰ পানী বন্ধ কৰিলে আমি মনে মনে থাকিম বুলি ভাবিছা নেকি? শুনা, পানী বন্ধ কৰিলে আমি তোমালোকৰ উশাহ বন্ধ কৰি দিম। নদীত কেৱল তোমালোকৰ তেজহে বৈ থাকিব!’’

আনহাতে পিএমএমএলৰ নেতাসকলেও একেধৰণৰ বক্তব্য আগবঢ়াইছে। তেওঁলোকে দাবী কৰিছে যে ভাৰতে কূটনৈতিক সীমা অতিক্ৰম কৰিছে। এনেদৰে ভাৰতৰ তথাকথিত প্ৰৰোচনা অব্যাহত থাকিলে ইয়াৰ ভয়ংকৰ পৰিণতি হ’ব বুলি সকীয়াই দিছে।

উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পহলগামত ২২ এপ্ৰিলত বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল য’ত ২৬ জন লোক নিহত হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হৈছিল। লস্কৰ-ই-তৈবাৰ সৈতে জড়িত ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সামৰিক-চোৰাংচোৱা সংস্থাক সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰি কঠোৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰে। পাকিস্তানক আটাইতকৈ বেছি আঘাত দি ভাৰতে যি পদক্ষেপ লৈছে সেয়া হৈছে ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত ৰখা। পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্কত ভাৰতে তীব্ৰ বাধা আৰোপ কৰিছে আৰু ভাৰত ভ্ৰমণ কৰা সকলো পাকিস্তানী নাগৰিকৰে ভিছা বাতিল কৰি পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ