--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগাম আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত শত্ৰুতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে সমগ্ৰ পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (এল ই টি)ৰ ৰাজনৈতিক শাখা পাকিস্তান মাৰ্কাজী মুছলিম লীগে ভাৰতৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়। এই প্ৰতিবাদত ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আৰু ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত হাফিজ ছাইদৰ উচটনিমূলক ভাষণো শুনা গৈছে য’ত তেওঁ ভাৰতক ভাবুকি দিছে।

মাৰ্কাজি মুছলিম লীগে লাহোৰ, কৰাচী, ইছলামবাগ, ৰাৱালপিণ্ডি, ফৈছালাবাদ, গুজৰাণৱালা, হাফিজাবাদকে ধৰি কেইবাখনো পাকিস্তানৰ প্ৰধান চহৰত বিক্ষোভৰ আয়োজন কৰে। প্ৰতিবাদকাৰীসকলে ভাৰত বিৰোধী শ্লোগান দিয়াৰ লগতে ভাৰতে সিন্ধু নদীৰ পানী পাকিস্তানত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে। 

এই প্ৰতিবাদী ৰেলীত আয়োজকসকলে পাক সন্ত্ৰাসবাদী হাফিজ ছাইদৰ ভাষণসমূহ সম্প্ৰচাৰ কৰে। এটা ভাষণত ছাইদে ভয়ংকৰ সতৰ্কবাণী দিয়া শুনা গৈছে। তেওঁ কৈছে, ‘‘তোমালোকে পাকিস্তানৰ পানী বন্ধ কৰিলে আমি মনে মনে থাকিম বুলি ভাবিছা নেকি? শুনা, পানী বন্ধ কৰিলে আমি তোমালোকৰ উশাহ বন্ধ কৰি দিম। নদীত কেৱল তোমালোকৰ তেজহে বৈ থাকিব!’’

আনহাতে পিএমএমএলৰ নেতাসকলেও একেধৰণৰ বক্তব্য আগবঢ়াইছে। তেওঁলোকে দাবী কৰিছে যে ভাৰতে কূটনৈতিক সীমা অতিক্ৰম কৰিছে। এনেদৰে ভাৰতৰ তথাকথিত প্ৰৰোচনা অব্যাহত থাকিলে ইয়াৰ ভয়ংকৰ পৰিণতি হ’ব বুলি সকীয়াই দিছে।

উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পহলগামত ২২ এপ্ৰিলত বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল য’ত ২৬ জন লোক নিহত হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হৈছিল। লস্কৰ-ই-তৈবাৰ সৈতে জড়িত ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সামৰিক-চোৰাংচোৱা সংস্থাক সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰি কঠোৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰে। পাকিস্তানক আটাইতকৈ বেছি আঘাত দি ভাৰতে যি পদক্ষেপ লৈছে সেয়া হৈছে ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত ৰখা। পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্কত ভাৰতে তীব্ৰ বাধা আৰোপ কৰিছে আৰু ভাৰত ভ্ৰমণ কৰা সকলো পাকিস্তানী নাগৰিকৰে ভিছা বাতিল কৰি পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ