--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেক পলৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছত মাইক টাইছনে নিজৰ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে কয়। এই যুঁজখনৰ আগতে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল টাইছনে ক’লে। আচলতে টাইছনে ২০ জুলাইত পলৰ লগত যুঁজিব লাগিছিল যদিও ৫৮ বছৰীয়া টাইছনৰ আলচাৰৰ বাবে যুঁজখন পিছুৱাই দিয়া হয়। ১৬ নৱেম্বৰত জেক পলৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছত টাইছনে এক্সত মুকলিকৈ কয় আৰু জুন মাহত তেওঁৰ প্ৰায় মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। 

Mike Tyson Didn't Hesitate To Name The Only Fighter Who Would Beat Him In  His Prime - Seconds Out


এই প্ৰবীণ বক্সাৰজনে প্ৰকাশ কৰিছিল যে মে’ মাহত তেওঁ শাৰীৰিকভাৱে যথেষ্ট সুস্থ আছিল। কিন্তু বহুবাৰ তেজ সঞ্চালনৰ বাবে তেওঁ সকলো হেৰুৱাবলগীয়া হয়। বক্সাৰজনে কয় যে তেওঁ শূন্যৰ পৰাই প্ৰশিক্ষণ আৰম্ভ কৰিব লাগিব। এই প্ৰক্ৰিয়াত তেওঁ যিখিনি সফলতা লাভ কৰিলে তাক লৈ তেওঁ গৌৰৱান্বিত।

শুকুৰবাৰে মেচৰ পিছত এক সাক্ষাৎকাৰত টাইছনে কয় যে তেওঁ সঠিক অৱস্থাত বক্সিং ৰিঙত প্ৰৱেশ কৰিব। অৱশ্যে ইয়াৰ যোগেদি তেওঁ অৱসৰৰ কথাও ইংগিত দিয়ে। 

টাইছনে তেওঁৰ এক্সৰ পোষ্টত লিখিছে - ‘এইটো এনেকুৱা এটা পৰিস্থিতি যেতিয়া আপুনি পৰাস্ত হয় কিন্তু তথাপিও জয়ী হয়, যোৱা নিশাৰ বাবে মই কৃতজ্ঞ, শেষবাৰৰ বাবে ৰিঙত প্ৰৱেশ কৰাৰ কোনো আক্ষেপ নাই। জুন মাহত মোৰ প্ৰায় মৃত্যু হৈছিল। ৮ বাৰ তেজ সঞ্চালন কৰা হৈছিল। চিকিৎসালয়ত আধা তেজ আৰু ২৫ পাউণ্ড ওজন কমি যায়। তাৰ পিছত এই যুঁজখনৰ বাবে সুস্থ হ’বলৈ সংগ্ৰাম কৰিবলগীয়া হ’ল, গতিকে মই জয়ী হ’লোঁ।’

টাইছনে পোষ্টটোত আগলৈ লিখিছে,‘মোৰ ল'ৰা-ছোৱালীৰ বাবে মোক এজন প্ৰতিভাৱান যুঁজাৰুৰ সৈতে ভৰি থকা ডালাছ কাউবয় ষ্টেডিয়ামৰ সন্মুখত থিয় হৈ ৮টা ৰাউণ্ড সম্পূৰ্ণ কৰাটো এনে এক অভিজ্ঞতা যিটোৰ পিছত কোনো ব্যক্তিয়ে ইয়াতকৈ বেছি কিবা বিচৰাৰ অধিকাৰ নাই। ধন্যবাদ।’
Mike Tyson vs Jake Paul fight: Paul beat Mike Tyson by unanimous decision -  BBC News Pidgin

২০২৪ চনৰ ২০ জুলাইত টাইছন আৰু পলৰ মাজত হোৱা যুঁজখন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ২৬ মে’ত বিমান যাত্ৰাৰ সময়ত টাইছনৰ আলচাৰ ৰোগ ধৰা পৰে। ইয়াৰ পিছত মেচখন নৱেম্বৰলৈ পিছুৱাই দিয়া হয়।

টাইছনে নেটফ্লিক্সৰ তথ্যচিত্ৰ ধাৰাবাহিক ‘কাউণ্টডাউন: পল বনাম টাইছন’ত নিজৰ আৰোগ্য প্ৰক্ৰিয়াৰ বিষয়ে কৈছিল।টাইছনে কয়- মই ডাক্তৰক সুধিছিলো, মই মৰি যাম নেকি? আৰু তেওঁ কৈছিল যে নাই, ‘আমাৰ হাতত বিকল্প আছে।’ এই কথা শুনি টাইছন ভয় খাইছিল। যুঁজখনৰ পূৰ্বে টাইছনে দ্য নিউয়ৰ্কাৰ আলোচনীৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে কেনেকৈ তেওঁ আৰম্ভণিৰে পৰাই সকলো কামৰ বাবে প্ৰশিক্ষণ ল’বলগীয়া হৈছিল। কাৰণ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে তেওঁ ‘অস্বস্তিকৰ’ হৈ পৰিছিল।


১৬ নৱেম্বৰত মাইক টাইছনে ৰিঙলৈ উভতি আহে। আনহাতে এই মেচত পলৰ অভিলেখ আছিল ১০-১। মেচৰ পূৰ্বে উত্তেজনা সৃষ্টি হৈছিল কাৰণ টাইছনে ওজনৰ সময়ত পলক চৰ মাৰিছিল আৰু আনকি তেওঁ পৰাস্ত নহ’ব বুলিও কৈছিল। প্ৰায় ২০ বছৰৰ পাছত পেছাদাৰী বক্সিংলৈ ঘূৰি আহিছিল মাইক টাইছনে। অৱশ্যে তেওঁৰ উভতি অহাটো স্মৰণীয় নাছিল। জেক পলৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মহান মেচখনত তেওঁ ৭৪-৭৮ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। বিচাৰকসকলে সৰ্বসন্মতিক্ৰমে জেকক বিজয়ী ঘোষণা কৰে। প্ৰথম দুটা ৰাউণ্ডত টাইছন আগবাঢ়ি আছিল যদিও বাকী ছটা ৰাউণ্ডত তেওঁ পিছ পৰি আছিল। জেক আৰু টাইছনৰ বয়সৰ পাৰ্থক্য ৩০ বছৰৰ। ৫৮ বছৰ বয়স হোৱাৰ পিছতো টাইছনে শেষলৈকে হাৰ নামানিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক