--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেক পলৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছত মাইক টাইছনে নিজৰ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে কয়। এই যুঁজখনৰ আগতে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল টাইছনে ক’লে। আচলতে টাইছনে ২০ জুলাইত পলৰ লগত যুঁজিব লাগিছিল যদিও ৫৮ বছৰীয়া টাইছনৰ আলচাৰৰ বাবে যুঁজখন পিছুৱাই দিয়া হয়। ১৬ নৱেম্বৰত জেক পলৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছত টাইছনে এক্সত মুকলিকৈ কয় আৰু জুন মাহত তেওঁৰ প্ৰায় মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। 

Mike Tyson Didn't Hesitate To Name The Only Fighter Who Would Beat Him In  His Prime - Seconds Out


এই প্ৰবীণ বক্সাৰজনে প্ৰকাশ কৰিছিল যে মে’ মাহত তেওঁ শাৰীৰিকভাৱে যথেষ্ট সুস্থ আছিল। কিন্তু বহুবাৰ তেজ সঞ্চালনৰ বাবে তেওঁ সকলো হেৰুৱাবলগীয়া হয়। বক্সাৰজনে কয় যে তেওঁ শূন্যৰ পৰাই প্ৰশিক্ষণ আৰম্ভ কৰিব লাগিব। এই প্ৰক্ৰিয়াত তেওঁ যিখিনি সফলতা লাভ কৰিলে তাক লৈ তেওঁ গৌৰৱান্বিত।

শুকুৰবাৰে মেচৰ পিছত এক সাক্ষাৎকাৰত টাইছনে কয় যে তেওঁ সঠিক অৱস্থাত বক্সিং ৰিঙত প্ৰৱেশ কৰিব। অৱশ্যে ইয়াৰ যোগেদি তেওঁ অৱসৰৰ কথাও ইংগিত দিয়ে। 

টাইছনে তেওঁৰ এক্সৰ পোষ্টত লিখিছে - ‘এইটো এনেকুৱা এটা পৰিস্থিতি যেতিয়া আপুনি পৰাস্ত হয় কিন্তু তথাপিও জয়ী হয়, যোৱা নিশাৰ বাবে মই কৃতজ্ঞ, শেষবাৰৰ বাবে ৰিঙত প্ৰৱেশ কৰাৰ কোনো আক্ষেপ নাই। জুন মাহত মোৰ প্ৰায় মৃত্যু হৈছিল। ৮ বাৰ তেজ সঞ্চালন কৰা হৈছিল। চিকিৎসালয়ত আধা তেজ আৰু ২৫ পাউণ্ড ওজন কমি যায়। তাৰ পিছত এই যুঁজখনৰ বাবে সুস্থ হ’বলৈ সংগ্ৰাম কৰিবলগীয়া হ’ল, গতিকে মই জয়ী হ’লোঁ।’

টাইছনে পোষ্টটোত আগলৈ লিখিছে,‘মোৰ ল'ৰা-ছোৱালীৰ বাবে মোক এজন প্ৰতিভাৱান যুঁজাৰুৰ সৈতে ভৰি থকা ডালাছ কাউবয় ষ্টেডিয়ামৰ সন্মুখত থিয় হৈ ৮টা ৰাউণ্ড সম্পূৰ্ণ কৰাটো এনে এক অভিজ্ঞতা যিটোৰ পিছত কোনো ব্যক্তিয়ে ইয়াতকৈ বেছি কিবা বিচৰাৰ অধিকাৰ নাই। ধন্যবাদ।’
Mike Tyson vs Jake Paul fight: Paul beat Mike Tyson by unanimous decision -  BBC News Pidgin

২০২৪ চনৰ ২০ জুলাইত টাইছন আৰু পলৰ মাজত হোৱা যুঁজখন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ২৬ মে’ত বিমান যাত্ৰাৰ সময়ত টাইছনৰ আলচাৰ ৰোগ ধৰা পৰে। ইয়াৰ পিছত মেচখন নৱেম্বৰলৈ পিছুৱাই দিয়া হয়।

টাইছনে নেটফ্লিক্সৰ তথ্যচিত্ৰ ধাৰাবাহিক ‘কাউণ্টডাউন: পল বনাম টাইছন’ত নিজৰ আৰোগ্য প্ৰক্ৰিয়াৰ বিষয়ে কৈছিল।টাইছনে কয়- মই ডাক্তৰক সুধিছিলো, মই মৰি যাম নেকি? আৰু তেওঁ কৈছিল যে নাই, ‘আমাৰ হাতত বিকল্প আছে।’ এই কথা শুনি টাইছন ভয় খাইছিল। যুঁজখনৰ পূৰ্বে টাইছনে দ্য নিউয়ৰ্কাৰ আলোচনীৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে কেনেকৈ তেওঁ আৰম্ভণিৰে পৰাই সকলো কামৰ বাবে প্ৰশিক্ষণ ল’বলগীয়া হৈছিল। কাৰণ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে তেওঁ ‘অস্বস্তিকৰ’ হৈ পৰিছিল।


১৬ নৱেম্বৰত মাইক টাইছনে ৰিঙলৈ উভতি আহে। আনহাতে এই মেচত পলৰ অভিলেখ আছিল ১০-১। মেচৰ পূৰ্বে উত্তেজনা সৃষ্টি হৈছিল কাৰণ টাইছনে ওজনৰ সময়ত পলক চৰ মাৰিছিল আৰু আনকি তেওঁ পৰাস্ত নহ’ব বুলিও কৈছিল। প্ৰায় ২০ বছৰৰ পাছত পেছাদাৰী বক্সিংলৈ ঘূৰি আহিছিল মাইক টাইছনে। অৱশ্যে তেওঁৰ উভতি অহাটো স্মৰণীয় নাছিল। জেক পলৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মহান মেচখনত তেওঁ ৭৪-৭৮ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। বিচাৰকসকলে সৰ্বসন্মতিক্ৰমে জেকক বিজয়ী ঘোষণা কৰে। প্ৰথম দুটা ৰাউণ্ডত টাইছন আগবাঢ়ি আছিল যদিও বাকী ছটা ৰাউণ্ডত তেওঁ পিছ পৰি আছিল। জেক আৰু টাইছনৰ বয়সৰ পাৰ্থক্য ৩০ বছৰৰ। ৫৮ বছৰ বয়স হোৱাৰ পিছতো টাইছনে শেষলৈকে হাৰ নামানিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ