--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পূৰ্বে আন এক বৃহৎ হুলস্থুলৰ সৃষ্টি হৈছে। আচলতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ডুবাইৰ পৰা ইছলামবাগলৈ প্ৰেৰণ কৰিছে আই চি চি চেম্পিয়নছ ট্ৰফী। 

এতিয়া এই ট্ৰফী ভ্ৰমণৰ বাবে সাজু হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড। অৰ্থাৎ পাকিস্তানৰ বিভিন্ন স্থানত অনুৰাগীৰ মাজত এই ট্ৰফী লোৱা হ’ব। চেম্পিয়নছ ট্ৰফী ভ্ৰমণৰ কথাও ঘোষণা কৰা হৈছে। ইফালে আইচিচিয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ডাঙৰ আঘাত দিছে। অৰ্থাৎ পাকিস্তানে হয়তো ট্ৰফী ভ্ৰমণৰ বাবে প্ৰস্তুত কৰা সূচীত পৰিৱৰ্তন কৰিব লাগিব।

पाकिस्तान को बड़ा झटका, PoK नहीं जाएगी चैंपियंस ट्रॉफी, जय शाह ने उठाया बड़ा कदम


পিচিবিৰ বিৰুদ্ধে আইচিচিৰ এই সিদ্ধান্ত

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ তথ্য অনুসৰি ১৪ নৱেম্বৰত ইছলামাবাদত উপস্থিত হৈছে চেম্পিয়নছ ট্ৰফী। এতিয়া ১৬ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ অনুৰাগীৰ মাজত পাকিস্তানৰ বিভিন্ন স্থানলৈ লৈ যোৱা হ’ব ট্ৰফী। সূচী অনুসৰি এই ট্ৰফীটো স্কাৰডু, মুৰী, হুঞ্জা আৰু মুজাফ্ফৰাবাদৰ দৰে ঠাইলৈ যাব। ইয়াৰে স্কাৰডু, হুঞ্জা আৰু মুজাফ্ফৰাবাদ পাক অধীকৃত কাশ্মীৰলৈ আহে। কিন্তু পাকিস্তান ক্ৰিকেট ব’ৰ্ডক আঘাত দিছে আইচিচিয়ে। 

উল্লেখ্য যে বিচিচিআইৰ সম্পাদক জয় শ্বাহে পাক অধীকৃত কাশ্মীৰলৈ কৰা ট্ৰফী ভ্ৰমণৰ পদক্ষেপক তীব্ৰ আপত্তি আৰু গৰিহণা দিয়ে। জয় শ্বাহে আইচিচিকো এনে পৰিস্থিতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়, তাৰ পিছত আইচিচিয়ে ট্ৰফী ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰে।

উল্লেখ্য যে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ১৪ নৱেম্বৰত ঘোষণা কৰিছিল যে, ‘সাজু হওক পাকিস্তান। অহা ১৬ নৱেম্বৰৰ পৰা ইছলামবাদত আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ট্ৰফী ভ্ৰমণ, য’ত স্কাৰডু, মুৰী, হুঞ্জা আৰু মুজাফ্ফৰাবাদৰ দৰে পৰ্যটনস্থলীও ভ্ৰমণ কৰা হ’ব।

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। কিন্তু ভাৰতীয় দলে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰা আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে হাইব্ৰিড মডেলৰ বাবে পাকিস্তান সাজু নোহোৱাৰ বাবে সূচী ঘোষণা কৰাত পলম হৈছে। এনে পৰিস্থিতিত আইচিচিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ব,য’ত কোনো চৰকাৰী প্ৰতিযোগিতাৰ সূচী নোহোৱাকৈ ট্ৰফী ভ্ৰমণ হ’ব। সাধাৰণতে প্ৰতিযোগিতাখনৰ সময়সূচী কমেও ১০০ দিনৰ আগতে ঘোষণা কৰা হয়, ইয়াৰ পিছতহে ট্ৰফী ভ্ৰমণ আৰম্ভ হয়। কিন্তু এইবাৰ কিছু ব্যতিক্ৰম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী