--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পূৰ্বে আন এক বৃহৎ হুলস্থুলৰ সৃষ্টি হৈছে। আচলতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ডুবাইৰ পৰা ইছলামবাগলৈ প্ৰেৰণ কৰিছে আই চি চি চেম্পিয়নছ ট্ৰফী। 

এতিয়া এই ট্ৰফী ভ্ৰমণৰ বাবে সাজু হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড। অৰ্থাৎ পাকিস্তানৰ বিভিন্ন স্থানত অনুৰাগীৰ মাজত এই ট্ৰফী লোৱা হ’ব। চেম্পিয়নছ ট্ৰফী ভ্ৰমণৰ কথাও ঘোষণা কৰা হৈছে। ইফালে আইচিচিয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ডাঙৰ আঘাত দিছে। অৰ্থাৎ পাকিস্তানে হয়তো ট্ৰফী ভ্ৰমণৰ বাবে প্ৰস্তুত কৰা সূচীত পৰিৱৰ্তন কৰিব লাগিব।

पाकिस्तान को बड़ा झटका, PoK नहीं जाएगी चैंपियंस ट्रॉफी, जय शाह ने उठाया बड़ा कदम


পিচিবিৰ বিৰুদ্ধে আইচিচিৰ এই সিদ্ধান্ত

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ তথ্য অনুসৰি ১৪ নৱেম্বৰত ইছলামাবাদত উপস্থিত হৈছে চেম্পিয়নছ ট্ৰফী। এতিয়া ১৬ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ অনুৰাগীৰ মাজত পাকিস্তানৰ বিভিন্ন স্থানলৈ লৈ যোৱা হ’ব ট্ৰফী। সূচী অনুসৰি এই ট্ৰফীটো স্কাৰডু, মুৰী, হুঞ্জা আৰু মুজাফ্ফৰাবাদৰ দৰে ঠাইলৈ যাব। ইয়াৰে স্কাৰডু, হুঞ্জা আৰু মুজাফ্ফৰাবাদ পাক অধীকৃত কাশ্মীৰলৈ আহে। কিন্তু পাকিস্তান ক্ৰিকেট ব’ৰ্ডক আঘাত দিছে আইচিচিয়ে। 

উল্লেখ্য যে বিচিচিআইৰ সম্পাদক জয় শ্বাহে পাক অধীকৃত কাশ্মীৰলৈ কৰা ট্ৰফী ভ্ৰমণৰ পদক্ষেপক তীব্ৰ আপত্তি আৰু গৰিহণা দিয়ে। জয় শ্বাহে আইচিচিকো এনে পৰিস্থিতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়, তাৰ পিছত আইচিচিয়ে ট্ৰফী ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰে।

উল্লেখ্য যে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ১৪ নৱেম্বৰত ঘোষণা কৰিছিল যে, ‘সাজু হওক পাকিস্তান। অহা ১৬ নৱেম্বৰৰ পৰা ইছলামবাদত আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ট্ৰফী ভ্ৰমণ, য’ত স্কাৰডু, মুৰী, হুঞ্জা আৰু মুজাফ্ফৰাবাদৰ দৰে পৰ্যটনস্থলীও ভ্ৰমণ কৰা হ’ব।

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। কিন্তু ভাৰতীয় দলে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰা আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে হাইব্ৰিড মডেলৰ বাবে পাকিস্তান সাজু নোহোৱাৰ বাবে সূচী ঘোষণা কৰাত পলম হৈছে। এনে পৰিস্থিতিত আইচিচিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ব,য’ত কোনো চৰকাৰী প্ৰতিযোগিতাৰ সূচী নোহোৱাকৈ ট্ৰফী ভ্ৰমণ হ’ব। সাধাৰণতে প্ৰতিযোগিতাখনৰ সময়সূচী কমেও ১০০ দিনৰ আগতে ঘোষণা কৰা হয়, ইয়াৰ পিছতহে ট্ৰফী ভ্ৰমণ আৰম্ভ হয়। কিন্তু এইবাৰ কিছু ব্যতিক্ৰম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ