--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পৃথিৱীৰ আটাইতকৈ ধুনীয়া যুৱক হিচাপে অভিহিত এজন যুৱক সোমাল কাৰাগাৰত। ২০২১ বৰ্ষৰ পৃথিৱীৰ আটাইতকৈ ধুনীয়া মুখৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল যুৱকজনে। যুৱকজনৰ নাম পেইং তাখন। পেইং তাখন ম্যানমাৰৰ জনপ্ৰিয় মডেল আৰু অভিনেতা। ২৫ বছৰীয়া পেইং তাখনক ম্যানমাৰবাসীয়ে অত্যন্ত ভাল পায়। সুন্দৰ-সুঠাম চেহেৰা আৰু সুন্দৰ অভিনয়ৰ বাবে লাখ লাখ অনুৰাগী আছে পেইঙৰ।

তেওঁক অলপতে তিনি বছৰৰ কাৰাদণ্ড দিয়া হৈছে। কি অপৰাধ কৰিলে পেইঙে? দৰাচলতে পেইং তাখনে ২০২১ চনত ম্যানমাৰত সংঘটিত সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে এক গণ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল। সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে প্ৰতিবাদত ভাগ লোৱাৰ বাবেই পেইঙক ৩ বছৰীয়া কাৰাদণ্ডৰ শাস্তি বিহা হৈছে।

পেইং তাখনে সামৰিক অভ্যুত্থান বিৰোধী প্ৰতিবাদত প্ৰায়ে অংশগ্ৰহণ কৰিছিল আৰু অনলাইনত চৰকাৰক গৰিহণা দিয়াৰ ক্ষেত্ৰতো সৰৱ হৈ আছিল। পেইং তাখনক আঠখন সামৰিক ট্ৰাকত অহা প্ৰায় ৫০ জন সৈন্যই ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে পেইঙে আং চাং ছ্যু কীৰ মুক্তিৰ দাবীও সজোৰে উত্থাপন কৰি আহিছে।

তেওঁ ২০১৪ চনত মডেল হিচাপে নিজ কেৰিয়াৰ আৰম্ভ কৰে। ২০১৯ চনত পেইং ম্যানমাৰ টাইমছৰ 'শীৰ্ষ ১০ জন অভিনেতা'ত তালিকাভুক্ত হৈছিল। পেইং তাখনক দিয়া শাস্তিয়ে মৰ্মাহত কৰিছে তেওঁৰ অনুৰাগীসকলক।

উল্লেখযোগ্য কথাটো হ'ল প্ৰায় এবছৰ ধৰি নৃশংস সামৰিক সন্ত্ৰাসৰ বলি হ’বলগীয়া হ’ল ম্যানমাৰ। বিগত ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ জৰিয়তে দেশখনৰ শাসন নিজৰ অধীনলৈ নিছিল সামৰিক জুণ্টা চৰকাৰে। তাৰ পাছৰ পৰাই দেশখনত অব্যাহত আছে সামৰিক বাহিনীৰ নৃশংস দমন আৰু নিৰ্বিচাৰ হত্যালীলা। ম্যানমাৰত পুনৰ ৰাজনৈতিক সংকটৰ সূচনা হৈছে। দেশখনৰ সেনাবাহিনীয়ে ক্ষমতা হস্তগত কৰিছে আৰু দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰিছে। আং ছান ছ্যু কীকে ধৰি দেশখনৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক আটক কৰিছে সেনাই। সেনাই আটক কৰা নেতাসকলৰ ভিতৰত দেশখনৰ ৰাষ্ট্ৰপতি উইন মিণ্টো আছে।

আৰু পঢ়কঃ দিল্লীত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ! কৰ’নাৰ কবলত পৰিল মুখ্যমন্ত্ৰী কেজৰিৱাল


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন