--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পৃথিৱীৰ আটাইতকৈ ধুনীয়া যুৱক হিচাপে অভিহিত এজন যুৱক সোমাল কাৰাগাৰত। ২০২১ বৰ্ষৰ পৃথিৱীৰ আটাইতকৈ ধুনীয়া মুখৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল যুৱকজনে। যুৱকজনৰ নাম পেইং তাখন। পেইং তাখন ম্যানমাৰৰ জনপ্ৰিয় মডেল আৰু অভিনেতা। ২৫ বছৰীয়া পেইং তাখনক ম্যানমাৰবাসীয়ে অত্যন্ত ভাল পায়। সুন্দৰ-সুঠাম চেহেৰা আৰু সুন্দৰ অভিনয়ৰ বাবে লাখ লাখ অনুৰাগী আছে পেইঙৰ।

তেওঁক অলপতে তিনি বছৰৰ কাৰাদণ্ড দিয়া হৈছে। কি অপৰাধ কৰিলে পেইঙে? দৰাচলতে পেইং তাখনে ২০২১ চনত ম্যানমাৰত সংঘটিত সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে এক গণ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল। সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে প্ৰতিবাদত ভাগ লোৱাৰ বাবেই পেইঙক ৩ বছৰীয়া কাৰাদণ্ডৰ শাস্তি বিহা হৈছে।

পেইং তাখনে সামৰিক অভ্যুত্থান বিৰোধী প্ৰতিবাদত প্ৰায়ে অংশগ্ৰহণ কৰিছিল আৰু অনলাইনত চৰকাৰক গৰিহণা দিয়াৰ ক্ষেত্ৰতো সৰৱ হৈ আছিল। পেইং তাখনক আঠখন সামৰিক ট্ৰাকত অহা প্ৰায় ৫০ জন সৈন্যই ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে পেইঙে আং চাং ছ্যু কীৰ মুক্তিৰ দাবীও সজোৰে উত্থাপন কৰি আহিছে।

তেওঁ ২০১৪ চনত মডেল হিচাপে নিজ কেৰিয়াৰ আৰম্ভ কৰে। ২০১৯ চনত পেইং ম্যানমাৰ টাইমছৰ 'শীৰ্ষ ১০ জন অভিনেতা'ত তালিকাভুক্ত হৈছিল। পেইং তাখনক দিয়া শাস্তিয়ে মৰ্মাহত কৰিছে তেওঁৰ অনুৰাগীসকলক।

উল্লেখযোগ্য কথাটো হ'ল প্ৰায় এবছৰ ধৰি নৃশংস সামৰিক সন্ত্ৰাসৰ বলি হ’বলগীয়া হ’ল ম্যানমাৰ। বিগত ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ জৰিয়তে দেশখনৰ শাসন নিজৰ অধীনলৈ নিছিল সামৰিক জুণ্টা চৰকাৰে। তাৰ পাছৰ পৰাই দেশখনত অব্যাহত আছে সামৰিক বাহিনীৰ নৃশংস দমন আৰু নিৰ্বিচাৰ হত্যালীলা। ম্যানমাৰত পুনৰ ৰাজনৈতিক সংকটৰ সূচনা হৈছে। দেশখনৰ সেনাবাহিনীয়ে ক্ষমতা হস্তগত কৰিছে আৰু দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰিছে। আং ছান ছ্যু কীকে ধৰি দেশখনৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক আটক কৰিছে সেনাই। সেনাই আটক কৰা নেতাসকলৰ ভিতৰত দেশখনৰ ৰাষ্ট্ৰপতি উইন মিণ্টো আছে।

আৰু পঢ়কঃ দিল্লীত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ! কৰ’নাৰ কবলত পৰিল মুখ্যমন্ত্ৰী কেজৰিৱাল


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক