--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে আৰম্ভ কৰা অপাৰেচন সেন্দুৰে সমগ্ৰ পাকিস্তানক কঁপাই তুলিছে। ভাৰত চৰকাৰে গ্ৰহণ কৰা এই প্ৰতিশোধমূলক ব্যৱস্থাক সকলোৱে প্ৰশংসা কৰিছে। এতিয়া এই অপাৰেচনৰ ওপৰত এখন ছবি নিৰ্মাণ হ’বলৈ গৈ আছে আৰু ইয়াৰ নাম ৰখা হৈছে ‘অপাৰেচন সিন্দুৰ’ ।

ইতিমধ্যে এই ছবিখনৰ কথা ৰাজহুৱাকৈ ঘোষণাও কৰা হৈছে। এই ছবিখন নিকি-বিকি ভগনানী ফিল্মছ এণ্ড কণ্টেণ্ট ইঞ্জিনিয়াৰৰ বেনাৰত নিৰ্মাণ হ’ব বুলি প্ৰকাশ পাইছে। ভাইৰেল ভায়ানীয়ে প্ৰকাশ কৰিছে এই কথা। এক এ আই পোষ্টাৰৰ জৰিয়তে ছবিখনৰ কথা ঘোষণা কৰা হৈছে। পোষ্টাৰখনত এগৰাকী মহিলা সামৰিক বিষয়াই হাতত বন্দুক লৈ অভিযানৰ বাবে সাজু হোৱা দেখা গৈছে। পোষ্টাৰখনত লিখা আছে, ‘ভাৰত মাতা কি জয় অপাৰেচন সিন্দুৰ’।

আপোনালোকক জনাওঁ যে নিকি ভিকি ভগনানী ফিল্মছ আৰু দ্য কন্টেন্ট ইঞ্জিনিয়াৰে আনুষ্ঠানিকভাৱে ইয়াৰ পোষ্টাৰ মুকলি কৰাত ৰাইজে ক্ষুব্ধ হৈ ছবি নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰিছে।

এই ছবিখন জেকী ভগনানীৰ সম্পৰ্কীয় ভাতৃ বিকি ভগনানীয়ে প্ৰযোজনা কৰিব বুলি জানিব পৰা গৈছে। বিকি ভগনানীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ভাইৰেল ভায়ানীৰ ছ’চিয়েল মিডিয়াৰ পোষ্টটো শ্বেয়াৰ কৰি নিজৰ ছবিখনৰ কথা ঘোষণা কৰিছে। এই মুহূৰ্তত কেৱল ছবিখনৰ কথা ঘোষণা কৰা হৈছে। এই ছবিখনৰ মূল অভিনেতা সন্দৰ্ভত কোনো তথ্য জানিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?