--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে আৰম্ভ কৰা অপাৰেচন সেন্দুৰে সমগ্ৰ পাকিস্তানক কঁপাই তুলিছে। ভাৰত চৰকাৰে গ্ৰহণ কৰা এই প্ৰতিশোধমূলক ব্যৱস্থাক সকলোৱে প্ৰশংসা কৰিছে। এতিয়া এই অপাৰেচনৰ ওপৰত এখন ছবি নিৰ্মাণ হ’বলৈ গৈ আছে আৰু ইয়াৰ নাম ৰখা হৈছে ‘অপাৰেচন সিন্দুৰ’ ।

ইতিমধ্যে এই ছবিখনৰ কথা ৰাজহুৱাকৈ ঘোষণাও কৰা হৈছে। এই ছবিখন নিকি-বিকি ভগনানী ফিল্মছ এণ্ড কণ্টেণ্ট ইঞ্জিনিয়াৰৰ বেনাৰত নিৰ্মাণ হ’ব বুলি প্ৰকাশ পাইছে। ভাইৰেল ভায়ানীয়ে প্ৰকাশ কৰিছে এই কথা। এক এ আই পোষ্টাৰৰ জৰিয়তে ছবিখনৰ কথা ঘোষণা কৰা হৈছে। পোষ্টাৰখনত এগৰাকী মহিলা সামৰিক বিষয়াই হাতত বন্দুক লৈ অভিযানৰ বাবে সাজু হোৱা দেখা গৈছে। পোষ্টাৰখনত লিখা আছে, ‘ভাৰত মাতা কি জয় অপাৰেচন সিন্দুৰ’।

আপোনালোকক জনাওঁ যে নিকি ভিকি ভগনানী ফিল্মছ আৰু দ্য কন্টেন্ট ইঞ্জিনিয়াৰে আনুষ্ঠানিকভাৱে ইয়াৰ পোষ্টাৰ মুকলি কৰাত ৰাইজে ক্ষুব্ধ হৈ ছবি নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰিছে।

এই ছবিখন জেকী ভগনানীৰ সম্পৰ্কীয় ভাতৃ বিকি ভগনানীয়ে প্ৰযোজনা কৰিব বুলি জানিব পৰা গৈছে। বিকি ভগনানীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ভাইৰেল ভায়ানীৰ ছ’চিয়েল মিডিয়াৰ পোষ্টটো শ্বেয়াৰ কৰি নিজৰ ছবিখনৰ কথা ঘোষণা কৰিছে। এই মুহূৰ্তত কেৱল ছবিখনৰ কথা ঘোষণা কৰা হৈছে। এই ছবিখনৰ মূল অভিনেতা সন্দৰ্ভত কোনো তথ্য জানিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ