--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগী আছে বিশ্বৰ প্ৰতিটো কোণতে, যিয়ে অভিনেতাজনক অতিশয় ভাল পায়। সমগ্ৰ বিশ্বতে ছলমান খানৰ বাবে মানুহৰ মাজত উন্মাদনা দেখিবলৈ পোৱা যায় যদিও শেহতীয়াকৈ তেওঁ এনেকুৱা এটা কাম কৰিলে যাৰ বাবে তেওঁৰ অনুৰাগীসকল তেওঁৰ শত্ৰু হৈ পৰিছে। 

অপাৰেচন সিন্দূৰ আৰু ইমান দিনে ভাৰত-পাকিস্তানৰ মাজত চলি থকা যুদ্ধক লৈ মৌন হৈ থকা ছলমান খানে যোৱা নিশা টুইটাৰত এটা বিশেষ টুইট কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ বেয়াকৈ ট্ৰ’ল হ’বলৈ আৰম্ভ কৰিছে। কঠোৰ সমালোচনা আৰু ট্ৰ’লৰ সন্মুখীন হোৱা দেখি কিছু সময়ৰ পাছতে ছলমান খানে ডিলিট কৰি দিয়ে টুইটটো।  

কালি ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি ঘোষণা হোৱাৰ পাছতেই ছলমান খানে লিখিছিল- Thank god for the ceasefire.

ভাৰত-পাকৰ যুদ্ধত এটা শব্দও নোকোৱা ছলমান খানে  যেতিয়া যুদ্ধবিৰতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাকে দেখি মানুহৰ খং উঠিল। যুদ্ধবিৰতি হোৱা বাবে ভগৱানক ধন্যবাদ দিছিল ছলমান খানে। 

ছলমান খানে এই পোষ্টটো দিয়াৰ লগে লগে তেওঁৰ পোষ্টটো ভাইৰেল হৈ পৰিল আৰু অনুৰাগী আৰু ইউজাৰৰ খঙো বাঢ়ি গ’ল।  তেওঁলোকে ছলমান খানক বেয়াকৈ ট্ৰ’ল কৰিবলৈ ধৰিলে, তাকে দেখি ছলমান খানেও তেওঁৰ সেই টুইটটো ডিলিট কৰি দিয়ে। কিন্তু তেওঁৰ এই টুইটৰ স্ক্ৰীণশ্বট সমগ্ৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰাত ছলমান খান কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে। অনুৰাগীসকলে কয় যে ছলমান খানে অপাৰেচন সিন্দুৰ, ভাৰত-পাকিস্তানৰ যুদ্ধৰ ওপৰতো এটাও পোষ্ট শ্বেয়াৰ কৰা নাছিল আৰু এতিয়া যুদ্ধবিৰতিৰ ক্ষেত্ৰত তেওঁ লগেলগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ছলমান খানৰ ওপৰত খং কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এই বলীউডৰ অভিনেতাসকলক নিয়ন্ত্ৰণ কৰে পাকিস্তানত থকা ডাউদ ইব্ৰাহিমে।” আনজনে ক'লে, "এতিয়ালৈকে কিয় নিমাত আছিল?" তৃতীয়জনে লিখিছে: "ছলমান খান আপুনি লাজ পোৱা উচিত।" চতুৰ্থজনে লিখিছে, "পাকিস্তানলৈ কিয় গুচি নাযায়?"  আন এজনে লিখিছে: "তেওঁ হৃদয়ৰে পাকিস্তানী, থাকেহে ভাৰতত।" 

এনেদৰেই নানা তিৰস্কাৰৰ সন্মুখীন হৈছে বলীউডৰ ভাইজান ছলমান খান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ