--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগী আছে বিশ্বৰ প্ৰতিটো কোণতে, যিয়ে অভিনেতাজনক অতিশয় ভাল পায়। সমগ্ৰ বিশ্বতে ছলমান খানৰ বাবে মানুহৰ মাজত উন্মাদনা দেখিবলৈ পোৱা যায় যদিও শেহতীয়াকৈ তেওঁ এনেকুৱা এটা কাম কৰিলে যাৰ বাবে তেওঁৰ অনুৰাগীসকল তেওঁৰ শত্ৰু হৈ পৰিছে। 

অপাৰেচন সিন্দূৰ আৰু ইমান দিনে ভাৰত-পাকিস্তানৰ মাজত চলি থকা যুদ্ধক লৈ মৌন হৈ থকা ছলমান খানে যোৱা নিশা টুইটাৰত এটা বিশেষ টুইট কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ বেয়াকৈ ট্ৰ’ল হ’বলৈ আৰম্ভ কৰিছে। কঠোৰ সমালোচনা আৰু ট্ৰ’লৰ সন্মুখীন হোৱা দেখি কিছু সময়ৰ পাছতে ছলমান খানে ডিলিট কৰি দিয়ে টুইটটো।  

কালি ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি ঘোষণা হোৱাৰ পাছতেই ছলমান খানে লিখিছিল- Thank god for the ceasefire.

ভাৰত-পাকৰ যুদ্ধত এটা শব্দও নোকোৱা ছলমান খানে  যেতিয়া যুদ্ধবিৰতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাকে দেখি মানুহৰ খং উঠিল। যুদ্ধবিৰতি হোৱা বাবে ভগৱানক ধন্যবাদ দিছিল ছলমান খানে। 

ছলমান খানে এই পোষ্টটো দিয়াৰ লগে লগে তেওঁৰ পোষ্টটো ভাইৰেল হৈ পৰিল আৰু অনুৰাগী আৰু ইউজাৰৰ খঙো বাঢ়ি গ’ল।  তেওঁলোকে ছলমান খানক বেয়াকৈ ট্ৰ’ল কৰিবলৈ ধৰিলে, তাকে দেখি ছলমান খানেও তেওঁৰ সেই টুইটটো ডিলিট কৰি দিয়ে। কিন্তু তেওঁৰ এই টুইটৰ স্ক্ৰীণশ্বট সমগ্ৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰাত ছলমান খান কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে। অনুৰাগীসকলে কয় যে ছলমান খানে অপাৰেচন সিন্দুৰ, ভাৰত-পাকিস্তানৰ যুদ্ধৰ ওপৰতো এটাও পোষ্ট শ্বেয়াৰ কৰা নাছিল আৰু এতিয়া যুদ্ধবিৰতিৰ ক্ষেত্ৰত তেওঁ লগেলগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ছলমান খানৰ ওপৰত খং কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এই বলীউডৰ অভিনেতাসকলক নিয়ন্ত্ৰণ কৰে পাকিস্তানত থকা ডাউদ ইব্ৰাহিমে।” আনজনে ক'লে, "এতিয়ালৈকে কিয় নিমাত আছিল?" তৃতীয়জনে লিখিছে: "ছলমান খান আপুনি লাজ পোৱা উচিত।" চতুৰ্থজনে লিখিছে, "পাকিস্তানলৈ কিয় গুচি নাযায়?"  আন এজনে লিখিছে: "তেওঁ হৃদয়ৰে পাকিস্তানী, থাকেহে ভাৰতত।" 

এনেদৰেই নানা তিৰস্কাৰৰ সন্মুখীন হৈছে বলীউডৰ ভাইজান ছলমান খান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত