--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰীয়া জগতত প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে বিৰাট কোহলীয়ে ।শেহতীয়াকৈ গুগলে এছিয়াৰ সৰ্বাধিক ছাৰ্চ কৰা চেলিব্ৰিটিৰ তালিকা প্ৰকাশ কৰিছে। য’ত বিৰাট কোহলীৰ অনুৰাগীসকলে তেওঁ শীৰ্ষ ৫ ৰ ভিতৰত আছে বুলি জানি অতি সুখী অনুভৱ কৰিছে।

কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হিয়াৰ আমঠু বিৰাট কোহলী। মানুহে নিজৰ সকলো ব্যস্ততা এৰি তেওঁৰ বেটিং চাবলৈ আহে। এই কাৰণেই তেওঁৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে। গুগলে প্ৰকাশ কৰা তালিকাত এছিয়াৰ শীৰ্ষ ৫ গৰাকী সৰ্বাধিক সন্ধান কৰা চেলিব্ৰিটিৰ নাম সন্নিবিষ্ট কৰা হৈছে আৰু এই তালিকাত বিৰাট কোহলী দ্বিতীয় স্থানত আছে।

বিৰাট কোহলীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সম্ভাৱনা। কাৰণ অষ্ট্ৰেলিয়াত ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। য’ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব পাঁচখন মেচৰ টেষ্ট ছিৰিজ। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ পিটচত বিৰাট কোহলীৰ অভিলেখ ভাল। বহু মেচত ফৰ্মৰ বাহিৰত থকাৰ পাছতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাটে ৰান সংগ্ৰহ কৰা দেখি অনুৰাগীসকলে আশা কৰিছে।

গুগলে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪ চনত এছিয়াত সৰ্বাধিক সন্ধান কৰা লোকৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম স্থান দখল কৰিছে। আনহাতে, এই তালিকাত দ্বিতীয় স্থানত আছে বিৰাট কোহলী। আমোদজনক যে শ্বাহৰুখ খানে এই তালিকাত পাঁচ নম্বৰ স্থান দখল কৰিছে ৷ ইয়াৰ উপৰিও বিটিএছৰ কে-পপ ছুপাৰষ্টাৰ ভি আৰু জংকুককো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁলোক তৃতীয় আৰু চতুৰ্থ স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post