--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰীয়া জগতত প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে বিৰাট কোহলীয়ে ।শেহতীয়াকৈ গুগলে এছিয়াৰ সৰ্বাধিক ছাৰ্চ কৰা চেলিব্ৰিটিৰ তালিকা প্ৰকাশ কৰিছে। য’ত বিৰাট কোহলীৰ অনুৰাগীসকলে তেওঁ শীৰ্ষ ৫ ৰ ভিতৰত আছে বুলি জানি অতি সুখী অনুভৱ কৰিছে।

কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হিয়াৰ আমঠু বিৰাট কোহলী। মানুহে নিজৰ সকলো ব্যস্ততা এৰি তেওঁৰ বেটিং চাবলৈ আহে। এই কাৰণেই তেওঁৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে। গুগলে প্ৰকাশ কৰা তালিকাত এছিয়াৰ শীৰ্ষ ৫ গৰাকী সৰ্বাধিক সন্ধান কৰা চেলিব্ৰিটিৰ নাম সন্নিবিষ্ট কৰা হৈছে আৰু এই তালিকাত বিৰাট কোহলী দ্বিতীয় স্থানত আছে।

বিৰাট কোহলীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ সম্ভাৱনা। কাৰণ অষ্ট্ৰেলিয়াত ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। য’ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব পাঁচখন মেচৰ টেষ্ট ছিৰিজ। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ পিটচত বিৰাট কোহলীৰ অভিলেখ ভাল। বহু মেচত ফৰ্মৰ বাহিৰত থকাৰ পাছতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাটে ৰান সংগ্ৰহ কৰা দেখি অনুৰাগীসকলে আশা কৰিছে।

গুগলে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪ চনত এছিয়াত সৰ্বাধিক সন্ধান কৰা লোকৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম স্থান দখল কৰিছে। আনহাতে, এই তালিকাত দ্বিতীয় স্থানত আছে বিৰাট কোহলী। আমোদজনক যে শ্বাহৰুখ খানে এই তালিকাত পাঁচ নম্বৰ স্থান দখল কৰিছে ৷ ইয়াৰ উপৰিও বিটিএছৰ কে-পপ ছুপাৰষ্টাৰ ভি আৰু জংকুককো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁলোক তৃতীয় আৰু চতুৰ্থ স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ