--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাওক ৰাষ্ট্ৰীয় আইকন হিচাপে নিযুক্তি দিয়া হ’ব৷ ভাৰতৰ নিৰ্বাচন আয়োগে আজি এই তথ্য সদৰী কৰিছে৷ 

নিৰ্বাচন আয়োগে কৈছে যে আয়োগে অভিনেতা ৰাজকুমাৰ ৰাওক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় আইকন হিচাপে নিযুক্তি দিব৷

বৃহস্পতিবাৰে এই সন্দৰ্ভত এক আনুষ্ঠানিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি ঘোষণা নিৰ্বাচনী সংস্থাটোৱে৷
ভাৰতৰ নিৰ্বাচন আয়োগে এইমাহৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে অহামাহত ভাৰতৰ পাঁচখন ৰাজ্যৰ ১৬১ নিযুতৰো অধিক লোকে বিধানসভা নিৰ্বাচনত ভোটদান কৰিব।

মিজোৰামত ৭ নৱেম্বৰত ভোটদান অনুষ্ঠিত হ’ব৷ ছত্তীশগড়ৰ ৯০খন আসনৰ নিৰ্বাচন  ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব৷

মধ্য প্ৰদেশ আৰু তেলেংগানাত ক্ৰমান্বয়ে ১৭ আৰু ৩০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।

আনহাতে ৰাজস্থানত ২৫ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।
ভোটসমূহ ৩ ডিচেম্বৰত গণনা কৰা হ’ব৷

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে লগতে কৈছিল যে এই ৰাজ্যসমূহৰ নিৰ্বাচনে এক বিশেষ গুৰুত্ব বহন কৰিছে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ