--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাওক ৰাষ্ট্ৰীয় আইকন হিচাপে নিযুক্তি দিয়া হ’ব৷ ভাৰতৰ নিৰ্বাচন আয়োগে আজি এই তথ্য সদৰী কৰিছে৷ 

নিৰ্বাচন আয়োগে কৈছে যে আয়োগে অভিনেতা ৰাজকুমাৰ ৰাওক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় আইকন হিচাপে নিযুক্তি দিব৷

বৃহস্পতিবাৰে এই সন্দৰ্ভত এক আনুষ্ঠানিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি ঘোষণা নিৰ্বাচনী সংস্থাটোৱে৷
ভাৰতৰ নিৰ্বাচন আয়োগে এইমাহৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে অহামাহত ভাৰতৰ পাঁচখন ৰাজ্যৰ ১৬১ নিযুতৰো অধিক লোকে বিধানসভা নিৰ্বাচনত ভোটদান কৰিব।

মিজোৰামত ৭ নৱেম্বৰত ভোটদান অনুষ্ঠিত হ’ব৷ ছত্তীশগড়ৰ ৯০খন আসনৰ নিৰ্বাচন  ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব৷

মধ্য প্ৰদেশ আৰু তেলেংগানাত ক্ৰমান্বয়ে ১৭ আৰু ৩০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।

আনহাতে ৰাজস্থানত ২৫ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।
ভোটসমূহ ৩ ডিচেম্বৰত গণনা কৰা হ’ব৷

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে লগতে কৈছিল যে এই ৰাজ্যসমূহৰ নিৰ্বাচনে এক বিশেষ গুৰুত্ব বহন কৰিছে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত