--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিক্ষা!এখন দেশৰ সামাজিক উত্তৰণৰ মূল চাবি-কাঠি৷শিক্ষাৰ দ্বাৰাই পৃথিৱীৰ বহু জাতিয়ে বৌদ্ধিক আৰু সামাজিক উন্নয়নৰ বাট প্ৰশস্ত কৰিছে৷এতিয়া এই শিক্ষাৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষয়ো আনিব বিচাৰিছে এক আমূল পৰিৱৰ্তন৷

বিদ্যালয়ৰ পাঠ্যক্ৰম পুনৰীক্ষণৰ বাবে নেশ্যনেল কাউন্সিল অৱ্ এডুকেশ্যনেল ৰিছাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি)ৰ দ্বাৰা গঠন কৰা এখন উচ্চস্তৰীয় সমিতিয়ে বিশেষ পৰামৰ্শ আগবঢ়াইছে৷সমিতিখনে ‘ইণ্ডিয়া’ নামটো পাঠ্যপুথিত ‘ভাৰত’ কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷তদুপৰি পাঠ্যক্ৰমৰ পৰা প্ৰাচীন ইতিহাস বা Ancient Historyৰ ঠাইত ‘ক্লাছিকেল হিষ্ট্ৰী’ৰ প্ৰৱৰ্তন কৰা পৰামৰ্শ প্ৰদান কৰিছে। ইতিমধ্যে এই সমগ্ৰ পৰামৰ্শৱলী বুধবাৰে কমিটিৰ অধ্যক্ষ চি আই ইচ্ছাকে জানিবলৈ দিয়ে৷


ইচ্ছাকে কয় যে সাতজনীয়া কমিটীয়ে সৰ্বসন্মতিক্ৰমে দিয়া পৰামৰ্শই সমাজ বিজ্ঞানৰ ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন আনিব,যিখন হ’ব নতুন এনচিইআৰটি পাঠ্যপুথি প্ৰণয়নৰ বাবে ভেটি স্থাপনৰ মূল নিৰ্দেশনামূলক নথি।


ইচ্ছাকে কয় যে,ভাৰত যুগ যুগ ধৰি চলি অহা এটা নাম। ভাৰত নামৰ ব্যৱহাৰ ৭,০০০ বছৰ পুৰণি৷বিষ্ণু পুৰাণৰ দৰে প্ৰাচীন গ্ৰন্থতো ইয়াৰ উল্লেখ পোৱা যায় ৷লগতে তেওঁ কয়, ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপনৰ পাছতহে ইণ্ডিয়া শব্দটো সাধাৰণতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল তথা ১৭৫৭ চনত পলাশীৰ যুদ্ধৰ পাছতহে সৰ্বাত্মক ব্যৱহাৰ কৰা হৈছিল। সেয়েহে কমিটীয়ে সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিছে যে ‘ভাৰত’ নামটো সকলো শ্ৰেণীৰ সমগ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিত ব্যৱহাৰ কৰিব লাগে ৷

ইচ্ছাকে আৰু কয় যে ২০২১ চনত এনচিইআৰটিয়ে গঠন কৰা ২৫খন কমিটীৰ ভিতৰত এখন অন্যতম কমিটীয়ে বিভিন্ন বিষয় আৰু বিষয়বস্তুৰ ওপৰত নথি প্ৰস্তুত কৰাৰ বাবে পাঠ্যপুথিসমূহত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ক্লাছিকেল হিষ্ট্ৰী’ৰ প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ দিছে।তেওঁ কয় যে ব্ৰিটিছে ভাৰতীয় ইতিহাসক তিনিটা পৰ্যায়ত বিভক্ত কৰিছিল – প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক৷কিন্তু এতিয়াৰ প্ৰজন্ম ভাৰতৰ বৈজ্ঞানিক জ্ঞান আৰু প্ৰগতিৰ বিষয়ে অজ্ঞাত। কিন্তু সেই যুগত ভাৰতৰ কৃতিত্বৰ বহু উদাহৰণ আছে৷যাৰ ভিতৰত সৌৰজগতৰ আৰ্হিৰ ওপৰত আৰ্য্যভট্টৰ কাম আদি উল্লেখযোগ্য।ইয়াৰ উপৰিও সকলো বিষয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS) প্ৰৱৰ্তনৰ পৰামৰ্শও কমিটীয়ে প্ৰদান কৰিছে ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ