--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিক্ষা!এখন দেশৰ সামাজিক উত্তৰণৰ মূল চাবি-কাঠি৷শিক্ষাৰ দ্বাৰাই পৃথিৱীৰ বহু জাতিয়ে বৌদ্ধিক আৰু সামাজিক উন্নয়নৰ বাট প্ৰশস্ত কৰিছে৷এতিয়া এই শিক্ষাৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষয়ো আনিব বিচাৰিছে এক আমূল পৰিৱৰ্তন৷

বিদ্যালয়ৰ পাঠ্যক্ৰম পুনৰীক্ষণৰ বাবে নেশ্যনেল কাউন্সিল অৱ্ এডুকেশ্যনেল ৰিছাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি)ৰ দ্বাৰা গঠন কৰা এখন উচ্চস্তৰীয় সমিতিয়ে বিশেষ পৰামৰ্শ আগবঢ়াইছে৷সমিতিখনে ‘ইণ্ডিয়া’ নামটো পাঠ্যপুথিত ‘ভাৰত’ কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷তদুপৰি পাঠ্যক্ৰমৰ পৰা প্ৰাচীন ইতিহাস বা Ancient Historyৰ ঠাইত ‘ক্লাছিকেল হিষ্ট্ৰী’ৰ প্ৰৱৰ্তন কৰা পৰামৰ্শ প্ৰদান কৰিছে। ইতিমধ্যে এই সমগ্ৰ পৰামৰ্শৱলী বুধবাৰে কমিটিৰ অধ্যক্ষ চি আই ইচ্ছাকে জানিবলৈ দিয়ে৷


ইচ্ছাকে কয় যে সাতজনীয়া কমিটীয়ে সৰ্বসন্মতিক্ৰমে দিয়া পৰামৰ্শই সমাজ বিজ্ঞানৰ ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন আনিব,যিখন হ’ব নতুন এনচিইআৰটি পাঠ্যপুথি প্ৰণয়নৰ বাবে ভেটি স্থাপনৰ মূল নিৰ্দেশনামূলক নথি।


ইচ্ছাকে কয় যে,ভাৰত যুগ যুগ ধৰি চলি অহা এটা নাম। ভাৰত নামৰ ব্যৱহাৰ ৭,০০০ বছৰ পুৰণি৷বিষ্ণু পুৰাণৰ দৰে প্ৰাচীন গ্ৰন্থতো ইয়াৰ উল্লেখ পোৱা যায় ৷লগতে তেওঁ কয়, ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপনৰ পাছতহে ইণ্ডিয়া শব্দটো সাধাৰণতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল তথা ১৭৫৭ চনত পলাশীৰ যুদ্ধৰ পাছতহে সৰ্বাত্মক ব্যৱহাৰ কৰা হৈছিল। সেয়েহে কমিটীয়ে সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিছে যে ‘ভাৰত’ নামটো সকলো শ্ৰেণীৰ সমগ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিত ব্যৱহাৰ কৰিব লাগে ৷

ইচ্ছাকে আৰু কয় যে ২০২১ চনত এনচিইআৰটিয়ে গঠন কৰা ২৫খন কমিটীৰ ভিতৰত এখন অন্যতম কমিটীয়ে বিভিন্ন বিষয় আৰু বিষয়বস্তুৰ ওপৰত নথি প্ৰস্তুত কৰাৰ বাবে পাঠ্যপুথিসমূহত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ক্লাছিকেল হিষ্ট্ৰী’ৰ প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ দিছে।তেওঁ কয় যে ব্ৰিটিছে ভাৰতীয় ইতিহাসক তিনিটা পৰ্যায়ত বিভক্ত কৰিছিল – প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক৷কিন্তু এতিয়াৰ প্ৰজন্ম ভাৰতৰ বৈজ্ঞানিক জ্ঞান আৰু প্ৰগতিৰ বিষয়ে অজ্ঞাত। কিন্তু সেই যুগত ভাৰতৰ কৃতিত্বৰ বহু উদাহৰণ আছে৷যাৰ ভিতৰত সৌৰজগতৰ আৰ্হিৰ ওপৰত আৰ্য্যভট্টৰ কাম আদি উল্লেখযোগ্য।ইয়াৰ উপৰিও সকলো বিষয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS) প্ৰৱৰ্তনৰ পৰামৰ্শও কমিটীয়ে প্ৰদান কৰিছে ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক