--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআৰু কিছুদিন পিছতে অনুষ্ঠিত হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। এইবাৰো ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ব্যহাৰ কৰা নহয় ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)। দেশত ২০০৪ চনৰ পৰা চাৰিটা লোকসভা নিৰ্বাচন আৰু ১২৭ টা বিধানসভা নিৰ্বাচনত ব্যৱহৃত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰিয়েই ভোটগ্ৰহণ কৰা হৈছে। কিন্তু ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ সদস্য আৰু ৰাজ্যিক বিধান পৰিষদৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ ই ভি এম ব্যৱহাৰ কৰা হোৱা নাই বা এইবাৰো নহয়।দৰাচলতে ইভিএম হৈছে এনে এটা প্ৰযুক্তি টি প্ৰযুক্তিয়ে  লোকসভা আৰু বিধানসভাৰ দৰে প্ৰত্যক্ষ নিৰ্বাচনত ভোট সংগ্ৰহকাৰী যন্ত্ৰ  হিচাপে কাম কৰিব পাৰে। কিন্তু এই যন্ত্ৰই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোনো ধৰণে সহায় কৰিব নোৱাৰে।

 কাৰণ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিগৰাকী ভোটাৰে দিয়া ভোটৰ মূল্য ৰাজ্যভেদে বেলেগ বেলেগ হয়।
ইয়াৰ বিপৰীতে লোকসভা অথবা বিধানসভাত ভোটদান কৰা প্ৰতিগৰাকী ভোটাৰৰেই ভোটৰ মূল্য একে।
এনে নিৰ্বাচনসমূহত ভোটাৰসকলে তেওঁলোকে ভোট দিব বিচৰা প্ৰাৰ্থীৰ নামৰ কাষৰ বুটামটো টিপিব লাগে  আৰু সৰ্বাধিক ভোট লাভ কৰা প্ৰাৰ্থীক নিৰ্বাচিত বুলি ঘোষণা কৰা হয়।

আনহাতে, ৰাষ্ট্ৰপতিক  সমানুপাতিক প্ৰতিনিধিত্ব প্ৰণালীৰ ভিত্তিত নিৰ্বাচন কৰা হয়। এই ব্যৱস্থাটো এতিয়াও ইভিএমত সংলগ্ন কৰা হোৱা নাই? এইবেলি জম্মু-কাশ্মীৰত নিৰ্বাচিত বিধানসভা নথকাৰ বাবে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটাৰৰ ভোটৰ মূল্যও হ্ৰাস পাব।

১৯৭৪ চনত ১৮২ জনীয়া গুজৰাট বিধানসভা মাৰ্চ মাহত ভংগ কৰা হৈছিল।  লক্ষণীয় যে ১৯৯৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন সংসদ সদস্যৰ ভোটৰ মূল্য ৭০৮ নিৰ্ধাৰণ কৰা হৈছিল। 

১৯৫২ চনত প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এজন সাংসদৰ ভোটৰ মূল্য আছিল ৪৯৪, আৰু পিছত ১৯৫৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৪৯৬ লৈ বৃদ্ধি হয়, তাৰ পিছত ৪৯৩ (১৯৬২), ৫৭৬ (১৯৬৭ আৰু ১৯৬৯)। ১৯৭৭ চনৰ পৰা ১৯৯২ চনলৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাংসদৰ ভোটৰ মূল্য ৭০২  নিৰ্ধাৰণ কৰা হৈছিল৷ প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য বিভিন্ন ৰাজ্যত ভিন্ন হয় ।জনসংখ্যা আৰু ৰাজ্যৰ আকাৰ অনুসৰি ৰাজ্য ভেদে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিয়া ভোটৰৰ ভোটৰ মূল্য বেলেগবেলেগ হয়। সেইমতে  উত্তৰ প্ৰদেশত প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য ২০৮, তাৰ পিছত ঝাৰখণ্ড আৰু তামিলনাডুত ১৭৬ , আনহাতে মহাৰাষ্ট্ৰত ১৭৫। ছিকিমত, প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য ৭, আনহাতে নাগালেণ্ডত ৯ আৰু মিজোৰামত ৮।

 হায়দৰাবাদৰ ইলেক্ট্ৰনিক্স কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড (ইচিআইএল)-এ আৰ্হি তৈয়াৰ কৰা ইভিএমবোৰ এনে ধৰণৰ ভিন্ন মূল্যৰ ভোট পঞ্জীয়ন কৰিব পৰাকৈ প্ৰস্তুত কৰা হোৱা নাই। সেইবাবেই এনে যন্ত্ৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ব্যৱহাৰ কৰিব পৰা নাযাব। উল্লেখ্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২৪ জুলাইত তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব। সেইবাবেই তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচিত কৰিবলৈ ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement