--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২ৰ বাবে শাসকীয় বিজেপি দলে কঁকালত টঙালি বান্ধিছে। এনেসময়তে বহি থকা নাই বিৰোধীয়েও। অৱশ্যে দেশৰ ১১ খন ৰাজ্যত বিজেপি শাসিত ৰাজ্য থকাৰ লগতে লোকসভা আৰু ৰাজ্যসভাতো বিজেপিৰ প্ৰতাপ বিৰোধীতকৈ বহু বেছি এনে পৰিস্থিতিত বিৰোধীয়ে বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক প্ৰত্যাহ্বান জনাব পাৰিবনে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছে। 

বিৰোধী দলসমূহে এতিয়াও উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ বিষয়ত ঐক্যমতত উপনীত হ’ব পৰা নাই। এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী শিবিৰক ঐক্যবদ্ধ কৰাৰ কামত উঠি-পৰি লাগিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মমতা বেনাৰ্জীয়ে। 

ইয়াৰ পূৰ্বেও মমতাই এনডিএৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনত বিৰোধীক ঐক্যবদ্ধ কৰাৰ চেষ্টা চলোৱাৰ নজিৰ আছে। যিকিনহওখ, এইবাৰো ৰাষ্ট্ৰপতি নিভাচনৰ প্ৰাকমুহূৰ্তত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যুটীয়া ৰণনীতি প্ৰস্তুত কৰিবলৈ ১৫ জুনত নতুন দিল্লীত বিৰোধী দলৰ নেতাসকলৰএখন বৈঠকত আহ্বান কৰিছে।মমতাই ৰাষ্ট্ৰপতি নিৰ্বাচনক উপলক্ষ্য হিচাবে লৈ  ২২ গৰাকী বিৰোধী দলৰ নেতালৈ পত্ৰ লিখিছে।

পত্ৰত বেনাৰ্জীয়ে  ১৫ জুনত দিল্লীৰ কনষ্টিটিউচন ক্লাবত বিৰোধী দলৰ নেতাসকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে।  এইপ্ৰসংত টিএমচিয়ে টুইটাৰত কয়, "আমাৰ মাননীয় অধ্যক্ষ মমতা বেনাৰ্জীয়ে  সকলো প্ৰগতিশীল বিৰোধী শক্তিক ২০২২ চনৰ ১৫ জুনত আবেলি ৩ বজাত নতুন দিল্লীৰ সংবিধান ক্লাবত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ত  ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰিছে।" পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, তামিলনাডুৰ এম কে ষ্টালিন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। 

উল্লেখ্য জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেই  মমতা বেনাৰ্জীৰ লগতে ডিএমকে, চিপিআই, চিপিআই-এম আৰু আপৰ নেতাসকলৰ সৈতে ৰাষ্ট্ৰপতি নিৰ্বাচনত উমৈহতীয়া বিৰোধী প্ৰাৰ্থীদিয়াৰ  বাবে আলোচনা কৰি আছে।  ইয়াৰ আগতে ছোনিয়া গান্ধীয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছিল। এম কে ষ্টালিন, উদ্ধৱ ঠাকৰে, এনচিপিৰ সৰ্বোচ্চ নেতা শৰদ পাৱাৰ আৰু চিপিআই-এম নেতা সীতাৰাম য়েচুৰীয়েও  ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ সপক্ষে কৈ আহিছে। 

এনে পৰিস্থিতিত বিৰোধীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত এগৰাকী উমৈহতীয়া প্ৰাৰ্থী দিয়াটো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য  ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ ১৮ জুলাইত অনুষ্ঠিত হ'ব। সাংসদ আৰু বিধায়কক লৈ গঠিত প্ৰায় ৪,৮০৯ জন ভোটাৰে পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট দান কৰিব। বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ'ব। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ