--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনদিয়েক আগেয়ে তেওঁৰ অভিনীত ছবি ‘দ্য কাশ্মীৰ ফাইলছৰ’ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। অভিনেতা অনুপম খেৰে এইবাৰ সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক। মোদীৰ হাতত তুলি দিলে অনুপমৰ মাতৃয়ে নিজ হাতে তৈয়াৰ কৰা ৰুদ্ৰাক্ষৰ মালা। প্ৰবীণ অভিনেতাজনে টুইটাৰত প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাত্‍ৰ আলোকচিত্ৰও শ্বেয়াৰ কৰিছে।

কেপচনত অনুপমে খেৰে লিখিছে, ‘শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, আজি আপোনাক লগ পাই মনটো ভৰি পৰিছে। আপুনি দেশৰ জনসাধাৰণৰ বাবে যিদৰে কঠোৰ পৰিশ্ৰম কৰি গৈছে, এয়া অনুপ্ৰেৰণাদায়ক। আপোনাৰ সুৰক্ষাৰ বাবে মোৰ মাতৃয়ে প্ৰেৰণ কৰা ৰুদ্ৰাক্ষৰ মালা আপুনি ইমান সন্মান সহকাৰে গ্ৰহণ কৰিছে, এই কথা মই চিৰদিন মনত ৰাখিম। জয় হো। জয় হিন্দ।’

বিশিষ্ট অভিনেতাজনৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, ‘বহুত বহুত ধন্যবাদ অনুপম খেৰজী। এয়া কেবল শ্ৰদ্ধেয় মাতাজী আৰু দেশবাসীৰ আশীৰ্বাদ, যিয়ে মোক  নিৰন্তৰ দেশ মাতৃৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে।’

স্মৰ্তব্য যে, অলপতে মুক্তি পোৱা ছবি 'দ্য কাশ্মীৰ ফাইলছ'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অনুপম খেৰে। ছবিখনত তেওঁক এজন কাশ্মীৰী পণ্ডিতৰ চৰিত্ৰত দেখা গৈছে। বিগত শতিকাৰ ’৯০ ৰ দশকৰ আৰম্ভণিতে কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ অত্যাচাৰৰ বিষয়ে ছবিখনে তুলি ধৰিবলৈ চেষ্টা কৰিছিল। ছবিখন মুক্তিৰ লগে লগে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ