--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনদিয়েক আগেয়ে তেওঁৰ অভিনীত ছবি ‘দ্য কাশ্মীৰ ফাইলছৰ’ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। অভিনেতা অনুপম খেৰে এইবাৰ সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক। মোদীৰ হাতত তুলি দিলে অনুপমৰ মাতৃয়ে নিজ হাতে তৈয়াৰ কৰা ৰুদ্ৰাক্ষৰ মালা। প্ৰবীণ অভিনেতাজনে টুইটাৰত প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাত্‍ৰ আলোকচিত্ৰও শ্বেয়াৰ কৰিছে।

কেপচনত অনুপমে খেৰে লিখিছে, ‘শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, আজি আপোনাক লগ পাই মনটো ভৰি পৰিছে। আপুনি দেশৰ জনসাধাৰণৰ বাবে যিদৰে কঠোৰ পৰিশ্ৰম কৰি গৈছে, এয়া অনুপ্ৰেৰণাদায়ক। আপোনাৰ সুৰক্ষাৰ বাবে মোৰ মাতৃয়ে প্ৰেৰণ কৰা ৰুদ্ৰাক্ষৰ মালা আপুনি ইমান সন্মান সহকাৰে গ্ৰহণ কৰিছে, এই কথা মই চিৰদিন মনত ৰাখিম। জয় হো। জয় হিন্দ।’

বিশিষ্ট অভিনেতাজনৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, ‘বহুত বহুত ধন্যবাদ অনুপম খেৰজী। এয়া কেবল শ্ৰদ্ধেয় মাতাজী আৰু দেশবাসীৰ আশীৰ্বাদ, যিয়ে মোক  নিৰন্তৰ দেশ মাতৃৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে।’

স্মৰ্তব্য যে, অলপতে মুক্তি পোৱা ছবি 'দ্য কাশ্মীৰ ফাইলছ'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অনুপম খেৰে। ছবিখনত তেওঁক এজন কাশ্মীৰী পণ্ডিতৰ চৰিত্ৰত দেখা গৈছে। বিগত শতিকাৰ ’৯০ ৰ দশকৰ আৰম্ভণিতে কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ অত্যাচাৰৰ বিষয়ে ছবিখনে তুলি ধৰিবলৈ চেষ্টা কৰিছিল। ছবিখন মুক্তিৰ লগে লগে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ