--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অসম ভ্ৰমণলৈ আহিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ অসম ভ্ৰমণ লৈ আহিছে ৰাজনাথ সিং। বাংলাদেশৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা ৯গৰাকী সৈনিকৰ বিধবা পত্নী, আঘাতপ্ৰাপ্ত সৈনিক, দুগৰাকী যুদ্ধ বন্দী সৈনিকৰ লগতে এই যুদ্ধত অংশগ্ৰহণ কৰা ৭২গৰাকী সৈনিকক প্ৰথমবাৰৰ বাবে ৰাজহুৱা সৰ্ম্বধনা জনোৱাৰ উদ্দেশ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা ৰাজহুৱা সৰ্ম্বধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। 

সেনা জোৱানৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়াতে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। প্ৰসংগক্ৰমে ৰাজনাথ সিংঙে কয় যে, ‘বিৰোধী ৰাজনৈতিক দলসমূহে কেতিয়াবা জোৱানসকলক লৈ তৰল মন্তব্য কৰে৷ তেতিয়াই সমগ্ৰ দেশৰ লগতে মই নিজেও যথেষ্ট দুখী অনুভৱ কৰো৷’

লগতে তেওঁ কয় যে, উত্তৰ-পূবৰ পৰা দেশ-মাতৃক সেৱা কৰিবলৈ যথেষ্ট লোক যায়। উত্তৰ-পূবৰ পৰা প্ৰায় ৪০ হাজাৰ লোকে ভাৰতীয় সেনা বাহিনীত জড়িত হৈ আছে। তদুপৰি ভাৰত-বাংলাৰ সীমান্ত বৰ্তমান যথেষ্ট শান্ত, কাৰণ ভাৰত-বাংলাদেশৰ সৈতে যথেষ্ট বুজাবুজি আছে। উত্তৰ-পূবৰ পৰা AFSPA প্ৰায় উঠাই দিয়া হৈছে। উগ্ৰপন্থী সংমস্যাটোও  আমাৰ চৰকাৰে নিৰ্মূল কৰিবই৷ প্ৰয়োজনত সীমান্তত গৈ উগ্ৰপন্থীৰ সৈতে যুদ্ধ কৰিবলৈও কোণ্ঠাবোধ নকৰো৷

এই অনুষ্ঠানতে অসম চৰকাৰৰ ফালৰ পৰা শ্বহীদ পৰিয়ালক ৫০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে। প্ৰাক্তন সৈনিকৰ বাবে আৰু ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ২ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰে। প্ৰাক্তন সৈনিকৰ সন্তানৰ বাবেও ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। 

তদুপৰি নিহত সৈনিকৰ নিকটাত্মীয় পৰিয়ালৰ এগৰাকী সদস্যক আৰু শাৰীৰিক অক্ষমতাৰ বাবে সেনাবাহিনীৰ পৰা অব্যাহতি লোৱা ব্যক্তিৰ বাবে চৰকাৰী চাকৰি ব্যৱস্থা কৰা হৈছে। প্ৰাক্তন সৈনিকসকলক গৃহ সম্পত্তি কৰৰ পৰা ৰেহাই দিয়া হৈছে আৰু প্ৰাক্তন সৈনিকসকলৰ অনুদানমূলক স্বাস্থ্য আঁচনিৰ বাবে চিকিৎসালয়সমূহৰ সৈতে বুজাবুজি চুক্তি কৰা হৈছে। 

সেনা জোৱানৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ মুখ্যমন্ত্ৰীৰ। ভাৰত-বাংলাদেশৰ ১৯৭১ চনৰ যুদ্ধত ৰাজ্যৰ যিসকল সেনাই দেশ ৰক্ষাত অৰিহণা যোগাইছিল সেইসকলক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement