--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অসম ভ্ৰমণলৈ আহিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ অসম ভ্ৰমণ লৈ আহিছে ৰাজনাথ সিং। বাংলাদেশৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা ৯গৰাকী সৈনিকৰ বিধবা পত্নী, আঘাতপ্ৰাপ্ত সৈনিক, দুগৰাকী যুদ্ধ বন্দী সৈনিকৰ লগতে এই যুদ্ধত অংশগ্ৰহণ কৰা ৭২গৰাকী সৈনিকক প্ৰথমবাৰৰ বাবে ৰাজহুৱা সৰ্ম্বধনা জনোৱাৰ উদ্দেশ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা ৰাজহুৱা সৰ্ম্বধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। 

সেনা জোৱানৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়াতে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। প্ৰসংগক্ৰমে ৰাজনাথ সিংঙে কয় যে, ‘বিৰোধী ৰাজনৈতিক দলসমূহে কেতিয়াবা জোৱানসকলক লৈ তৰল মন্তব্য কৰে৷ তেতিয়াই সমগ্ৰ দেশৰ লগতে মই নিজেও যথেষ্ট দুখী অনুভৱ কৰো৷’

লগতে তেওঁ কয় যে, উত্তৰ-পূবৰ পৰা দেশ-মাতৃক সেৱা কৰিবলৈ যথেষ্ট লোক যায়। উত্তৰ-পূবৰ পৰা প্ৰায় ৪০ হাজাৰ লোকে ভাৰতীয় সেনা বাহিনীত জড়িত হৈ আছে। তদুপৰি ভাৰত-বাংলাৰ সীমান্ত বৰ্তমান যথেষ্ট শান্ত, কাৰণ ভাৰত-বাংলাদেশৰ সৈতে যথেষ্ট বুজাবুজি আছে। উত্তৰ-পূবৰ পৰা AFSPA প্ৰায় উঠাই দিয়া হৈছে। উগ্ৰপন্থী সংমস্যাটোও  আমাৰ চৰকাৰে নিৰ্মূল কৰিবই৷ প্ৰয়োজনত সীমান্তত গৈ উগ্ৰপন্থীৰ সৈতে যুদ্ধ কৰিবলৈও কোণ্ঠাবোধ নকৰো৷

এই অনুষ্ঠানতে অসম চৰকাৰৰ ফালৰ পৰা শ্বহীদ পৰিয়ালক ৫০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে। প্ৰাক্তন সৈনিকৰ বাবে আৰু ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ২ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰে। প্ৰাক্তন সৈনিকৰ সন্তানৰ বাবেও ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। 

তদুপৰি নিহত সৈনিকৰ নিকটাত্মীয় পৰিয়ালৰ এগৰাকী সদস্যক আৰু শাৰীৰিক অক্ষমতাৰ বাবে সেনাবাহিনীৰ পৰা অব্যাহতি লোৱা ব্যক্তিৰ বাবে চৰকাৰী চাকৰি ব্যৱস্থা কৰা হৈছে। প্ৰাক্তন সৈনিকসকলক গৃহ সম্পত্তি কৰৰ পৰা ৰেহাই দিয়া হৈছে আৰু প্ৰাক্তন সৈনিকসকলৰ অনুদানমূলক স্বাস্থ্য আঁচনিৰ বাবে চিকিৎসালয়সমূহৰ সৈতে বুজাবুজি চুক্তি কৰা হৈছে। 

সেনা জোৱানৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ মুখ্যমন্ত্ৰীৰ। ভাৰত-বাংলাদেশৰ ১৯৭১ চনৰ যুদ্ধত ৰাজ্যৰ যিসকল সেনাই দেশ ৰক্ষাত অৰিহণা যোগাইছিল সেইসকলক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা