--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: ২৮ আগষ্টৰ পৰা পেৰিচত অনুষ্ঠিত হৈ আছে পেৰাঅলিম্পিক-২০২৪।৮৪ গৰাকী ভৰতীয় ক্ৰীড়াবিদে ১২ টা শিতানত অংশগ্ৰহন কৰিছে  পেৰাঅলিম্পিক-২০২৪ ত।এতিয়ালৈকে এটা স্বৰ্ণ পদক, এটা ৰূপৰ পদক আৰু তিনিটা ব্ৰঞ্জৰ পদকসহ পাঁচটা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভৰতীয় ক্ৰীড়াবিদ।  

শেহতীয়াকৈ ৰুবিনা ফ্ৰান্সিছে পেৰাঅলিম্পিক-২০২৪ ত ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰি এই শিতানত পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হয়। পেৰালিম্পিক গেমছত শ্বুটিঙত ভাৰতৰ চতুৰ্থটো পদক হিচাপে পৰিগণিত হৈছে। আঠগৰাকী মহিলাৰ ফাইনেলত মুঠ ২১১.১ পইন্ট সংগ্ৰহ কৰি ৰুবিনা ফ্ৰান্সিছে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।এই শিতানত ইৰাণৰ ছাৰেহ জাভানমাৰ্ডিয়ে ২৩৬.৮ পইণ্টেৰে স্বৰ্ণ পদক  আৰু তুৰস্কৰ আয়চেল অজগানে ২৩১.১ পইণ্টেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷

শিশু অৱস্থাত ৰিকেটত আক্ৰান্ত হৈ খোজ কাঢ়িবলৈ বা আনকি কেতিয়াবা থিয় হ’বলৈও সংগ্ৰাম কৰিব লগা হোৱা ৰুবিনা ফ্ৰান্সিছে, এয়াৰ পিষ্টল
শ্বুটিঙত পদক অৰ্জন কৰি সকলো অক্ষমতাক পৰাস্ত কৰিছে৷ ৰুবিনা ফ্ৰান্সিছে মত প্ৰকাশ কৰি কয় যে ‘এয়া মোৰ প্ৰথম পেৰালিম্পিক পদক, মোৰ অনুভৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। এই সময়ৰ বাবে  মোৰ ১০ বছৰ লাগিল।এয়া মোৰ সপোন, আজি বাস্তৱ হ’ল৷' ৰুবিনা ফ্ৰান্সিছৰ সফলতাই গৌৰান্বিত কৰিছে দেশবাসীক৷ উল্লেখযোগ্য যেৰুবিনা ফ্ৰান্সিছ বৰ্তমান মুম্বাইত আয়কৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post