--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: ২৮ আগষ্টৰ পৰা পেৰিচত অনুষ্ঠিত হৈ আছে পেৰাঅলিম্পিক-২০২৪।৮৪ গৰাকী ভৰতীয় ক্ৰীড়াবিদে ১২ টা শিতানত অংশগ্ৰহন কৰিছে  পেৰাঅলিম্পিক-২০২৪ ।এতিয়ালৈকে এটা স্বৰ্ণ পদক, এটা ৰূপৰ পদক আৰু তিনিটা ব্ৰঞ্জৰ পদকসহ পাঁচটা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভৰতীয় ক্ৰীড়াবিদ।  

শেহতীয়াকৈ ৰুবিনা ফ্ৰান্সিছে পেৰাঅলিম্পিক-২০২৪ ত ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰি এই শিতানত পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হয়। পেৰালিম্পিক গেমছত শ্বুটিঙত ভাৰতৰ চতুৰ্থটো পদক হিচাপে পৰিগণিত হৈছে। আঠগৰাকী মহিলাৰ ফাইনেলত মুঠ ২১১.১ পইন্ট সংগ্ৰহ কৰি ৰুবিনা ফ্ৰান্সিছে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।এই শিতানত ইৰাণৰ ছাৰেহ জাভানমাৰ্ডিয়ে ২৩৬.৮ পইণ্টেৰে স্বৰ্ণ পদক  আৰু তুৰস্কৰ আয়চেল অজগানে ২৩১.১ পইণ্টেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷

শিশু অৱস্থাত ৰিকেটত আক্ৰান্ত হৈ খোজ কাঢ়িবলৈ বা আনকি কেতিয়াবা থিয় হ’বলৈও সংগ্ৰাম কৰিব লগা হোৱা ৰুবিনা ফ্ৰান্সিছে, এয়াৰ পিষ্টল
শ্বুটিঙত পদক অৰ্জন কৰি সকলো অক্ষমতাক পৰাস্ত কৰিছে৷ ৰুবিনা ফ্ৰান্সিছে মত প্ৰকাশ কৰি কয় যে ‘এয়া মোৰ প্ৰথম পেৰালিম্পিক পদক, মোৰ অনুভৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। এই সময়ৰ বাবে  মোৰ ১০ বছৰ লাগিল।এয়া মোৰ সপোন, আজি বাস্তৱ হ’ল৷' ৰুবিনা ফ্ৰান্সিছৰ সফলতাই গৌৰান্বিত কৰিছে দেশবাসীক৷ উল্লেখযোগ্য যেৰুবিনা ফ্ৰান্সিছ বৰ্তমান মুম্বাইত আয়কৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ