--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ফুটবল ইতিহাসত সোণালী যুগৰ আৰম্ভণি৷ প্ৰথম বাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে৷কলকতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ডুৰাণ্ড কাপৰ ফাইনেল মেচ৷নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মোহন বাগান এফ চিৰ বিৰুদ্ধে জয়লাভ কৰি এই খিতাপ অৰ্জন কৰে৷ ফাৰ্ষ্ট হাফৰ শেষত ২-০ গ’লেৰে পিছ পৰি অছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ছেকেণ্ড হাফত আৰম্ভণিৰ পৰাই শক্তিশালী প্ৰত্যৱৰ্তন কৰে নৰ্থ ইষ্ট ইউনাইটেডে৷ নিৰ্ধাৰিত সময়ৰ খেল ২-২ গ’লৰ ব্যৱধানত অন্ত পৰে৷ টাই ব্ৰেকাৰত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ৪টা গ’ল কৰে আৰু মোহন বাগান এফ চিয়ে ৩টা গ’ল কৰিবলৈ সক্ষম হয়৷

শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে চেমিফাইনেলত ৩-০ গ’লৰ ব্যৱধানেৰে জয়লাভ কৰি নৰ্থ ইষ্ট ইউনাইটেড এফ চি ফাইনেলত উপনিত হৈছিল৷উল্লেখযোগ্য যে ইয়াৰ আগলৈকে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ নামত নাছিল ডাঙৰ খিতাপ৷ডুৰাণ্ড কাপ ২০২৪ খিতাপ অৰ্জন কৰি অসমৰ ফুটবল জগতত ইতিহাস ৰচনা কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে৷

খেলখন অতিৰিক্ত সময় নালোৱা কৈ পোনপতিয়াকৈ টাই ব্ৰেকাৰত উপনিত হয় আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ গ’লৰক্ষক গুৰ্মিত সিঙে দুটা কৈ গ’ল ৰক্ষা কৰি মোহন বাগানক পৰাস্ত কৰে। উল্লেখনীয় যে ডুৰাণ্ড কাপ এছিয়াৰ আটীইতকৈ পুৰণি টুৰ্ণামেন্ট। নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কলকতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত ১৩৩ সংখ্যক সংস্কৰণত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ