--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (নিয়া) জম্মু-কাশ্মীৰ আৰক্ষীৰ পৰা পেহেলগাম আক্ৰমণৰ গোচৰৰ তদন্তৰ ভাৰ গ্ৰহণ কৰি ২৬জন লোকৰ প্ৰাণহানি ঘটোৱা নৃশংস আক্ৰমণটোৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ প্রক্সি সংগঠন টি আৰ এফে সংঘটিত কৰা আক্ৰমণৰ গোচৰৰ গুৰুত্ব অনুধাৱন কৰি গৃহ মন্ত্ৰ্যালয়ে দিয়া নির্দেশৰ পাছতে কেন্দ্রীয় সংস্থাটোৱে শনিবাৰে এটা নতুন গোচৰ ৰুজু কৰে। 
উক্ত আক্ৰমণৰ ঘটনাৰ ৫ দিন আৰু নিয়াৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ ৪ দিনৰ পাছত নিয়াই তদন্তৰ ভাৰ গ্ৰহণ কৰে। নিয়াৰ উপ-মহাপৰিদৰ্শক পৰ্যায়ৰ এজন বিষয়াৰ নেতৃত্বত এটা দলে ২৩ এপ্ৰিলত পহলগামৰ বৈছাৰন (ঘটনাস্থলী) পৰিদৰ্শন কৰিছিল। এজন নেপালী পৰ্যটককে ধৰি ২৫জন পর্যটক আৰু এজন কাশ্মীৰীৰ মৃত্যু হোৱা উক্ত আক্রমণ সংঘটিত হৈছিল ২২ এপ্রিলৰ বিয়লি ২ মান বজাত।

১৪টা স্থানীয় সন্ত্রাসবাদীৰ তালিকা: উল্লেখযোগ্য যে নিয়াই পহলগাম-কাণ্ডৰ তদন্তৰ ভাৰ লোৱাৰ সময়তে বিভিন্ন চোৰাংচোৱা এজেন্সিয়ে জম্মু-কাশ্মীৰত সক্ৰিয় হৈ থকা ১৪টা স্থানীয় সন্ত্রাসবাদীৰ এখন তালিকা প্রকাশ কৰিছে। সূত্র মতে, এই সন্ত্রাসবাদীকেইটাৰ বয়স ২০ৰ পৰা ৪০ বছৰ। চিনাক্ত কৰা এই সন্ত্রাসবাদীকেইটাৰ তিনিটা হিজবুল মুজাহিদীন, ৮টা লস্কৰ-ই-তৈয়বা আৰু তিনিটা জৈছ-ই-মহম্মদৰ সৈতে জড়িত। এই সন্ত্রাসবাদীকেইটা হৈছে- আদিল ৰেহমান দেন্টু (২১), আচিফ আহমেদ শ্বেখ (২৮), এহচান আহমেদ শ্বেখ (২৩), হাৰিচ নাজিৰ (২০), আমীৰ নাজিৰ ৱানী (২০), য়াৱাৰ আহমেদ ভাট, আচিফ আহমেদ খান্দে (২৪), নাচীৰ আহমেদ ৱানী (২১), শ্বহীদ আহমেদ কুতে (২৭), আমীৰ আহমেদ দৰ, জুবেইৰ আহমেদ বানী (৩৯), হাৰুন ৰশ্বিদ গানাই (৩২) আৰু জাকিৰ আহমেদ গনী (২৯)।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ