--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি যুদ্ধৰ দৰে হৈ পৰিছে। পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পিছতে পাকিস্তান ক্ষোভত ফাটি পৰিছে। পাকিস্তানৰ এজন মন্ত্ৰীয়ে আনকি ভাৰতক পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিও দিছে। যাৰ বাবে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে। 

আছাদুদ্দিন ওৱাইছিয়ে কয় যে পাকিস্তান ভাৰতৰ পৰা ডেৰ শতিকা পিছ পৰি আছে। মহাৰাষ্ট্ৰৰ পাৰভানীত এখন ৰাজহুৱা সভাত ভাষণ দি ওৱাইছিয়ে কয় ‘‘পাকিস্তান ভাৰতৰ পৰা মাত্ৰ আধা ঘণ্টা পিছ পৰি থকাই নহয়, আধা শতিকা পিছ পৰি আছে। আপোনাৰ দেশৰ বাজেট আমাৰ সামৰিক বাজেটৰ সমানো নহয়।’’

ওৱাইছিয়ে লগতে কয় যে, ‘‘পাকিস্তানে বাৰে বাৰে কয় যে তেওঁলোকৰ হাতত পাৰমাণৱিক বোমা আছে। মনত ৰাখিব যদি আপুনি আন এখন দেশলৈ গৈ নিৰীহ মানুহক হত্যা কৰে তেন্তে কোনো দেশ মনে মনে নাথাকে। পেহেলগামত পৰ্যটকক হত্যা কৰা কাৰ্য্যই দেখুৱাইছে যে পাকিস্তান আইছিছৰ উত্তৰাধিকাৰী।’’

তেওঁ কয় যে পাকিস্তানে বহু বছৰ ধৰি ভাৰতক লক্ষ্য কৰি সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি আহিছে। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ভাৰতে পাকিস্তান বায়ুসেনাৰ অৱৰোধ বলবৎ কৰিব পাৰে আৰু আমাৰ নৈতিক হেকাৰ ব্যৱহাৰ কৰি তেওঁলোকৰ ইণ্টাৰনেট হেক কৰিব পাৰে। 

ইয়াৰ লগতে পাকিস্তানৰ কঁকাল ভাঙি দিবলৈ আহ্বান জনায় আছাদুদ্দিন ওৱাইছিয়ে। তেওঁ কয় যে ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পাকিস্তানৰ কঁকাল ভাঙি দিয়ক। পাকিস্তানক অৰ্থনৈতিকভাৱে দুৰ্বল কৰাৰ সকলো পদক্ষেপ গ্ৰহণ কৰক।’’

কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলিও কয় ওৱাইছিয়ে। তেওঁ কয়, ‘‘টিভি চেনেলৰ একাংশ এংকৰে কাশ্মীৰীৰ বিৰুদ্ধে কথা কৈছে। তেওঁলোক নিৰ্লজ্জ। কাশ্মীৰ আমাৰ অবিচ্ছেদ্য অংগ হৈ আছে আৰু থাকিব...।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ