--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি যুদ্ধৰ দৰে হৈ পৰিছে। পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পিছতে পাকিস্তান ক্ষোভত ফাটি পৰিছে। পাকিস্তানৰ এজন মন্ত্ৰীয়ে আনকি ভাৰতক পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিও দিছে। যাৰ বাবে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে। 

আছাদুদ্দিন ওৱাইছিয়ে কয় যে পাকিস্তান ভাৰতৰ পৰা ডেৰ শতিকা পিছ পৰি আছে। মহাৰাষ্ট্ৰৰ পাৰভানীত এখন ৰাজহুৱা সভাত ভাষণ দি ওৱাইছিয়ে কয় ‘‘পাকিস্তান ভাৰতৰ পৰা মাত্ৰ আধা ঘণ্টা পিছ পৰি থকাই নহয়, আধা শতিকা পিছ পৰি আছে। আপোনাৰ দেশৰ বাজেট আমাৰ সামৰিক বাজেটৰ সমানো নহয়।’’

ওৱাইছিয়ে লগতে কয় যে, ‘‘পাকিস্তানে বাৰে বাৰে কয় যে তেওঁলোকৰ হাতত পাৰমাণৱিক বোমা আছে। মনত ৰাখিব যদি আপুনি আন এখন দেশলৈ গৈ নিৰীহ মানুহক হত্যা কৰে তেন্তে কোনো দেশ মনে মনে নাথাকে। পেহেলগামত পৰ্যটকক হত্যা কৰা কাৰ্য্যই দেখুৱাইছে যে পাকিস্তান আইছিছৰ উত্তৰাধিকাৰী।’’

তেওঁ কয় যে পাকিস্তানে বহু বছৰ ধৰি ভাৰতক লক্ষ্য কৰি সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি আহিছে। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ভাৰতে পাকিস্তান বায়ুসেনাৰ অৱৰোধ বলবৎ কৰিব পাৰে আৰু আমাৰ নৈতিক হেকাৰ ব্যৱহাৰ কৰি তেওঁলোকৰ ইণ্টাৰনেট হেক কৰিব পাৰে। 

ইয়াৰ লগতে পাকিস্তানৰ কঁকাল ভাঙি দিবলৈ আহ্বান জনায় আছাদুদ্দিন ওৱাইছিয়ে। তেওঁ কয় যে ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পাকিস্তানৰ কঁকাল ভাঙি দিয়ক। পাকিস্তানক অৰ্থনৈতিকভাৱে দুৰ্বল কৰাৰ সকলো পদক্ষেপ গ্ৰহণ কৰক।’’

কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলিও কয় ওৱাইছিয়ে। তেওঁ কয়, ‘‘টিভি চেনেলৰ একাংশ এংকৰে কাশ্মীৰীৰ বিৰুদ্ধে কথা কৈছে। তেওঁলোক নিৰ্লজ্জ। কাশ্মীৰ আমাৰ অবিচ্ছেদ্য অংগ হৈ আছে আৰু থাকিব...।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ