--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা মাহত সংঘটিত পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ 'তিনি দিনৰ আগতে চোৰাংচোৱাৰ এক প্রতিবেদন লাভ কৰি' প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাশ্মীৰ ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছিল। 

মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে এই অভিযোগ কৰে। ঝাৰখণ্ডত 'সংবিধান বচাও' সমাৱেশত ভাষণ দি খৰ্গেয়ে কয়, 'মই খবৰ পাইছোঁ যে আক্ৰমণটোৰ তিনি দিনৰ আগত মোদী ডাঙৰীয়ালৈ এক চোৰাংচোৱাৰ প্ৰতিবেদন প্ৰেৰণ কৰা হৈছিল আৰু সেয়ে মোদী ডাঙৰীয়াই তেওঁৰ কাশ্মীৰ ভ্ৰমণ বাতিল কৰিলে। 

যেতিয়া এখন চোৰাংচোৱাৰ প্রতিবেদনে কৈছিল যে আপোনাৰ সুৰক্ষাৰ বাবে তালৈ ভ্ৰমণ কৰাটো সঠিক নহ'ব, আপুনি কিয় তেওঁৰ সুৰক্ষা, চোৰাংচোৱা, স্থানীয় আৰক্ষী আৰু সীমান্ত বাহিনীক জনসাধাৰণক সুৰক্ষা দিবলৈ নক'লে? আপুনি যেতিয়া সেই খবৰ পাইছিল আপুনি আপোনাৰ কাৰ্যসূচী বাতিল কৰিলে, কিন্তু তাত পৰ্যটকক সুৰক্ষা দিবলৈ অধিক বাহিনী প্ৰেৰণ নকৰিলে।' খৰ্গেয়ে সমাৱেশত দাবী কৰে, সৰ্বদলীয় বৈঠকৰ সময়ত কেন্দ্ৰীয় চৰকাৰে চোৰাংচোৱাৰ ব্যৰ্থতাৰ কথা স্বীকাৰ কৰে। 

খৰ্গেয়ে প্রশ্ন কৰে, 'কেন্দ্ৰীয় চৰকাৰে যেতিয়া চোৰংচোৱাৰ বিফলতাৰ কথা স্বীকাৰ কৰিছে, তেন্তে পহলগাম আক্ৰমণত হোৱা প্ৰাণহানিৰ বাবে কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰা উচিত নহয়নে?' খর্গেয়ে সমাৱেশত আৰু কয় যে পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে যি সিদ্ধান্তই গ্ৰহণ কৰে কংগ্ৰেছৰ সমর্থন থাকিব। তেওঁ কয়, 'আমি ইতিমধ্যেই কৈছোঁ যে সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে যেনেকুৱা শক্তিশালী সিদ্ধান্তই গ্রহণ নকৰক কিয়, আমি চৰকাৰৰ সৈতে আছোঁ। কাৰণ এইটো হৈছে ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা। দেশ প্রথম, আনবোৰ দ্বিতীয়ত।'

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ