--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা মাহত সংঘটিত পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ 'তিনি দিনৰ আগতে চোৰাংচোৱাৰ এক প্রতিবেদন লাভ কৰি' প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাশ্মীৰ ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছিল। 

মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে এই অভিযোগ কৰে। ঝাৰখণ্ডত 'সংবিধান বচাও' সমাৱেশত ভাষণ দি খৰ্গেয়ে কয়, 'মই খবৰ পাইছোঁ যে আক্ৰমণটোৰ তিনি দিনৰ আগত মোদী ডাঙৰীয়ালৈ এক চোৰাংচোৱাৰ প্ৰতিবেদন প্ৰেৰণ কৰা হৈছিল আৰু সেয়ে মোদী ডাঙৰীয়াই তেওঁৰ কাশ্মীৰ ভ্ৰমণ বাতিল কৰিলে। 

যেতিয়া এখন চোৰাংচোৱাৰ প্রতিবেদনে কৈছিল যে আপোনাৰ সুৰক্ষাৰ বাবে তালৈ ভ্ৰমণ কৰাটো সঠিক নহ'ব, আপুনি কিয় তেওঁৰ সুৰক্ষা, চোৰাংচোৱা, স্থানীয় আৰক্ষী আৰু সীমান্ত বাহিনীক জনসাধাৰণক সুৰক্ষা দিবলৈ নক'লে? আপুনি যেতিয়া সেই খবৰ পাইছিল আপুনি আপোনাৰ কাৰ্যসূচী বাতিল কৰিলে, কিন্তু তাত পৰ্যটকক সুৰক্ষা দিবলৈ অধিক বাহিনী প্ৰেৰণ নকৰিলে।' খৰ্গেয়ে সমাৱেশত দাবী কৰে, সৰ্বদলীয় বৈঠকৰ সময়ত কেন্দ্ৰীয় চৰকাৰে চোৰাংচোৱাৰ ব্যৰ্থতাৰ কথা স্বীকাৰ কৰে। 

খৰ্গেয়ে প্রশ্ন কৰে, 'কেন্দ্ৰীয় চৰকাৰে যেতিয়া চোৰংচোৱাৰ বিফলতাৰ কথা স্বীকাৰ কৰিছে, তেন্তে পহলগাম আক্ৰমণত হোৱা প্ৰাণহানিৰ বাবে কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰা উচিত নহয়নে?' খর্গেয়ে সমাৱেশত আৰু কয় যে পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে যি সিদ্ধান্তই গ্ৰহণ কৰে কংগ্ৰেছৰ সমর্থন থাকিব। তেওঁ কয়, 'আমি ইতিমধ্যেই কৈছোঁ যে সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে যেনেকুৱা শক্তিশালী সিদ্ধান্তই গ্রহণ নকৰক কিয়, আমি চৰকাৰৰ সৈতে আছোঁ। কাৰণ এইটো হৈছে ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা। দেশ প্রথম, আনবোৰ দ্বিতীয়ত।'

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত