--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে পাকিস্তানৰ সৈতে থকা কেইবাদশক পুৰণি সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছত প্ৰথম ৰাজহুৱা মন্তব্যত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এতিয়াৰ পৰা ভাৰতৰ পানী ভাৰততে থাকিব আৰু দেশৰ ভিতৰত ব্যৱহাৰ হ'ব। 

এ বি পি নিউজৰ এটা অনুষ্ঠানত মোদীয়ে কয়, 'আগতে ভাৰতৰ অধিকাৰ থকা পানীও বাহিৰলৈ গৈছিল। এতিয়া ভাৰতৰ পানী ভাৰতৰ বাবে ব'ব, ভাৰতৰ বাবে ৰ'ব আৰু ভাৰতৰ কামত আহিব।' উল্লেখযোগ্য যে বিশ্ব বেংকৰ মধ্যস্থতাত ১৯৬০ চনত পাকিস্তান আৰু ভাৰতে স্বাক্ষৰ কৰা সিন্ধু জল চুক্তি স্থগিত ৰখাৰ কথা ভাৰতে কেইদিনমান আগতে ঘোষণা কৰিছিল। কিন্তু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্রাসবাদীয়ে পহলগামত আক্রমণ চলাই ২৬জন লোকক হত্যা কৰাৰ পাছতে ভাৰতে উক্ত চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। 

প্রধানমন্ত্রী মোদীয়ে মঙলবাৰে আৰু কয়, 'দশক দশক জুৰি আমাৰ নদীবোৰৰ পানী বিবাদৰ বিষয় হৈ আছিল। আমাৰ চৰকাৰে নদীবোৰ সংযোগ কৰাৰ বৃহৎ সিদ্ধান্ত গ্রহণ কৰিছে। আজিকালি সংবাদ মাধ্যমতো পানীক লৈ বহু কথা চলি আছে।' কঠোৰ সিদ্ধান্ত গ্রহণত পূৰ্বৰ চৰকাৰবোৰে থেৰো-গেঁৰো কৰা বুলি সমালোচনা কৰি মোদীয়ে কয়, 'এটা সময় আছিল যেতিয়া কোনো অত্যাৱশ্যকীয় পদক্ষেপ গ্রহণ কৰাৰ আগত ভবা হৈছিল বিশ্বই কি ভাবিব... তেওঁলোকে ভাবিছিল তেওঁলোকে ভোেট পাব নে আৰু তেওঁলোকৰ আসন সুৰক্ষিত হৈ থাকিবনে? এইবোৰ কাৰণতে, প্রধান প্রধান সংস্কাৰবোৰ পলম - হৈছিল। কোনো দেশেই এনেদৰে আগ বাঢ়ি যাব নোৱাৰে। দেশ তেতিয়াহে আগ বাঢ়ি যাব, যেতিয়া আমি ৰাষ্ট্ৰক প্রথমত স্থান দিওঁ।'

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ