--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমত পৰি লিংগ সলনি কৰিলে এজন যুৱকে। লিংগ সলনি কৰি ৰবিৰ পৰা ৰিয়া হ’ল যুৱকজন।পাছে লিংগ সলনি কৰি মহা বিপদত পৰিল যুৱকজন,যাৰবাবে তেওঁ এতিয়া কাষ চাপিছে আৰক্ষীৰ। এই ঘটনা পঞ্জাৱৰ অমৃতসৰৰ। প্ৰেমিক যুৱকৰ সৈতে বিয়া হোৱাৰ সপোন দেখি ৰবি নামৰ যুৱকজনে ৮ মাহ পূৰ্বে অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে লিংগ সলাই যুৱকৰ পৰা যুৱতী হৈছিল। কিন্তু লিংগ সলনি কৰাৰ পাছত সলনি হ’ল চিত্ৰপট।

আজিৰ পৰা ৩ বছৰ পূৰ্বে অৰ্জুন নামৰ এজন যুৱকৰ সৈতে চিনাকি হৈছিল ৰিয়া তথা তেতিয়াৰ ৰবি। চিনাকিৰ পাছত দুয়োৰে মাজত বন্ধুত্বই গঢ় লয় আৰু সেই বন্ধুত্বই লাহে লাহে প্ৰেমৰ ৰূপ লয়। ইয়াৰ পাছতেই দুয়ো ৰিলেচনশ্বিপত আহে। অৰ্জুনে ৰবিক লিংগ সলাই লৈ বিয়া কৰোৱাৰ প্ৰস্তাৱ দিয়ে। অৰ্জুনৰ কথামতেই ৰবিয়ে লিংগ সলাই এগৰাকী যুৱতী হয়। ৰিয়া নামটো অৰ্জুনেই দিয়ে। তাৰপাছত দুয়ো বিবাহপাশত আৱদ্ধ হয়।

আৰু পঢ়কঃ পত্নীয়ে কৈছিল ‘মদ-চিগাৰেট এৰা’, পতিয়ে ঘৰ এৰি ১৪ বছৰে বাস কৰিছে বিমানবন্দৰত

ৰিয়াই কোৱা অনুসৰি অৰ্জুনৰ পৰিয়ালৰ সদস্যসকলেও ৰবি(ৰিয়া)ক গ্ৰহণ কৰিছিল। কিন্তু কেইদিনমান পাছতেই অৰ্জুনৰ মন সলনি হয়। ৰিয়াক এৰি পলায়ন কৰে অৰ্জুনে। অৰ্জুনে ৰিয়াক কয় যে এই সম্পৰ্ক আৰু আগবঢ়াই নিয়া অসম্ভৱ কিয়নো এই সম্পৰ্কৰ ফলত বংশ আগনাবাঢ়ে।অৰ্জুনে আনকি ৰিয়াক কিন্নৰ সমাজৰ হাতত গটাই দিব বিচাৰিছল।

বৰ্তমান আৰক্ষীয়ে অৰ্জুনৰ সন্ধানত নামি পৰিছে। দুয়ো পক্ষৰ ভাষ্য গ্ৰহণৰ পাছতে গোচৰৰ তদন্ত আগবাঢ়িব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ৰিয়াই এই সন্দৰ্ভত কয় যে ”মই অৰ্জুনৰ সৈতে থাকিব বিচাৰো। মই নিজৰ এই দাবীৰ ওপৰত অটল থাকিম। মোৰ সকলো শেষ হৈ গ’ল। অৰ্জুনে মোৰ সৈতে কেনেকৈ এনে কৰিব পাৰে? যাৰ বাবে মই মোৰ নিজৰ শৰীৰ সলনি কৰিলো এতিয়া সেই মানুহজন মোৰ পৰা পলাই গলে নহ’ব। মোৰ লগত এয়া অন্যায় হৈছে, যিটো মই সহ্য নকৰো।’’

আৰু পঢ়কঃ কাহ আৰু জ্বৰেও ৰোগীৰ পকেট কৰিব ঢিলা ! আজিৰে পৰা ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি


FOLLOW US F
POPULAR
FEATURE
TRENDY
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?