--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমত পৰি লিংগ সলনি কৰিলে এজন যুৱকে। লিংগ সলনি কৰি ৰবিৰ পৰা ৰিয়া হ’ল যুৱকজন।পাছে লিংগ সলনি কৰি মহা বিপদত পৰিল যুৱকজন,যাৰবাবে তেওঁ এতিয়া কাষ চাপিছে আৰক্ষীৰ। এই ঘটনা পঞ্জাৱৰ অমৃতসৰৰ। প্ৰেমিক যুৱকৰ সৈতে বিয়া হোৱাৰ সপোন দেখি ৰবি নামৰ যুৱকজনে ৮ মাহ পূৰ্বে অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে লিংগ সলাই যুৱকৰ পৰা যুৱতী হৈছিল। কিন্তু লিংগ সলনি কৰাৰ পাছত সলনি হ’ল চিত্ৰপট।

আজিৰ পৰা ৩ বছৰ পূৰ্বে অৰ্জুন নামৰ এজন যুৱকৰ সৈতে চিনাকি হৈছিল ৰিয়া তথা তেতিয়াৰ ৰবি। চিনাকিৰ পাছত দুয়োৰে মাজত বন্ধুত্বই গঢ় লয় আৰু সেই বন্ধুত্বই লাহে লাহে প্ৰেমৰ ৰূপ লয়। ইয়াৰ পাছতেই দুয়ো ৰিলেচনশ্বিপত আহে। অৰ্জুনে ৰবিক লিংগ সলাই লৈ বিয়া কৰোৱাৰ প্ৰস্তাৱ দিয়ে। অৰ্জুনৰ কথামতেই ৰবিয়ে লিংগ সলাই এগৰাকী যুৱতী হয়। ৰিয়া নামটো অৰ্জুনেই দিয়ে। তাৰপাছত দুয়ো বিবাহপাশত আৱদ্ধ হয়।

আৰু পঢ়কঃ পত্নীয়ে কৈছিল ‘মদ-চিগাৰেট এৰা’, পতিয়ে ঘৰ এৰি ১৪ বছৰে বাস কৰিছে বিমানবন্দৰত

ৰিয়াই কোৱা অনুসৰি অৰ্জুনৰ পৰিয়ালৰ সদস্যসকলেও ৰবি(ৰিয়া)ক গ্ৰহণ কৰিছিল। কিন্তু কেইদিনমান পাছতেই অৰ্জুনৰ মন সলনি হয়। ৰিয়াক এৰি পলায়ন কৰে অৰ্জুনে। অৰ্জুনে ৰিয়াক কয় যে এই সম্পৰ্ক আৰু আগবঢ়াই নিয়া অসম্ভৱ কিয়নো এই সম্পৰ্কৰ ফলত বংশ আগনাবাঢ়ে।অৰ্জুনে আনকি ৰিয়াক কিন্নৰ সমাজৰ হাতত গটাই দিব বিচাৰিছল।

বৰ্তমান আৰক্ষীয়ে অৰ্জুনৰ সন্ধানত নামি পৰিছে। দুয়ো পক্ষৰ ভাষ্য গ্ৰহণৰ পাছতে গোচৰৰ তদন্ত আগবাঢ়িব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ৰিয়াই এই সন্দৰ্ভত কয় যে ”মই অৰ্জুনৰ সৈতে থাকিব বিচাৰো। মই নিজৰ এই দাবীৰ ওপৰত অটল থাকিম। মোৰ সকলো শেষ হৈ গ’ল। অৰ্জুনে মোৰ সৈতে কেনেকৈ এনে কৰিব পাৰে? যাৰ বাবে মই মোৰ নিজৰ শৰীৰ সলনি কৰিলো এতিয়া সেই মানুহজন মোৰ পৰা পলাই গলে নহ’ব। মোৰ লগত এয়া অন্যায় হৈছে, যিটো মই সহ্য নকৰো।’’

আৰু পঢ়কঃ কাহ আৰু জ্বৰেও ৰোগীৰ পকেট কৰিব ঢিলা ! আজিৰে পৰা ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ