--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নেমু হৈছে স্বাস্থ্যৰ বাবে উপকাৰী৷ চিকিৎসকসকলে শৰীৰত এণ্টি অক্সিডেণ্টৰ যোগান হিচাপে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক হিচাপে নেমু খোৱাৰ পৰামৰ্শ দিয়ে। গৰমৰ দিনত নেমুৰ ৰস খোৱাটো অতি আৱশ্যক। পানীৰ সৈতে মিহলি কৰিয়েই হওক বা ভাতৰ লগতেই হওক, নেমু খালে শৰীৰত যথেষ্ট ভিটামিন পোৱা যায়। ভিটামিন ‘চি’ৰ উৎস হিচাপে নেমু শৰীৰৰ বাবে অতি উপকাৰী। গৰমৰ দিনত, পাতযুক্ত নেমু, গন্ধৰাজ আৰু কাগজৰ নেমুৰ চাহিদাও যথেষ্ট বৃদ্ধি হয়। কিন্তু আপুনি নেমু কেনেকৈ খাব? ভাতৰ লগত নেমু চেপি খালে শৰীৰৰ বাবে উপকাৰী নেকি? বিশেষজ্ঞসকলে কি কৈছে জানক…

চেপি
যদি আপুনি দুপৰীয়া আহাৰৰ লগত নেমু খাব পাৰে। ই আপোনাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী হিচাপে পৰিগণিত হয়৷ অৱশ্যে, কেতিয়াও গাখীৰ আৰু নেমু একলগ কৰি বা মিহলাই নাখাব। ই আপোনাৰ শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক৷

মহামাৰীৰ পাছৰে পৰাই, ঘৰত নেমুৰ ব্যৱহাৰ আগৰ তুলনাত অধিক বৃদ্ধি পাইছে। কিছুমানে খাদ্যৰ সৈতে নেমু খাই আছে, কিছুমানে চাহৰ সৈতে। যিহেতু দিনত এটা নেমু খোৱাৰ লাভালাভ বহুত, কিছুমান ক্ষেত্ৰত নেমুৰ অত্যধিক ব্যৱহাৰ পৰিহাৰ কৰা ভাল। যেনে বৃক্কৰ ৰোগ।

নেমুত ভিটামিন চিৰ পৰিমাণ আন ফলতকৈ বহু বেছি। ইয়াৰ উপৰি নেমুত মেগনেছিয়াম, পটাছিয়াম সমৃদ্ধ থাকে। চিকিৎসকসকলে এণ্টি অক্সিডেণ্টৰ যোগান হিচাপে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক হিচাপে নেমু খোৱাৰ পৰামৰ্শ দিয়ে।

চেপি

নেমুত থকা ভিটামিন চি-ভিটামিনে শৰীৰত প্ৰৱেশ কৰা বহুতো ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰিব পাৰে। গতিকে নেমুৰ ৰসে পেটৰ বিকাৰ বা ডায়েৰিয়া প্ৰতিহত কৰিবলৈ কাম কৰে। ইয়াত থকা চাইট্ৰিক এচিডেও হজম বৃদ্ধি কৰে। যদি পেট বেয়া হয়, নেমু নাখাব, ই এক ভুল ধাৰণা।

ভিটামিন চি হৈছে পানীত দ্ৰৱণীয় ভিটামিন, সেয়েহে আপুনি পানীত নেমুৰ ৰস মহিলাই খাব পাৰে। ভাত খোৱাৰ সময়ত, বহুলোকে প্ৰায় সকলো ব্যঞ্জনৰ সৈতে নেমু চেপি খায়৷ বিশেষজ্ঞসকলৰ মতে ইয়াত কোনো ক্ষতি নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ