--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে একো বাধা নামানে। প্ৰেমৰ বাবে অসম্ভৱকো সম্ভৱ কৰিবলৈ মন যায়। কেৰেলাৰ এক কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই কাহিনী পূৰ্ণিমা আৰু সন্দীপৰ। পূৰ্ণিমা তৃতীয় লিংগৰ। সন্দীপ এগৰাকী শাক-পাচলি বিক্ৰেতা। তৃতীয় লিংগৰ পূৰ্ণিমাৰ প্ৰেমত পৰে সন্দীপ। সন্দীপে সমাজ আৰু আইনী বাধাক অৱজ্ঞা কৰি বিয়া পূৰ্ণিমাক বিয়া কৰাইছিল আৰু প্ৰেমৰ কোনো সীমা নাথাকে বুলি প্ৰমাণ কৰিছিল। এই ভেলেণ্টাইন ডে’ত তেওঁলোকৰ কাহিনীয়ে সকলোৰে মন জয় কৰিছে।

শাক-পাচলিৰ দোকানখনলৈ আহোতে পূৰ্ণিমাৰ সৈতে পৰিচয় হৈছিল সন্দীপৰ। লাহে-লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠে আৰু সেই বন্ধুত্বই অতি সোনকালেই লয় প্ৰেমৰ ৰূপ। দুয়ো বিবাহৰ সিদ্ধান্ত লয়। তেওঁলোকৰ মাজত শক্তিশালী বান্ধোন থকাৰ পিছতো তেওঁলোকৰ পথটো প্ৰত্যাহ্বানৰে ভৰি পৰিছিল। পূৰ্ণিমা তৃতীয় লিংগৰ হোৱা বাবে সকলোৱে এই বিবাহত বাধা দিছিল।

কেৱল পৰিয়ালৰ পৰাই নহয়, তৃতীয় লিংগৰ সম্প্ৰদায়ৰ ভিতৰত বিবাহ পঞ্জীয়নৰ ক্ষেত্ৰত আইনী ব্যৱস্থা নথকা বাবেও এই দম্পতীয়ে কঠোৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

তেওঁলোকে যেতিয়া আইনী বিবাহৰ বাবে আৱেদন কৰিছিল তেতিয়া দেখিছিল মেৰেজ ফৰ্মত কেৱল আছিল পুৰুষ আৰু মহিলাৰ ভাগ। তৃতীয় লিংগৰ বাবে কোনো ব্যৱস্থা নাছিল। তৃতীয় লিংগৰ অন্তৰ্ভুক্তিৰ বাবে যুঁজিছিল স্বামী সন্দীপে। অৱশেষত জয় হয় সন্দীপৰ। মেৰেজ ফৰ্মত তৃতীয় লিংগৰ বাবেও ব্যৱস্থা কৰা হয়। এয়া তৃতীয় লিংগৰ বাবে আছিল জয়ৰ প্ৰতীক।

২০২১ চনৰ ১৭ নৱেম্বৰত নীলেশ্বৰ পৌৰসভাত পঞ্জীয়ন কৰা এক অনুষ্ঠানত বিবাহপাশত আবদ্ধ হোৱাৰ লগে লগে পূৰ্ণিমা আৰু সন্দীপৰ প্ৰেম কাহিনীয়ে সফল ৰূপ পায়। 

পূৰ্ণিমা আৰু সন্দীপৰ এই প্ৰেমে সকলোকে আপ্লুত কৰে, দুয়োৰে মাজত আছে মৰম-আন্তৰিকতা, বিশ্বাস, বুজাপৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ