--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত মঙলবাৰৰ বিয়লিৰ পৰা প্ৰবল তুষাৰপাত হৈ থকাৰ বাবে জিলাখনত স্বাভাৱিক জীৱন-যাত্রা ব্যাহত হৈ পৰিছে। 

জিলাখনৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, সমগ্ৰ জিলাখন ডাঠ বৰফেৰে আবৃত হৈ আছে। যদিও জিলাখনত তুষাৰপাতৰ ঘটনা নতুন নহয়, তথাপি এই প্রবল তুষাৰপাতে জিলাখনত বিদ্যুৎ, পানী যোগান আৰু যোগাযোগসহ অত্যাৱশ্যকীয় সেৱাসমূহ ব্যাহত কৰিছে। 

জিলাখনৰ কিছুমান এলেকাত বৰফ বহু বেছি পৰিমাণে জমা হোৱাৰ ফলত বিদ্যুৎ আৰু যোগাযোগৰ লাইনসমূহৰ ক্ষতি হৈছে আৰু গছবোৰ উভালি গৈছে। অধিকাংশ দোকানেই খোলা আছে যদিও স্থানীয় বাসিন্দাসকলে কেৱল জৰুৰী সামগ্ৰী ক্ৰয়ৰ বাবেহে ঘৰৰ বাহিৰলৈ ওলাইছে। 

ইফালে, পৰ্যটকৰ আকৰ্ষণস্থলী টাৱাঙৰ পৰা আবদ্ধ পৰ্যটকসকলক সাহায্য প্ৰদান কৰি আছে আৰক্ষী আৰু সেনাৰ জোৱানসকলে। 

বতৰৰ আগজাননী অনুসৰি পৰৱৰ্তী আৰু কেইদিনমানলৈ জিলাখনত প্রবল তুষাৰপাত অব্যাহত থাকিব।

আপুনিও যদি টাৱাঙলৈ যাত্ৰা কৰিম বুলি ভাবি আছে তেন্তে সদ্যহতে স্থগিত ৰাখক। পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছতহে পুনৰ সিদ্ধান্ত ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ