--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত মঙলবাৰৰ বিয়লিৰ পৰা প্ৰবল তুষাৰপাত হৈ থকাৰ বাবে জিলাখনত স্বাভাৱিক জীৱন-যাত্রা ব্যাহত হৈ পৰিছে। 

জিলাখনৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, সমগ্ৰ জিলাখন ডাঠ বৰফেৰে আবৃত হৈ আছে। যদিও জিলাখনত তুষাৰপাতৰ ঘটনা নতুন নহয়, তথাপি এই প্রবল তুষাৰপাতে জিলাখনত বিদ্যুৎ, পানী যোগান আৰু যোগাযোগসহ অত্যাৱশ্যকীয় সেৱাসমূহ ব্যাহত কৰিছে। 

জিলাখনৰ কিছুমান এলেকাত বৰফ বহু বেছি পৰিমাণে জমা হোৱাৰ ফলত বিদ্যুৎ আৰু যোগাযোগৰ লাইনসমূহৰ ক্ষতি হৈছে আৰু গছবোৰ উভালি গৈছে। অধিকাংশ দোকানেই খোলা আছে যদিও স্থানীয় বাসিন্দাসকলে কেৱল জৰুৰী সামগ্ৰী ক্ৰয়ৰ বাবেহে ঘৰৰ বাহিৰলৈ ওলাইছে। 

ইফালে, পৰ্যটকৰ আকৰ্ষণস্থলী টাৱাঙৰ পৰা আবদ্ধ পৰ্যটকসকলক সাহায্য প্ৰদান কৰি আছে আৰক্ষী আৰু সেনাৰ জোৱানসকলে। 

বতৰৰ আগজাননী অনুসৰি পৰৱৰ্তী আৰু কেইদিনমানলৈ জিলাখনত প্রবল তুষাৰপাত অব্যাহত থাকিব।

আপুনিও যদি টাৱাঙলৈ যাত্ৰা কৰিম বুলি ভাবি আছে তেন্তে সদ্যহতে স্থগিত ৰাখক। পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছতহে পুনৰ সিদ্ধান্ত ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post