--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকে বিয়া কথা কোৱা বাবে প্ৰেমিকাই হোৱাটছএপত(Whatsapp) ব্লক কৰিলে প্ৰেমিকক। এই কথাৰ বাবে আত্মহত্যা কৰিলে প্ৰেমিকে। আমেৰিকা নিৱাসী পঞ্জাৱৰ এজন যুৱকে প্ৰেমৰ সম্পৰ্কৰ বাবেই কৰিলে আত্মহত্যা। তেওঁ পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা আছিল। জানিব পৰা মতে প্ৰেমিকাৰ সৈতে বিবাহৰ বিষয়ে কথা পাতি থাকোতে প্ৰেমিকাগৰাকীয়ে তেওঁক হোৱাটছএপত ব্লক কৰি দিছিল। এই কথাত বিচলিত হৈ প্ৰেমিকে নিজৰ জীৱন ত্যাগ কৰিলে। 

যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত পঞ্জাৱ আৰক্ষীয়ে ছোৱালীজনীক সোধা-পোছাৰ বাবে আটক কৰি থানালৈ আনে।  গুৰদাসপুৰৰ বাসিন্দা ৰেশম সিঙে ২০১৯ চনত চাকৰিৰ বাবে আমেৰিকালৈ গৈছিল। আমেৰিকাৰ পৰা তেওঁ প্ৰেমিকাৰ সৈতে ফোনত যোগাযোগ ৰাখিছিল। বিয়াৰ বিষয়ে দুয়োৰে মাজত বহুত কথা হৈছিল। ৰেশম সিঙে প্ৰেমিকাৰ অনুৰোধত বিদেশৰ পৰা টকাও পঠিয়াইছিল। মৃত ৰেশম সিঙৰ পৰিয়ালৰ সদস্যসকলে কৈছিল যে দেওবাৰে তেওঁলোকৰ পুত্ৰই তেওঁৰ প্ৰেমিকাক আমেৰিকাৰ পৰা ফোন কৰিছিল আৰু ভাৰতলৈ অহাৰ পাছত যিমান সম্ভৱ সিমান সোনকালে বিয়া পতাৰ কথা কৈছিল। 

এইকথা শুনিয়ে প্ৰেয়সীয়ে ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰিছিল আৰু তেওঁৰ ফোন নম্বৰটো ব্লক কৰি দিছিল। এই কথাত দুখত ভাগি পৰা বুলি পৰিয়ালক জনাইছিল ৰেশম সিঙে। তাৰ কিছু সময়ৰ পাছতেই যুৱকজনে নিজৰ কোঠাত ওলমি আত্মহত্যা কৰিছিল। আৰক্ষীয়ে মৃতকৰ পিতৃৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। 

এগৰাকী আৰক্ষী বিষয়াই জনায় যে ''বিয়াৰ কথা কৈ কেৱল ছোৱালীজনীয়েই নহয় তেওঁৰ পৰিয়ালৰ সদস্যসকলেও ৰেশম সিঙৰ পৰা টকা সৰকাইছিল। যেতিয়া ৰেশমে বিয়াৰ কথা কৈছিল তেতিয়াই ছোৱালীজনীয়ে তেওঁৰ ফোন নম্বৰটো ব্লক কৰিছিল। এইটো কথাই ৰেশম সিঙক বহুত বিচলিত কৰিছিল আৰু তেওঁ প্ৰতাৰিত অনুভৱ কৰিছিল।'' গুৰদাসপুৰ আৰক্ষীয়ে প্ৰেমিকাৰ লগতে প্ৰেমিকাৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে কয় যে অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ