--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকে বিয়া কথা কোৱা বাবে প্ৰেমিকাই হোৱাটছএপত(Whatsapp) ব্লক কৰিলে প্ৰেমিকক। এই কথাৰ বাবে আত্মহত্যা কৰিলে প্ৰেমিকে। আমেৰিকা নিৱাসী পঞ্জাৱৰ এজন যুৱকে প্ৰেমৰ সম্পৰ্কৰ বাবেই কৰিলে আত্মহত্যা। তেওঁ পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা আছিল। জানিব পৰা মতে প্ৰেমিকাৰ সৈতে বিবাহৰ বিষয়ে কথা পাতি থাকোতে প্ৰেমিকাগৰাকীয়ে তেওঁক হোৱাটছএপত ব্লক কৰি দিছিল। এই কথাত বিচলিত হৈ প্ৰেমিকে নিজৰ জীৱন ত্যাগ কৰিলে। 

যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত পঞ্জাৱ আৰক্ষীয়ে ছোৱালীজনীক সোধা-পোছাৰ বাবে আটক কৰি থানালৈ আনে।  গুৰদাসপুৰৰ বাসিন্দা ৰেশম সিঙে ২০১৯ চনত চাকৰিৰ বাবে আমেৰিকালৈ গৈছিল। আমেৰিকাৰ পৰা তেওঁ প্ৰেমিকাৰ সৈতে ফোনত যোগাযোগ ৰাখিছিল। বিয়াৰ বিষয়ে দুয়োৰে মাজত বহুত কথা হৈছিল। ৰেশম সিঙে প্ৰেমিকাৰ অনুৰোধত বিদেশৰ পৰা টকাও পঠিয়াইছিল। মৃত ৰেশম সিঙৰ পৰিয়ালৰ সদস্যসকলে কৈছিল যে দেওবাৰে তেওঁলোকৰ পুত্ৰই তেওঁৰ প্ৰেমিকাক আমেৰিকাৰ পৰা ফোন কৰিছিল আৰু ভাৰতলৈ অহাৰ পাছত যিমান সম্ভৱ সিমান সোনকালে বিয়া পতাৰ কথা কৈছিল। 

এইকথা শুনিয়ে প্ৰেয়সীয়ে ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰিছিল আৰু তেওঁৰ ফোন নম্বৰটো ব্লক কৰি দিছিল। এই কথাত দুখত ভাগি পৰা বুলি পৰিয়ালক জনাইছিল ৰেশম সিঙে। তাৰ কিছু সময়ৰ পাছতেই যুৱকজনে নিজৰ কোঠাত ওলমি আত্মহত্যা কৰিছিল। আৰক্ষীয়ে মৃতকৰ পিতৃৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। 

এগৰাকী আৰক্ষী বিষয়াই জনায় যে ''বিয়াৰ কথা কৈ কেৱল ছোৱালীজনীয়েই নহয় তেওঁৰ পৰিয়ালৰ সদস্যসকলেও ৰেশম সিঙৰ পৰা টকা সৰকাইছিল। যেতিয়া ৰেশমে বিয়াৰ কথা কৈছিল তেতিয়াই ছোৱালীজনীয়ে তেওঁৰ ফোন নম্বৰটো ব্লক কৰিছিল। এইটো কথাই ৰেশম সিঙক বহুত বিচলিত কৰিছিল আৰু তেওঁ প্ৰতাৰিত অনুভৱ কৰিছিল।'' গুৰদাসপুৰ আৰক্ষীয়ে প্ৰেমিকাৰ লগতে প্ৰেমিকাৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে কয় যে অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ