--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচলিত ধাৰাক অতিক্ৰমি নতুন ধাৰাৰ সৃষ্টি কৰিব পৰাটোৱেই ব্যতিক্ৰম। ব্যতিক্ৰম, পৰিৱৰ্তন আদি শব্দ সমূহে কিবা এটা নতুনৰ সন্ধান দিয়ে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম এগৰাকী অভিনেতা। আমিৰ খান। বলিষ্ঠ আৰু বিশেষ বাৰ্তা বহনকাৰী ছবিৰ জৰিয়তে দৰ্শকৰ হিয়াৰ আমঠু  হৈ পৰা আমৰি খানৰ প্ৰায় ভাগ ছবিতেই দৰ্শকে তেওঁৰ একেটা ভংগীকেই বাৰে বাৰে উপভোগ কৰি আহিছে।

 'পিকে' ৰ পৰা  'লাল সিং চাড্ডা'লৈ সকলো ছবিতে আমিৰ খানে একেই ভংগী অক্ষুণ্ণ ৰাখি অভিনয় কৰিছে। ছবি সমূহত তেওঁ কিবা এটা নতুন কৰো বুলি নিজৰ অভিনয়ৰ ভংগীৰ সলনি ঘটোৱা নাই। কিন্তু প্ৰায় ভাগ ছবিতে একে ভংগীৰেই অভিনয় কৰাৰ পিছতো দৰ্শকক তেনে ভংগীয়ে আমুওৱা নাই। নেট বিশ্বতো আমিৰৰ এনে ভংগীকলৈ সৰস আলোচনা চলিছে।

বলীউডত আমিৰ খানৰ তিনি দশকতকৈও অধিক কালৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাকেই কামত খটুৱাই তেওঁ একে ভংগীৰেই ছবি সমূহত অভিনয় কৰিছে।
পদ্মশ্ৰী, পদ্মভূষণ আৰু চীন চৰকাৰৰ সন্মানীয় উপাধিকে ধৰি বহু সন্মানেৰে সন্মানিত হোৱা অভিনেতা জনৰ  অভিনয়শৈলীক লৈ যেন দৰ্শক সন্তুষ্ট। সেয়ে এমিৰ খানৰ অভিনয়ক কেন্দ্ৰ কৰি সমালোচনা হোৱা দেখা নাযায় বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। 

এগৰাকী নেটিজেনে লিখিছে—'তেওঁৰ অভিনয় দক্ষতাই তেওঁক বি-টাউনৰ আটাইতকৈ সফল অভিনেতাএজন কৰি তুলিছে।  'থ্ৰি ইডিয়টছ'ত ৰাঞ্চো হওঁক, 'ধুম থ্ৰি'ত সমৰ হওঁক, 'পিকে'ত পিকে হওঁক, বা 'লাল সিং চাড্ডা'ত যুৱ লাল হওঁক, এই সকলোবোৰ চলচ্চিত্ৰতে তেওঁৰ অভিব্যক্তি একে। কিন্তু একে হ'লেও সকলো ক্ষেত্ৰতে তেওঁৰ অভিনয় অন্যন্য হিচাবে পৰিগণিত হৈছে।

আন এগৰাকী নেটিজেনে মন্তব্য কৰিছে "এই সকলোবোৰ চৰিত্ৰৰ ক্ষেত্ৰত একে ধৰণৰ কিবা আছে যদিও সেইবোৰ মৌলিকভাৱে পৃথক চৰিত্ৰ। মই নাজানো যে এইটো আমিৰৰ যাদু  নে কি''।

 আন এগৰাকী নেটিজেনে লিখিছে—''আমিৰৰ অভিনয়ৰ পুনৰাবৃত্তি হৈ আহিছে আৰু চাবলৈ কঠিন হৈ পৰিছে,"।

আমিৰ অভিনয় কিয় প্ৰায় প্ৰতিখন ছবিতে মিলি যায়,  এয়া কেৱল কাকতালীয় নে আন কিবা বুলি আন এগৰাকীয়ে প্রশ্ন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ