--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ৰীলৰ বাবে মানুহে কি কি যে নকৰে। ৰীল বনাবলৈ গৈ বহু মানুহে বিপদ মাতি অনাও পৰলক্ষিত হয়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এগৰাকী যুৱতীয়ে হাতত পিষ্টল লৈ বনোৱা ৰীল ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। আৰক্ষীয়ে লগে লগে এই ভাইৰেল ভিডিঅ’টোৰ তদন্ত কৰে। 

ছোৱালীজনীৰ নাম শিবানী ৰাজপুত আৰু তেওঁ পাদ্ৰী অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁ ইনষ্টাগ্ৰামত নিজৰ নামত আইডি তৈয়াৰ কৰি ভিডিঅ’টো আপলোড কৰিছে।

ভাইৰেল ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে ছোৱালীজনীয়ে হাতত পিষ্টল লৈ আছে। গুলী ফুটোৱাৰো শব্দ আহিছে। বুলেটত বহি তেওঁ এটা ভিডিঅ’ও বনাইছিল, য’ত লিখা আছিল পুলিচ। ছোৱালীজনীৰ সৈতে এজন ল’ৰাকো দেখা গৈছে। এই ভিডিঅ'টো অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

ভিডিঅ’টোৰ প্ৰতি সচেতন হৈ আৰক্ষীয়ে যেতিয়া ইয়াৰ গভীৰ তদন্ত কৰে তেতিয়া দেখা গ’ল যে ভিডিঅ’টোত ব্যৱহাৰ কৰা পিষ্টলটো আচল পিষ্টল নহয়, সেইটো আছিল এটা লাইটাৰহে। 

আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে পিষ্টলৰ দৰে দেখা এই বস্তুটো আচলতে এটা লাইটাৰ আৰু ইয়াৰ পৰা কোনো বিপদ নাই। এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ প্ৰতি ৰাইজে বিভিন্ন ধৰণৰ ৰিয়েকচন দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post