--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ৰীলৰ বাবে মানুহে কি কি যে নকৰে। ৰীল বনাবলৈ গৈ বহু মানুহে বিপদ মাতি অনাও পৰলক্ষিত হয়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এগৰাকী যুৱতীয়ে হাতত পিষ্টল লৈ বনোৱা ৰীল ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। আৰক্ষীয়ে লগে লগে এই ভাইৰেল ভিডিঅ’টোৰ তদন্ত কৰে। 

ছোৱালীজনীৰ নাম শিবানী ৰাজপুত আৰু তেওঁ পাদ্ৰী অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁ ইনষ্টাগ্ৰামত নিজৰ নামত আইডি তৈয়াৰ কৰি ভিডিঅ’টো আপলোড কৰিছে।

ভাইৰেল ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে ছোৱালীজনীয়ে হাতত পিষ্টল লৈ আছে। গুলী ফুটোৱাৰো শব্দ আহিছে। বুলেটত বহি তেওঁ এটা ভিডিঅ’ও বনাইছিল, য’ত লিখা আছিল পুলিচ। ছোৱালীজনীৰ সৈতে এজন ল’ৰাকো দেখা গৈছে। এই ভিডিঅ'টো অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

ভিডিঅ’টোৰ প্ৰতি সচেতন হৈ আৰক্ষীয়ে যেতিয়া ইয়াৰ গভীৰ তদন্ত কৰে তেতিয়া দেখা গ’ল যে ভিডিঅ’টোত ব্যৱহাৰ কৰা পিষ্টলটো আচল পিষ্টল নহয়, সেইটো আছিল এটা লাইটাৰহে। 

আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে পিষ্টলৰ দৰে দেখা এই বস্তুটো আচলতে এটা লাইটাৰ আৰু ইয়াৰ পৰা কোনো বিপদ নাই। এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ প্ৰতি ৰাইজে বিভিন্ন ধৰণৰ ৰিয়েকচন দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ