--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা বিবাদৰ ভয়ংকৰ পৰিণতি। সাধাৰণ কথাতে এহাল পতি-পত্নিৰ আত্মহত্যা। উত্তৰ প্ৰদেশৰ বিজনোৰত ঘটিছে এই ঘটনা। পতি-পত্নীৰ নাম ৰোহিত কুমাৰ আৰু পাৰ্বতী কুমাৰী। বৃহস্পতিবাৰে ৰোহিত কুমাৰৰ মোমায়েকৰ পুত্ৰৰ বিয়া আছিল। ৰোহিতৰ গোটেই পৰিয়ালটো বিয়ালৈ গৈছিল। 

ৰোহিতৰ পত্নীও বিয়ালৈ যাবলৈ সাজু আছিল যদিও ৰোহিতে দিনত মদ্যপান কৰি ঘৰলৈ আহি বিয়ালৈ যাবলৈ অস্বীকাৰ কৰিবলৈ ধৰিলে। এই বিষয়টোক লৈ দুয়োৰে মাজত বিবাদ হৈছিল। ইয়াৰ পিছত ৰোহিত ঘৰৰ পৰা ওলাই যায়। মনৰ দুখত পত্নী পাৰ্বতীয়ে ঘৰতে চিপ লৈ আত্মহত্যা কৰে।

কিছু সময়ৰ পাছত ঘৰলৈ উভতি আহি ৰোহিতে পত্নীক ওলমি থকা দেখি হুলস্থূল লগাই দিলে। ওচৰতে মানুহ গোট খাই পাৰ্বতীক ফান্দৰ পৰা নমাই ডাক্তৰৰ ওচৰলৈ লৈ গ’ল, কিন্তু ডাক্তৰে পাৰ্বতীক মৃত বুলি ঘোষণা কৰিলে। এই কথাত আঘাত পাই ৰোহিতেও ঘৰৰ পৰা ওলাই প্ৰায় ২ কিলোমিটাৰ দূৰৈৰ ৰেলপথত উপস্থিত হয়। ইয়াত তেওঁ দিল্লীৰ পৰা অহা দিল্লী কোটদ্বাৰ সিদ্ধাবলী এক্সপ্ৰেছৰ সন্মুখত জপিয়াই আত্মহত্যা কৰে। ইয়াৰ পিছতে ৰোহিতক বিচাৰি ফুৰোতে গাঁওবাসীয়ে ৰেলপথত উপস্থিত হৈ তেওঁৰ মৃতদেহ তাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

এই তথ্য ততাতৈয়াকৈ আৰক্ষীক দিয়া হয়। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো ৰে’লপথৰ পৰা আঁতৰাই নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ৰোহিত আৰু পাৰ্বতীৰ সৰু ল'ৰা-ছোৱালী দুটা অনাথ হৈ পৰিল। পুত্ৰ সন্তানৰ বয়স ৩ বছৰ আৰু কন্যাৰ বয়স ডেৰ বছৰ। এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰখনত আন কোনো নাছিল কাৰণ পৰিয়ালৰ সকলো সদস্যই পুৱাই বিয়াখনলৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা