--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিজৰ ঘৰখন হৈছে পৰিয়ালৰ কেন্দ্ৰবিন্দু৷ ঘৰখনৰ পৰিৱেশে ব্যক্তি এজনৰ চৰিত্ৰ গঠন কৰে৷ এনেস্থলত নিজৰ ঘৰখন সজাবলৈ সকলোৰে আছে এক হাবিয়াস৷ পিছে কিদৰে সজালে আপোনাৰ ঘৰখনত সুখ-শান্তি অটুত থাকিব? এইটো কোনো গোপন কথা নহয় যে আভ্যন্তৰীণ সজ্জাই আপোনাৰ মনোভাৱক প্ৰভাৱিত কৰিব পাৰে। হোমলেনৰ স্পেচিয়েল ডিজাইনৰ শিৱানী কাংকৰিয়াই আপোনাৰ ঘৰখনত সজাবলৈ কেইটামান পৰামৰ্শ আগবঢ়ায়- ১৷ ঘৰৰ ৰং সলনি কৰক: সোণালী, হালধীয়া আৰু নেমু জাতীয় কমলাৰ দৰে প্ৰফুল্ল ৰঙে সুখ-সমৃদ্ধিৰ বাৰ্তা কঢ়িয়ায়৷ আনহাতে, আপুনি আপোনাৰ আভ্যন্তৰীণ সজ্জাত ৰ’দৰ ছাঁবোৰৰ দৰে প’প ব্যৱহাৰ কৰিব পাৰে। পাকঘৰত হালধীয়া ৰং ব্যৱহাৰ কৰিলে মনত ইতিবাচক বাৰ্তা কঢ়িয়াওৱাত সহায় কৰে। ই আপোনাৰ দৈহিক আৰু মানসিক চিন্তাধাৰাকো সমৃদ্ধিশালী কৰি ৰাখে৷ ২৷ ভাল লগা স্মৃতিসমূহ ফটোসহ আঁৰি ৰাখক: প্ৰিয়জনৰ স্মৃতিয়ে আমাক সকলোকে আৱেগিক কৰি তোলে৷ ঘৰৰ দেৱালত এনে ভাললগা স্মৃতিসমূহ ফটোৰে বন্ধাই আঁৰি ৰাখক৷ আপোনাৰ প্ৰিয়জনৰ ছবি থকা গেলেৰী দেৱাল, বন্ধৰ দিন বা পাৰিবাৰিক অনুষ্ঠান আৰু আমোদজনক সময়ৰ দৰে সুখী স্মৃতিয়ে আপোনাৰ মুখত হাঁহি কঢ়িয়াই অনাৰ এক ভাল উপায়। ৩৷ ঘৰৰ সন্মুখত ফুলনিৰ বাগিচা বনাওক: ফুলে সকলোৰে মনত আনন্দ দিব পাৰে৷ ফুলি উঠা ফুলে মানুহক বিষাদ পাহৰাই পেলোৱাত সহায় কৰিব পাৰে৷ এখন সেউজীয়া আৰু নানাৰঙৰ ফুলৰ বাগিচা আপুনি ঘৰৰ সন্মুখত বনালে ই ঘৰখনলৈ পজিটিভিটী কঢ়িয়ায়৷ আৰু মনতো প্ৰফুল্লিত কৰাত সহায় কৰে৷ ৪৷ ঘৰচীয়া জন্তু পোহক: ঘৰচীয়া জন্তুৱে সকলোকে ব্যস্ত কৰি ৰাখে৷ কেতিয়াবা ব্যস্ততাৰ বাবে আমি যিকোনো ঘৰচীয়া জীৱ পুহিবলৈ অসমৰ্থ হ’বও পাৰো৷ তেতিয়াহ’লে জীৱ-জন্তুৰ প্ৰিণ্ট, গ্ৰাফিক পেটাৰ্ণ হৈছে এক ভাল বিকল্প। গৃহসজ্জাৰ বাবেই ড্ৰেপ, কুশ্বন আৰু দলিচাত আৰ্হিযুক্ত ৱালপেপাৰ ব্যৱহাৰ কৰক। ৫৷ সাহসী হওক: আপোনাৰ কোঠাত এখন ৰঙীন দলিচা, ডাঙৰ আকাৰৰ শিল্পকৰ্ম বা ভাস্কৰ্য আনি সজাই লওক। আৰু ঘৰৰ কোণে কোণে স্পটলাইট ব্যৱহাৰ কৰক৷ ই আপোনাৰ মনটোলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ