--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিজৰ ঘৰখন হৈছে পৰিয়ালৰ কেন্দ্ৰবিন্দু৷ ঘৰখনৰ পৰিৱেশে ব্যক্তি এজনৰ চৰিত্ৰ গঠন কৰে৷ এনেস্থলত নিজৰ ঘৰখন সজাবলৈ সকলোৰে আছে এক হাবিয়াস৷ পিছে কিদৰে সজালে আপোনাৰ ঘৰখনত সুখ-শান্তি অটুত থাকিব? এইটো কোনো গোপন কথা নহয় যে আভ্যন্তৰীণ সজ্জাই আপোনাৰ মনোভাৱক প্ৰভাৱিত কৰিব পাৰে। হোমলেনৰ স্পেচিয়েল ডিজাইনৰ শিৱানী কাংকৰিয়াই আপোনাৰ ঘৰখনত সজাবলৈ কেইটামান পৰামৰ্শ আগবঢ়ায়- ১৷ ঘৰৰ ৰং সলনি কৰক: সোণালী, হালধীয়া আৰু নেমু জাতীয় কমলাৰ দৰে প্ৰফুল্ল ৰঙে সুখ-সমৃদ্ধিৰ বাৰ্তা কঢ়িয়ায়৷ আনহাতে, আপুনি আপোনাৰ আভ্যন্তৰীণ সজ্জাত ৰ’দৰ ছাঁবোৰৰ দৰে প’প ব্যৱহাৰ কৰিব পাৰে। পাকঘৰত হালধীয়া ৰং ব্যৱহাৰ কৰিলে মনত ইতিবাচক বাৰ্তা কঢ়িয়াওৱাত সহায় কৰে। ই আপোনাৰ দৈহিক আৰু মানসিক চিন্তাধাৰাকো সমৃদ্ধিশালী কৰি ৰাখে৷ ২৷ ভাল লগা স্মৃতিসমূহ ফটোসহ আঁৰি ৰাখক: প্ৰিয়জনৰ স্মৃতিয়ে আমাক সকলোকে আৱেগিক কৰি তোলে৷ ঘৰৰ দেৱালত এনে ভাললগা স্মৃতিসমূহ ফটোৰে বন্ধাই আঁৰি ৰাখক৷ আপোনাৰ প্ৰিয়জনৰ ছবি থকা গেলেৰী দেৱাল, বন্ধৰ দিন বা পাৰিবাৰিক অনুষ্ঠান আৰু আমোদজনক সময়ৰ দৰে সুখী স্মৃতিয়ে আপোনাৰ মুখত হাঁহি কঢ়িয়াই অনাৰ এক ভাল উপায়। ৩৷ ঘৰৰ সন্মুখত ফুলনিৰ বাগিচা বনাওক: ফুলে সকলোৰে মনত আনন্দ দিব পাৰে৷ ফুলি উঠা ফুলে মানুহক বিষাদ পাহৰাই পেলোৱাত সহায় কৰিব পাৰে৷ এখন সেউজীয়া আৰু নানাৰঙৰ ফুলৰ বাগিচা আপুনি ঘৰৰ সন্মুখত বনালে ই ঘৰখনলৈ পজিটিভিটী কঢ়িয়ায়৷ আৰু মনতো প্ৰফুল্লিত কৰাত সহায় কৰে৷ ৪৷ ঘৰচীয়া জন্তু পোহক: ঘৰচীয়া জন্তুৱে সকলোকে ব্যস্ত কৰি ৰাখে৷ কেতিয়াবা ব্যস্ততাৰ বাবে আমি যিকোনো ঘৰচীয়া জীৱ পুহিবলৈ অসমৰ্থ হ’বও পাৰো৷ তেতিয়াহ’লে জীৱ-জন্তুৰ প্ৰিণ্ট, গ্ৰাফিক পেটাৰ্ণ হৈছে এক ভাল বিকল্প। গৃহসজ্জাৰ বাবেই ড্ৰেপ, কুশ্বন আৰু দলিচাত আৰ্হিযুক্ত ৱালপেপাৰ ব্যৱহাৰ কৰক। ৫৷ সাহসী হওক: আপোনাৰ কোঠাত এখন ৰঙীন দলিচা, ডাঙৰ আকাৰৰ শিল্পকৰ্ম বা ভাস্কৰ্য আনি সজাই লওক। আৰু ঘৰৰ কোণে কোণে স্পটলাইট ব্যৱহাৰ কৰক৷ ই আপোনাৰ মনটোলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে