--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ ঘৰত পঁইতাচোৰাই বৰ অশান্তি কৰে। এইবিধ প্ৰাণীৰ উপদ্ৰৱত কেতিয়াবা ঘৰৰ মানুহ থাকিব নোৱাৰা অৱস্থা হয়। পঁইতাচোৰাই ৰোগ বিয়পোৱাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰবোৰো নষ্ট কৰে। পঁইতাচোৰা বৰ বিৰক্তিকৰ প্ৰাণী। এতিয়াৰে পৰা পঁইতাচোৰাক লৈ আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিছুমান ঘৰুৱা সৰল পদ্ধতি প্ৰয়োগ কৰি পঁইতাচোৰা খেদিব পাৰিব। 

১)তেজপাতঃ পাতবোৰ শুকুৱাব লাগে বা ভালদৰে তিয়াই ৰাখিব লাগে। যদি পাউডাৰটো সপ্তাহত কমেও দুবাৰকৈ ঘৰৰ প্ৰতিটো কোণত ছটিয়াই দিয়া হয় তেন্তে আৰু আপোনাৰ ঘৰত পঁইতাচোৰা নাথাকে। তেজপাতৰ উগ্ৰ গোন্ধ পঁইতাচোৰাই গোন্ধ সহ্য কৰিব নোৱাৰে।

২)এমোনিয়াঃ পঁইতাচোৰা মৰা দৰৱত বৃহৎ পৰিমাণত এমোনিয়া ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি সেই এমোনিয়া পোনপটীয়াকৈ ঘৰত ব্যৱহাৰ কৰিব পাৰে। পাঁচ লিটাৰ পানীত দুই কাপ তৰল এমোনিয়া লওঁক আৰু সপ্তাহত কমেও তিনিদিন ঘৰটো মচি দিয়ক। আপুনি দেখিব যে আৰু কোনো ধৰণৰ পঁইতাচোৰা নাথাকিব।

৩)বৰিক পাউডাৰঃ বৰিক পাউডাৰে পঁইতাচোৰা খুব ভালদৰে আঁতৰ কৰে। বৰিক পাউডাৰ ভাতৰ সৈতে মিহলি কৰক আৰু ঘৰৰ চুকে-কোণে ৰাখক। এই ভাত খোৱাৰ পাছত পঁইতাচোৰা তৎক্ষণাৎ মৰিব। কেৱল সেয়াই নহয় আপুনি সোনকালেই উপলব্ধি কৰিব যে পঁইতাচোৰা আপোনাৰ ঘৰৰ পৰা আঁতৰি গৈছে।

৪)লং আৰু জালুকঃ লং আৰু জালুক একেলগে ভাজক বা প্ৰখৰ ৰ'দত শুকুৱাওক। এতিয়া এইখিনি গুড়ি কৰি পানীত মিহলি কৰক আৰু ইয়াক এটা স্প্ৰে বটলত ভৰাই ঘৰৰ কোণত স্প্ৰে কৰক। পঁইতাচোৰা অহা-যোৱা কৰা ঠাইত অধিক স্প্ৰে কৰক। আপুনি দেখিব যে পঁইতাচোৰা আৰু আপোনাৰ ঘৰত নাথাকে।

৫) চেনী আৰু বেকিং চ'ডাঃ চেনী বেকিং চ'ডাত মিহলি কৰক আৰু ইয়াক পঁইতাচোৰা অহা-যোৱাৰ পথত ৰাখক। পঁইতাচোৰাই চেনী খাবলৈ ভাল পায়। বেকিং চ'ডা মিহলি চেনী খালে পঁইতাচোৰা তৎক্ষণাৎ মৰিব। 


মনত ৰাখিব:
আপুনি প্ৰতিদিনে ঘৰটো পৰিষ্কাৰ কৰিব লাগিব।
আপুনি কাপোৰত নেপথালিন ৰাখিব পাৰে।
ঘৰত বনোৱা খাদ্য ঢাকি ৰাখক যাতে পঁইতাচোৰা বা আন কোনো পোক-পতংগ খাদ্যত নপৰে।

গতিকে পঁইতাচোৰামুক্ত ঘৰৰ বাবে আজিয়েই এই সৰল পদ্ধতিবোৰ প্ৰয়োগ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত