--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ ঘৰত পঁইতাচোৰাই বৰ অশান্তি কৰে। এইবিধ প্ৰাণীৰ উপদ্ৰৱত কেতিয়াবা ঘৰৰ মানুহ থাকিব নোৱাৰা অৱস্থা হয়। পঁইতাচোৰাই ৰোগ বিয়পোৱাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰবোৰো নষ্ট কৰে। পঁইতাচোৰা বৰ বিৰক্তিকৰ প্ৰাণী। এতিয়াৰে পৰা পঁইতাচোৰাক লৈ আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিছুমান ঘৰুৱা সৰল পদ্ধতি প্ৰয়োগ কৰি পঁইতাচোৰা খেদিব পাৰিব। 

১)তেজপাতঃ পাতবোৰ শুকুৱাব লাগে বা ভালদৰে তিয়াই ৰাখিব লাগে। যদি পাউডাৰটো সপ্তাহত কমেও দুবাৰকৈ ঘৰৰ প্ৰতিটো কোণত ছটিয়াই দিয়া হয় তেন্তে আৰু আপোনাৰ ঘৰত পঁইতাচোৰা নাথাকে। তেজপাতৰ উগ্ৰ গোন্ধ পঁইতাচোৰাই গোন্ধ সহ্য কৰিব নোৱাৰে।

২)এমোনিয়াঃ পঁইতাচোৰা মৰা দৰৱত বৃহৎ পৰিমাণত এমোনিয়া ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি সেই এমোনিয়া পোনপটীয়াকৈ ঘৰত ব্যৱহাৰ কৰিব পাৰে। পাঁচ লিটাৰ পানীত দুই কাপ তৰল এমোনিয়া লওঁক আৰু সপ্তাহত কমেও তিনিদিন ঘৰটো মচি দিয়ক। আপুনি দেখিব যে আৰু কোনো ধৰণৰ পঁইতাচোৰা নাথাকিব।

৩)বৰিক পাউডাৰঃ বৰিক পাউডাৰে পঁইতাচোৰা খুব ভালদৰে আঁতৰ কৰে। বৰিক পাউডাৰ ভাতৰ সৈতে মিহলি কৰক আৰু ঘৰৰ চুকে-কোণে ৰাখক। এই ভাত খোৱাৰ পাছত পঁইতাচোৰা তৎক্ষণাৎ মৰিব। কেৱল সেয়াই নহয় আপুনি সোনকালেই উপলব্ধি কৰিব যে পঁইতাচোৰা আপোনাৰ ঘৰৰ পৰা আঁতৰি গৈছে।

৪)লং আৰু জালুকঃ লং আৰু জালুক একেলগে ভাজক বা প্ৰখৰ ৰ'দত শুকুৱাওক। এতিয়া এইখিনি গুড়ি কৰি পানীত মিহলি কৰক আৰু ইয়াক এটা স্প্ৰে বটলত ভৰাই ঘৰৰ কোণত স্প্ৰে কৰক। পঁইতাচোৰা অহা-যোৱা কৰা ঠাইত অধিক স্প্ৰে কৰক। আপুনি দেখিব যে পঁইতাচোৰা আৰু আপোনাৰ ঘৰত নাথাকে।

৫) চেনী আৰু বেকিং চ'ডাঃ চেনী বেকিং চ'ডাত মিহলি কৰক আৰু ইয়াক পঁইতাচোৰা অহা-যোৱাৰ পথত ৰাখক। পঁইতাচোৰাই চেনী খাবলৈ ভাল পায়। বেকিং চ'ডা মিহলি চেনী খালে পঁইতাচোৰা তৎক্ষণাৎ মৰিব। 


মনত ৰাখিব:
আপুনি প্ৰতিদিনে ঘৰটো পৰিষ্কাৰ কৰিব লাগিব।
আপুনি কাপোৰত নেপথালিন ৰাখিব পাৰে।
ঘৰত বনোৱা খাদ্য ঢাকি ৰাখক যাতে পঁইতাচোৰা বা আন কোনো পোক-পতংগ খাদ্যত নপৰে।

গতিকে পঁইতাচোৰামুক্ত ঘৰৰ বাবে আজিয়েই এই সৰল পদ্ধতিবোৰ প্ৰয়োগ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ