--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলুৰ অবিহনে ভোজনৰ কথা চিন্তাই কৰিব নোৱাৰি। আলু আটাইতকৈ জনপ্ৰিয় পাচলি। এনে কোনো মানুহ নাই যি আলু খাই বেয়া পায়, বেমাৰৰ বাবে কোনোৱে আলু বাদ দিছে সেয়া বেলেগ কথা। আন কিবা পাচলি থাকক বা নাথাকক আলু অবিহনে যেন গোটেই পাকঘৰটোৱেই উকা হৈ থাকে। আজি আলুৰ এক অনন্য ৰেচিপি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ যাৰ সোৱাদ অতুলনীয়। ৰুটী, লুচি, পৰঠা যিয়েই নহওঁক কিয় যদি আপোনাৰ লগত এই উৎকৃষ্ট ব্যঞ্জনটো থাকে তেন্তে খাবলৈ অতি সোৱাদভৰা হ'ব। আলুৰ এই বিশেষ ৰেচিপি কি জানো আহক

আলুৰ তৰকাৰী তৈয়াৰ কৰাৰ উপাদান 

১) আলু (পৰিয়ালৰ মানুহ হিচাপত আলু ল'ব)
২) বিলাহী
৩) তেল
৪) গোটা জিৰা
৫) হিং পাউডাৰ
৬) কেঁচা জলকীয়া
৭) হালধী
৮) কাশ্মীৰী জলকীয়া গুৰি
৯) নিমখ
১০) চাট মচলা
১১) শাহি গৰম মচলা
১২) কচুৰী মেথি গুৰি

আলুৰ তৰকাৰী ৰন্ধাৰ প্ৰদ্ধতি 

আলুৰ এই অনন্য ৰেচিপিটো তৈয়াৰ কৰিবলৈ প্ৰথমে আলুবোৰ ভালদৰে ধুব আৰু সেইবোৰ প্ৰেছাৰ কুকাৰত উতলাব। দুটা চিটি মৰাৰ পাছত গেছ বন্ধ কৰক। তাৰপাছত সিজোৱা আলুবোৰ বাকলি গুচাওক আৰু সেইবোৰ সৰু টুকুৰাত কাটক। এতিয়া আলুবোৰ তেলত ভাজক।

এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ২ টা ডাঙৰ আকাৰৰ বিলাহী পেষ্ট কৰক। কেৰাহীত তেল গৰম কৰক আৰু ১ চাহ চামুচ গোটা জিৰা, ১/২ চাহ চামুচ হিং পাউডাৰ, ২ টা কেঁচা জলকীয়া দুটুকুৰা কৰি ভালদৰে ভাজক। ইয়াৰ পাছতে বিলাহীৰ পেষ্টখিনি দিয়ক। কেৰাহীত ১ চাহ চামুচ হালধি গুৰি আৰু ১ চাহ চামুচ কাশ্মীৰী জলকীয়া গুৰি মিহলি কৰক আৰু গোটেইখিনি ভালদৰে ভাজক। 

মচলাবোৰ ভজাৰ সময়ত সোৱাদ অনুসৰি নিমখ দিয়ক, সোৱাদযুক্ত কৰিবলৈ তেনেই কম পৰিমাণত চেনী দিব।। মচলাবোৰ ভালদৰে ভাজিবলৈ ৩ মিনিট সময় লওঁক। কম তাপত এই মচলাৰে সিজোৱা আলুখিনি দিয়ক আৰু যথেষ্ট পৰিমাণে পানী দিয়ক। এই ৰন্ধনত অত্যাধিক জোলৰ কোনো প্ৰয়োজন নহ'ব। সেয়েহে আপুনি পানীৰ পৰিমাণ বুজিব লাগিব। গেছৰ তাপ বৃদ্ধি আৰু ডাঠ নোহোৱালৈকে গ্ৰেভিটো উতলাওক। অৱশেষত ওপৰৰ পৰা ১ চাহ চামুচ চাট মচলা, 1 চাহ চামুচ শ্বাহী গৰম মচলা আৰু অলপ কচুৰী মেথি গুৰি দিয়ক আৰু ইয়াক ব্যঞ্জনবিধৰ সৈতে মিহলি কৰক। ৰুটী, লুচি বা পৰঠাৰ সৈতে গৰমে গৰমে আলুৰ এই অনন্য ব্যঞ্জনৰ সোৱাদ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ