--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলুৰ অবিহনে ভোজনৰ কথা চিন্তাই কৰিব নোৱাৰি। আলু আটাইতকৈ জনপ্ৰিয় পাচলি। এনে কোনো মানুহ নাই যি আলু খাই বেয়া পায়, বেমাৰৰ বাবে কোনোৱে আলু বাদ দিছে সেয়া বেলেগ কথা। আন কিবা পাচলি থাকক বা নাথাকক আলু অবিহনে যেন গোটেই পাকঘৰটোৱেই উকা হৈ থাকে। আজি আলুৰ এক অনন্য ৰেচিপি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ যাৰ সোৱাদ অতুলনীয়। ৰুটী, লুচি, পৰঠা যিয়েই নহওঁক কিয় যদি আপোনাৰ লগত এই উৎকৃষ্ট ব্যঞ্জনটো থাকে তেন্তে খাবলৈ অতি সোৱাদভৰা হ'ব। আলুৰ এই বিশেষ ৰেচিপি কি জানো আহক

আলুৰ তৰকাৰী তৈয়াৰ কৰাৰ উপাদান 

১) আলু (পৰিয়ালৰ মানুহ হিচাপত আলু ল'ব)
২) বিলাহী
৩) তেল
৪) গোটা জিৰা
৫) হিং পাউডাৰ
৬) কেঁচা জলকীয়া
৭) হালধী
৮) কাশ্মীৰী জলকীয়া গুৰি
৯) নিমখ
১০) চাট মচলা
১১) শাহি গৰম মচলা
১২) কচুৰী মেথি গুৰি

আলুৰ তৰকাৰী ৰন্ধাৰ প্ৰদ্ধতি 

আলুৰ এই অনন্য ৰেচিপিটো তৈয়াৰ কৰিবলৈ প্ৰথমে আলুবোৰ ভালদৰে ধুব আৰু সেইবোৰ প্ৰেছাৰ কুকাৰত উতলাব। দুটা চিটি মৰাৰ পাছত গেছ বন্ধ কৰক। তাৰপাছত সিজোৱা আলুবোৰ বাকলি গুচাওক আৰু সেইবোৰ সৰু টুকুৰাত কাটক। এতিয়া আলুবোৰ তেলত ভাজক।

এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ২ টা ডাঙৰ আকাৰৰ বিলাহী পেষ্ট কৰক। কেৰাহীত তেল গৰম কৰক আৰু ১ চাহ চামুচ গোটা জিৰা, ১/২ চাহ চামুচ হিং পাউডাৰ, ২ টা কেঁচা জলকীয়া দুটুকুৰা কৰি ভালদৰে ভাজক। ইয়াৰ পাছতে বিলাহীৰ পেষ্টখিনি দিয়ক। কেৰাহীত ১ চাহ চামুচ হালধি গুৰি আৰু ১ চাহ চামুচ কাশ্মীৰী জলকীয়া গুৰি মিহলি কৰক আৰু গোটেইখিনি ভালদৰে ভাজক। 

মচলাবোৰ ভজাৰ সময়ত সোৱাদ অনুসৰি নিমখ দিয়ক, সোৱাদযুক্ত কৰিবলৈ তেনেই কম পৰিমাণত চেনী দিব।। মচলাবোৰ ভালদৰে ভাজিবলৈ ৩ মিনিট সময় লওঁক। কম তাপত এই মচলাৰে সিজোৱা আলুখিনি দিয়ক আৰু যথেষ্ট পৰিমাণে পানী দিয়ক। এই ৰন্ধনত অত্যাধিক জোলৰ কোনো প্ৰয়োজন নহ'ব। সেয়েহে আপুনি পানীৰ পৰিমাণ বুজিব লাগিব। গেছৰ তাপ বৃদ্ধি আৰু ডাঠ নোহোৱালৈকে গ্ৰেভিটো উতলাওক। অৱশেষত ওপৰৰ পৰা ১ চাহ চামুচ চাট মচলা, 1 চাহ চামুচ শ্বাহী গৰম মচলা আৰু অলপ কচুৰী মেথি গুৰি দিয়ক আৰু ইয়াক ব্যঞ্জনবিধৰ সৈতে মিহলি কৰক। ৰুটী, লুচি বা পৰঠাৰ সৈতে গৰমে গৰমে আলুৰ এই অনন্য ব্যঞ্জনৰ সোৱাদ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল