--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা-অভিনেত্ৰীসকল বহুতৰে বাবে, বিশেষকৈ নৱ প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ বাবেই আদৰ্শৰ ব্যক্তি। তেওঁলোকি কি খায়, কি পিন্ধে, কেনেদৰে কথা-বতৰা পাতে আদি কথা বোৰে নৱ প্ৰজন্মৰ বহুতৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

 সেয়ে চেলিব্ৰেটীৰ কোনো কথা নৱপ্ৰজন্মৰ বহুতৰে বাবে মনোপুত নহ’লেই বহুতে আশাহত হৈ পৰে। শেহতীয়াকৈ বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সাজ-পোছাকেও যেন বহুতকে আশাহত কৰিলে।

 বিশেষকৈ কান ২০২২ত ঐশ্বৰ্যই পৰিধান কৰা সাজযোৰেও দৰ্শকক আকৰ্ষণ কৰিব নোৱাৰিলে বুলি সমালোচনা হৈছে।

 কান ২০২২ ৰ পৰা কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনলৈ ঐশ্বৰ্য ৰায় বচ্চনে পিন্ধা পোছাককলৈ এতিয়া নেটিজেনৰ মাজত ট্ৰ'লৰ দুমুহাৰ সৃষ্টি হৈছে।

যদিও অভিনেত্ৰীগৰাকীক কান ২০২২-ৰ  পোছাকত আকৰ্ষণীয়ই লাগিছিল, তথাপি সেই পোছাকে নেটিজেনসকলক প্ৰভাৱিত কৰাত ব্যৰ্থ হৈছে। কানৰ পৰা অভিনেত্ৰীগৰাকী মায়ানগৰী মুম্বাইলৈ ঘূৰি আহিছে। তথাপি যেন তেওঁক লগ এৰা নাই পোছাক বিতৰ্কই।

 শেহতীয়াকৈ ঐশ্বৰ্যই তেওঁৰ অভিনেতা স্বামী অভিষেক বচ্চনৰ সৈতে কৰণ জোহৰৰ জন্মদিনৰ অনুষ্ঠানত উপস্থিত আছিল। অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে ক'লা কোট আৰু  সোণৰ দৰে চিকমিকীয়া পোছাক যোৰ পিন্ধিছিল। তেওঁক নিঃসন্দেহে ধুনীয়া দেখাইছিল। কিন্তু ইমানতো সন্তুষ্ট হোৱা নাই নেটিজেনসকল। বহুতেই ঐশ্বৰ্যই পিন্ধা পোছাককলৈ এতিয়া তেওঁক ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰিছে।

 কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনৰ পাৰ্টিত আটাইতকৈ বেয়া পোছাক পিন্ধা চেলিব্ৰেটীসকলৰ ভিতৰত ঐশ্বৰ্য অন্যতম বুলি বহুতে কৈছে। এজন ব্যৱহাৰকাৰীয়ে ঐশ্বৰ্যই পিন্ধা কোটটোকলৈ খেদ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, "ঐশ্বৰ্যই পিন্ধা কোটটো দৰাচলতে কোট নহয়"। আন এজন ব্যৱহাৰকাৰীয়ে অনুমান কৰিছে যে প্ৰাক্তন মিছ ৱৰ্ল্ডে কোটৰ তলত কিবা হয়তো লুকুৱাব বিচাৰিছে, নেটিজেনগৰাকীয়ে লিখিছে "কানত অভাৰকোট পিন্ধাৰ এই নতুন ফেশ্বনটোৰ অৰ্থ কি, গুলপীয়া গাউন আৰু এতিয়া সোণালী গাউনৰ সৈতে ক'লা কোট পিন্ধি  তেওঁ কি লুকুৱাই ৰাখিব বিচাৰিছে "। 

এজনে নেটিজেনে কৈছে যে অভিনেত্ৰীগৰাকী আৰু বেছি ষ্টাইলিষ্ট হোৱাৰ প্ৰয়োজন আছে,ইয়াৰ বাবে তেওঁ ষ্টাইল জনা লোকৰ পৰামৰ্শ লোৱা ভাল বুলিও বহুতে কৈছে। ইয়াৰ বিপৰীতে কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁক  অত্যন্ত ধুনীয়া দেখাইছে বুলিও প্ৰশংসা কৰিছে। 

 প্ৰশংসা কৰা একাংশ নেটিজেনে কৈছে যে দৰচালতে নেটিজেনৰ বহুতেই হয়তো ঐশ্বৰ্যক অলপ উত্তেজক পোছাক পিন্ধাটোৱেই বিচাৰিছিল। কিন্তু তেওঁ সেয়া নকৰিলে বাবে বহুতে তেওঁক সমালোচনা কৰিছে। 

ঐশ্বৰ্যৰ কন্যা আৰাধ্যা লাহে লাহে ডাঙৰ হৈ আহিছে। সেয়েই হয়তো অভিনেত্ৰীগৰাকীয়ে পোছাকত কিছু শালীনতা ৰক্ষা কৰাটো বিচাৰিছে।  এনেদৰে তেওঁ এগৰাকী দায়িত্বশীল মাতৰ পৰিচয় দিব বিচাৰিছে বুলিও বহুতে আলোচনা কৰিছে।। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান