--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা-অভিনেত্ৰীসকল বহুতৰে বাবে, বিশেষকৈ নৱ প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ বাবেই আদৰ্শৰ ব্যক্তি। তেওঁলোকি কি খায়, কি পিন্ধে, কেনেদৰে কথা-বতৰা পাতে আদি কথা বোৰে নৱ প্ৰজন্মৰ বহুতৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

 সেয়ে চেলিব্ৰেটীৰ কোনো কথা নৱপ্ৰজন্মৰ বহুতৰে বাবে মনোপুত নহ’লেই বহুতে আশাহত হৈ পৰে। শেহতীয়াকৈ বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সাজ-পোছাকেও যেন বহুতকে আশাহত কৰিলে।

 বিশেষকৈ কান ২০২২ত ঐশ্বৰ্যই পৰিধান কৰা সাজযোৰেও দৰ্শকক আকৰ্ষণ কৰিব নোৱাৰিলে বুলি সমালোচনা হৈছে।

 কান ২০২২ ৰ পৰা কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনলৈ ঐশ্বৰ্য ৰায় বচ্চনে পিন্ধা পোছাককলৈ এতিয়া নেটিজেনৰ মাজত ট্ৰ'লৰ দুমুহাৰ সৃষ্টি হৈছে।

যদিও অভিনেত্ৰীগৰাকীক কান ২০২২-ৰ  পোছাকত আকৰ্ষণীয়ই লাগিছিল, তথাপি সেই পোছাকে নেটিজেনসকলক প্ৰভাৱিত কৰাত ব্যৰ্থ হৈছে। কানৰ পৰা অভিনেত্ৰীগৰাকী মায়ানগৰী মুম্বাইলৈ ঘূৰি আহিছে। তথাপি যেন তেওঁক লগ এৰা নাই পোছাক বিতৰ্কই।

 শেহতীয়াকৈ ঐশ্বৰ্যই তেওঁৰ অভিনেতা স্বামী অভিষেক বচ্চনৰ সৈতে কৰণ জোহৰৰ জন্মদিনৰ অনুষ্ঠানত উপস্থিত আছিল। অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে ক'লা কোট আৰু  সোণৰ দৰে চিকমিকীয়া পোছাক যোৰ পিন্ধিছিল। তেওঁক নিঃসন্দেহে ধুনীয়া দেখাইছিল। কিন্তু ইমানতো সন্তুষ্ট হোৱা নাই নেটিজেনসকল। বহুতেই ঐশ্বৰ্যই পিন্ধা পোছাককলৈ এতিয়া তেওঁক ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰিছে।

 কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনৰ পাৰ্টিত আটাইতকৈ বেয়া পোছাক পিন্ধা চেলিব্ৰেটীসকলৰ ভিতৰত ঐশ্বৰ্য অন্যতম বুলি বহুতে কৈছে। এজন ব্যৱহাৰকাৰীয়ে ঐশ্বৰ্যই পিন্ধা কোটটোকলৈ খেদ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, "ঐশ্বৰ্যই পিন্ধা কোটটো দৰাচলতে কোট নহয়"। আন এজন ব্যৱহাৰকাৰীয়ে অনুমান কৰিছে যে প্ৰাক্তন মিছ ৱৰ্ল্ডে কোটৰ তলত কিবা হয়তো লুকুৱাব বিচাৰিছে, নেটিজেনগৰাকীয়ে লিখিছে "কানত অভাৰকোট পিন্ধাৰ এই নতুন ফেশ্বনটোৰ অৰ্থ কি, গুলপীয়া গাউন আৰু এতিয়া সোণালী গাউনৰ সৈতে ক'লা কোট পিন্ধি  তেওঁ কি লুকুৱাই ৰাখিব বিচাৰিছে "। 

এজনে নেটিজেনে কৈছে যে অভিনেত্ৰীগৰাকী আৰু বেছি ষ্টাইলিষ্ট হোৱাৰ প্ৰয়োজন আছে,ইয়াৰ বাবে তেওঁ ষ্টাইল জনা লোকৰ পৰামৰ্শ লোৱা ভাল বুলিও বহুতে কৈছে। ইয়াৰ বিপৰীতে কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁক  অত্যন্ত ধুনীয়া দেখাইছে বুলিও প্ৰশংসা কৰিছে। 

 প্ৰশংসা কৰা একাংশ নেটিজেনে কৈছে যে দৰচালতে নেটিজেনৰ বহুতেই হয়তো ঐশ্বৰ্যক অলপ উত্তেজক পোছাক পিন্ধাটোৱেই বিচাৰিছিল। কিন্তু তেওঁ সেয়া নকৰিলে বাবে বহুতে তেওঁক সমালোচনা কৰিছে। 

ঐশ্বৰ্যৰ কন্যা আৰাধ্যা লাহে লাহে ডাঙৰ হৈ আহিছে। সেয়েই হয়তো অভিনেত্ৰীগৰাকীয়ে পোছাকত কিছু শালীনতা ৰক্ষা কৰাটো বিচাৰিছে।  এনেদৰে তেওঁ এগৰাকী দায়িত্বশীল মাতৰ পৰিচয় দিব বিচাৰিছে বুলিও বহুতে আলোচনা কৰিছে।। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ