--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ২১ বছৰীয়া মডেল তথা অভিনেত্ৰীৰ আত্মহত্যা। বাংলা মনোৰঞ্জন উদ্যোগৰ ২১ বছৰীয়া মডেল তথা অভিনেত্ৰী বিদিশা দে মজুমদাৰে নিজৰ ফ্লেটত ফাঁচী লগাই আত্মহত্যা কৰে। আৰক্ষীয়ে ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে বিদিশাৰ মৃতদেহ। উদীয়মান মডেল তথা অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে।

 

বিদিশাই কলকাতাৰ নগৰৰ বজাৰৰ এটা ফ্লেটত ভাড়াতীয়া হিচাপে বাস কৰিছিল আৰু তাতেই তেওঁ আত্মহত্যা কৰে। বুধবাৰে সন্ধিয়া আৰক্ষীয়ে ফ্লেটত তেওঁৰ মৃতদেহ  চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে। ফ্লেটৰ দুৱাৰ ভিতৰৰ পৰা তলা লগাই থোৱা আছিল, সেই দুৱাৰ ভাঙি আৰক্ষীয়ে ঘৰৰ ভিতৰত সোমাই বিদিশাৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।



মৰণোত্তৰ পৰীক্ষাৰ বাবে বিদিশাৰ মৃতদেহ প্ৰেৰণ কৰা হয়। খবৰ অনুসৰি বিদিশাই মাত্ৰ ৪ মাহৰ পূৰ্বে নগৰৰ বজাৰৰ ফ্লেটত থাকিবলৈ আৰম্ভ কৰিছিল। বিদিশাৰ কোঠাৰ পৰা আৰক্ষীয়ে এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে। বিদিশাৰ বন্ধুসকলে কয় যে প্ৰেমিকৰ বাবেই বিদিশা ডিপ্ৰেছনত আছিল। বিদিশাৰ ঘনিষ্ঠ বন্ধু দিয়া দাসে বিদিশা ডিপ্ৰেছনত থকা বুলি জানিবলৈ দিয়ে। 



বিদিশাৰ প্ৰেমিক অনুভৱৰ আৰু তিনি গৰাকী গাৰ্লফ্ৰেণ্ড আছিল। অনুভৱৰ অন্য যুৱতীৰ সৈতে থকা প্ৰেম সহ্য কৰিব নোৱাৰি বিদিশা হতাশাত ভুগিছিল। বিদিশাৰ ছুইচাইড নোটত তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰিছে কিন্তু সেই কথা সত্য নহয় বুলি জনাইছে বিদিশাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে। আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে পোহৰলৈ আহিব বিদিশা দে মজুমদাৰে প্ৰেমৰ বাবে আত্মহত্যা কৰিলে নে ৰোগৰ বাবে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ