--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ২১ বছৰীয়া মডেল তথা অভিনেত্ৰীৰ আত্মহত্যা। বাংলা মনোৰঞ্জন উদ্যোগৰ ২১ বছৰীয়া মডেল তথা অভিনেত্ৰী বিদিশা দে মজুমদাৰে নিজৰ ফ্লেটত ফাঁচী লগাই আত্মহত্যা কৰে। আৰক্ষীয়ে ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে বিদিশাৰ মৃতদেহ। উদীয়মান মডেল তথা অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে।

 

বিদিশাই কলকাতাৰ নগৰৰ বজাৰৰ এটা ফ্লেটত ভাড়াতীয়া হিচাপে বাস কৰিছিল আৰু তাতেই তেওঁ আত্মহত্যা কৰে। বুধবাৰে সন্ধিয়া আৰক্ষীয়ে ফ্লেটত তেওঁৰ মৃতদেহ  চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে। ফ্লেটৰ দুৱাৰ ভিতৰৰ পৰা তলা লগাই থোৱা আছিল, সেই দুৱাৰ ভাঙি আৰক্ষীয়ে ঘৰৰ ভিতৰত সোমাই বিদিশাৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।



মৰণোত্তৰ পৰীক্ষাৰ বাবে বিদিশাৰ মৃতদেহ প্ৰেৰণ কৰা হয়। খবৰ অনুসৰি বিদিশাই মাত্ৰ ৪ মাহৰ পূৰ্বে নগৰৰ বজাৰৰ ফ্লেটত থাকিবলৈ আৰম্ভ কৰিছিল। বিদিশাৰ কোঠাৰ পৰা আৰক্ষীয়ে এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে। বিদিশাৰ বন্ধুসকলে কয় যে প্ৰেমিকৰ বাবেই বিদিশা ডিপ্ৰেছনত আছিল। বিদিশাৰ ঘনিষ্ঠ বন্ধু দিয়া দাসে বিদিশা ডিপ্ৰেছনত থকা বুলি জানিবলৈ দিয়ে। 



বিদিশাৰ প্ৰেমিক অনুভৱৰ আৰু তিনি গৰাকী গাৰ্লফ্ৰেণ্ড আছিল। অনুভৱৰ অন্য যুৱতীৰ সৈতে থকা প্ৰেম সহ্য কৰিব নোৱাৰি বিদিশা হতাশাত ভুগিছিল। বিদিশাৰ ছুইচাইড নোটত তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰিছে কিন্তু সেই কথা সত্য নহয় বুলি জনাইছে বিদিশাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে। আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে পোহৰলৈ আহিব বিদিশা দে মজুমদাৰে প্ৰেমৰ বাবে আত্মহত্যা কৰিলে নে ৰোগৰ বাবে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত