--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বছৰটোৰ কর্ম খতিয়ান পর্যালোচনা কৰি শ্রেষ্ঠ জিলা হিচাপে যথাক্রমে ওদালগুৰি, ধেমাজি আৰু ধুবুৰী জিলা লেখিকা সমাজক নির্বাচন কৰা হয়।

ডিজিটেল ডেস্কঃ অসম লেখিকা সমাজৰ এখন কার্যনির্বাহক সভা পদুমী গগৈৰ পৌৰোহিত্যত গুগুল মীট যোগে অনুষ্ঠিত হয়। সভাত কেইবাটাও গুৰুত্বপূর্ণ বিষয় আলোচিত হয় আৰু সেই মর্মে সিদ্ধান্ত গ্রহণ কৰা হয়। অসম লেখিকা সমাজে আনবাৰৰ দৰে এইবাৰো প্রতিষ্ঠা দিৱসত কেইবাটাও শিতানত বঁটা প্রদান কৰিব।


অৰূপা বেথেল ৰংপি প্রদত্ত ন্যাসেৰে পুণ্যলতা শর্মা ৰংপি সোঁৱৰণি 'মহীয়সী' বঁটা আগবঢ়োৱা হৈছে মৰাণৰ অঞ্জলি মহন চেতিয়ালৈ। অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে তেখেতক এই সম্মানেৰে সন্মানিত কৰা হৈছে।


আনহাতে যোগমায়া সন্দিকৈ শইকীয়া প্রদত্ত ন্যাসেৰে ভুৱেনেশ্বৰী গগৈ সোঁৱৰণি 'সাহিত্য সৌৰভ' বঁটা যুটীয়াভাবে আগবঢ়োৱা হৈছে বন্তি শেনচোৱা আৰু জুৰি শইকীয়ালৈ। সৃষ্টি বকুল বিনীতা শইকীয়া গগৈ প্রদত্ত ন্যাসেৰে শিক্ষাবিদ বকুল শইকীয়া সোঁৱৰণি 'সাহিত্য সম্পাদনা' বঁটা আগবঢ়োৱা হৈছে অতনু ভট্টাচার্যলৈ, দিনমণি ভাণ্ডাৰ কায়স্থ প্রদত্ত ন্যাসেৰে অনন্ত দেবশর্মা সোঁৱৰণি 'শিশু সাহিত্য' বঁটা আগবঢ়োৱা হৈছে শান্তনু তামুলীলৈ আৰু অসম লেখিকা সমাজৰ প্রতিষ্ঠাপক সভাপতি পদুমী গগৈ প্রদত্ত ন্যাসেৰে 'সৃষ্টি বৈভব সাহিত্য প্রেৰণা' বঁটা আগবঢ়োৱা হৈছে ৰত্না ৰংচেহনপী আৰু নীলাঞ্জনা পাচনিলৈ।


অসম লেখিকা সমাজৰ প্রতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত সাহিত্য প্রতিযোগিতাৰ ফলাফলো এই সভাতে ঘোষণা কৰা হয়। গল্পৰ শিতানত প্রথম ৰূপজ্যোতি শইকীয়া ভূঞা, দ্বিতীয়- অঞ্জু শইকীয়া, তৃতীয় যুটীয়াভাৱে ৰুমা শইকীয়া আৰু সবিতা বর্মন। কবিতা শিতানত প্রথম ৰেখা বৰকটকী, দ্বিতীয়-প্রতিভা দেৱী দস্তিদাৰ, তৃতীয় যুটীয়াভাৱে বনিতা নেওগ আৰু জেচমিন চুলতানা, প্রবন্ধ শিতানত প্রথম যুটীয়াভাৱে মীৰা গোস্বামী, ডঃ কৰৱী দাস, দ্বিতীয় যুটীয়াভাবে মামু দুৱৰা আৰু নীতুমলি কলিতা, তৃতীয় যুটীয়াভাৱে অদিতি কোঁৱৰ, চুনুমা বৈশ্য, দিপালী হাজৰিকা। আনহাতে মুখপত্র/ স্মৰণিকা প্রতিযোগিতাত প্রথম স্থান লাভ কৰে তামুলপুৰ জিলা লেখিকা সমাজৰ 'অণুভা'ই, দ্বিতীয় স্থান লাভ কৰে নলবাৰী জিলাৰ 'মনস্বিনী' আৰু তৃতীয় স্থান লাভ কৰে নাজিৰা আঞ্চলিক লেখিকা সমাজৰ 'সৃজনীয়ে।


বছৰটোৰ কর্ম খতিয়ান পর্যালোচনা কৰি শ্রেষ্ঠ জিলা হিচাপে যথাক্রমে ওদালগুৰি, ধেমাজি আৰু ধুবুৰী জিলা লেখিকা সমাজক নির্বাচন কৰা হয়। সোঁৱৰণিসূচক বঁটা সমূহ অহা সাত নৱেম্বৰত অসম লেখিকা সমাজৰ উদ্যোগত আৰু গোলাঘাট জিলা লেখিকা সমাজৰ সহযোগত ফৰকাটিংস্থিত অমৰজ্যোতি ক্লাবৰ প্রাংগনত উদযাপিত হ'বলগীয়া চতুর্থ প্রতিষ্ঠা দিৱসৰ মধ্যাহ্নৰ মুকলি সভাত প্রদান কৰা হ'ব।


লগতে অসম লেখিকা সমাজৰ মুখপত্র 'প্রজ্ঞা' আৰু গোলাঘাট জিলা লেখিকা সমাজৰ স্মৰণিকা 'সমন্বয়ৰ ধনশিৰি' উন্মোচন কৰা হ'ব। আনহাতে সাহিত্য প্রতিযোগিতাৰ পুৰস্কাৰসমূহ পুৱাভাগত অনুষ্ঠিতব্য সতীর্থ সম্মিলনত প্রদান কৰা হ'ব। এই সভাখন আঁত ধৰে প্রধান সম্পাদক বর্ণালী দত্ত বৰাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ