--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বছৰটোৰ কর্ম খতিয়ান পর্যালোচনা কৰি শ্রেষ্ঠ জিলা হিচাপে যথাক্রমে ওদালগুৰি, ধেমাজি আৰু ধুবুৰী জিলা লেখিকা সমাজক নির্বাচন কৰা হয়।

ডিজিটেল ডেস্কঃ অসম লেখিকা সমাজৰ এখন কার্যনির্বাহক সভা পদুমী গগৈৰ পৌৰোহিত্যত গুগুল মীট যোগে অনুষ্ঠিত হয়। সভাত কেইবাটাও গুৰুত্বপূর্ণ বিষয় আলোচিত হয় আৰু সেই মর্মে সিদ্ধান্ত গ্রহণ কৰা হয়। অসম লেখিকা সমাজে আনবাৰৰ দৰে এইবাৰো প্রতিষ্ঠা দিৱসত কেইবাটাও শিতানত বঁটা প্রদান কৰিব।


অৰূপা বেথেল ৰংপি প্রদত্ত ন্যাসেৰে পুণ্যলতা শর্মা ৰংপি সোঁৱৰণি 'মহীয়সী' বঁটা আগবঢ়োৱা হৈছে মৰাণৰ অঞ্জলি মহন চেতিয়ালৈ। অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে তেখেতক এই সম্মানেৰে সন্মানিত কৰা হৈছে।


আনহাতে যোগমায়া সন্দিকৈ শইকীয়া প্রদত্ত ন্যাসেৰে ভুৱেনেশ্বৰী গগৈ সোঁৱৰণি 'সাহিত্য সৌৰভ' বঁটা যুটীয়াভাবে আগবঢ়োৱা হৈছে বন্তি শেনচোৱা আৰু জুৰি শইকীয়ালৈ। সৃষ্টি বকুল বিনীতা শইকীয়া গগৈ প্রদত্ত ন্যাসেৰে শিক্ষাবিদ বকুল শইকীয়া সোঁৱৰণি 'সাহিত্য সম্পাদনা' বঁটা আগবঢ়োৱা হৈছে অতনু ভট্টাচার্যলৈ, দিনমণি ভাণ্ডাৰ কায়স্থ প্রদত্ত ন্যাসেৰে অনন্ত দেবশর্মা সোঁৱৰণি 'শিশু সাহিত্য' বঁটা আগবঢ়োৱা হৈছে শান্তনু তামুলীলৈ আৰু অসম লেখিকা সমাজৰ প্রতিষ্ঠাপক সভাপতি পদুমী গগৈ প্রদত্ত ন্যাসেৰে 'সৃষ্টি বৈভব সাহিত্য প্রেৰণা' বঁটা আগবঢ়োৱা হৈছে ৰত্না ৰংচেহনপী আৰু নীলাঞ্জনা পাচনিলৈ।


অসম লেখিকা সমাজৰ প্রতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত সাহিত্য প্রতিযোগিতাৰ ফলাফলো এই সভাতে ঘোষণা কৰা হয়। গল্পৰ শিতানত প্রথম ৰূপজ্যোতি শইকীয়া ভূঞা, দ্বিতীয়- অঞ্জু শইকীয়া, তৃতীয় যুটীয়াভাৱে ৰুমা শইকীয়া আৰু সবিতা বর্মন। কবিতা শিতানত প্রথম ৰেখা বৰকটকী, দ্বিতীয়-প্রতিভা দেৱী দস্তিদাৰ, তৃতীয় যুটীয়াভাৱে বনিতা নেওগ আৰু জেচমিন চুলতানা, প্রবন্ধ শিতানত প্রথম যুটীয়াভাৱে মীৰা গোস্বামী, ডঃ কৰৱী দাস, দ্বিতীয় যুটীয়াভাবে মামু দুৱৰা আৰু নীতুমলি কলিতা, তৃতীয় যুটীয়াভাৱে অদিতি কোঁৱৰ, চুনুমা বৈশ্য, দিপালী হাজৰিকা। আনহাতে মুখপত্র/ স্মৰণিকা প্রতিযোগিতাত প্রথম স্থান লাভ কৰে তামুলপুৰ জিলা লেখিকা সমাজৰ 'অণুভা'ই, দ্বিতীয় স্থান লাভ কৰে নলবাৰী জিলাৰ 'মনস্বিনী' আৰু তৃতীয় স্থান লাভ কৰে নাজিৰা আঞ্চলিক লেখিকা সমাজৰ 'সৃজনীয়ে।


বছৰটোৰ কর্ম খতিয়ান পর্যালোচনা কৰি শ্রেষ্ঠ জিলা হিচাপে যথাক্রমে ওদালগুৰি, ধেমাজি আৰু ধুবুৰী জিলা লেখিকা সমাজক নির্বাচন কৰা হয়। সোঁৱৰণিসূচক বঁটা সমূহ অহা সাত নৱেম্বৰত অসম লেখিকা সমাজৰ উদ্যোগত আৰু গোলাঘাট জিলা লেখিকা সমাজৰ সহযোগত ফৰকাটিংস্থিত অমৰজ্যোতি ক্লাবৰ প্রাংগনত উদযাপিত হ'বলগীয়া চতুর্থ প্রতিষ্ঠা দিৱসৰ মধ্যাহ্নৰ মুকলি সভাত প্রদান কৰা হ'ব।


লগতে অসম লেখিকা সমাজৰ মুখপত্র 'প্রজ্ঞা' আৰু গোলাঘাট জিলা লেখিকা সমাজৰ স্মৰণিকা 'সমন্বয়ৰ ধনশিৰি' উন্মোচন কৰা হ'ব। আনহাতে সাহিত্য প্রতিযোগিতাৰ পুৰস্কাৰসমূহ পুৱাভাগত অনুষ্ঠিতব্য সতীর্থ সম্মিলনত প্রদান কৰা হ'ব। এই সভাখন আঁত ধৰে প্রধান সম্পাদক বর্ণালী দত্ত বৰাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ কলাগুৰু ফাউণ্ডেশ্যনক দিব 'ৰৈ ৰৈ বিনালে'ৰ কৰৰ ধন, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত
২০৩১ চনত দুগুণলৈ বাঢ়িব ভাৰতীয়ৰ আয়
জুবিন গাৰ্গৰ অনুষ্ঠানৰ মাননি আত্মসাৎ কৰিছিল 'সিদ্ধার্থ এণ্ড কোম্পানী'য়ে
কলিয়াবৰত ১ কোটি ২০ লাখ টকাৰ জালনোট উদ্ধাৰ; আটক মুজিবুৰ ৰহমান
অতি কম দামতে পোৱা এবিধ ছুপাৰফুড বাদাম; বহু সমস্যা কৰে দূৰ
'ৰৈ ৰৈ বিনালে' মৰমেৰে চাবলৈ আহ্বান গৰিমা গাৰ্গৰ
সৰিয়হৰ তেল বিশুদ্ধ নে ভেজাল? এই ৩টা সহজ ঘৰুৱা পৰীক্ষা জানি লওক
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা
অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; কেইবাটাও শিতানত কৰিব বঁটা প্রদান
নামৰূপত কৰুণ ঘটনা! নৰ্দমাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
'জয় জুবিন ' ধ্বনিৰে জামুগুৰিহাটত খেৰ কাটিলে সহস্ৰাধিক লোকে
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কিদৰে হৈছিল ছিংগাপুৰত ? ছিংগাপুৰৰ পৰা অসমলৈ উভতিল এছ আই টিৰ দল
দ্বিতীয় মেচতো ভাৰতৰ পৰাজয়, এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ
জুবিন ক্ষেত্রত মদ্যপায়ীৰ প্ৰৱেশ নিষিদ্ধ