--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অজ্ঞান হৈ পৰিল ফিলিপাইনছৰ প্ৰতিৰক্ষা সচিব ডেলফিন লৰেঞ্জানা। পতাকা উত্তোলনৰ সময়ত হঠাৎ অচেতন হৈ পৰে তেওঁ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰতিৰক্ষা বিভাগৰ উদ্ধৃতিৰে বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। ৭৩ বছৰীয়া নেতাগৰাকীয়ে এক টুইট কৰি কয় যে তেওঁ অতি সোনকালে প্ৰকৃত সৈনিকৰ দৰে নিজৰ ভৰিৰ ওপৰত থিয় দিছে। শেহতীয়াকৈ তেওঁৰ এংগেজমেণ্টৰ বাবে টোপনি আৰু জিৰণিৰ অভাৱৰ বাবে ভাগৰুৱা হোৱা বাবে এই মুহূৰ্তত এই অসুস্থতাৰ সৃষ্টি হৈছে।

খবৰ অনুসৰি, লৰেঞ্জানাই ছিংগাপুৰ, কোৰিয়া আৰু ফিলিপাইনছৰ বিভিন্ন ঠাইত বেক টু বেক এংগেজমেণ্টৰ সৈতে মোকাবিলা কৰি আহিছিল। ফিলিপাইনছৰ প্ৰতিৰক্ষা সচিবগৰাকীয়ে লিখিছে, ‘নমস্কাৰ সকলোকে! শেহতীয়াকৈ মোৰ একেৰাহে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বৈঠক আৰু জিৰণি তথা টোপনিৰ অভাৱে মোৰ শাৰীৰীক স্ব্যস্থ্যত প্ৰভাৱ পেলাইছে।’ তেওঁ লগতে কয়,   ‘কিন্তু মই প্ৰকৃত সৈনিকৰ দৰে পুনৰ সুস্থ হৈ উঠিছো। মই এতিয়া ভালে আছো৷’ 

ইফালে চিকিৎসালয়ৰ বিচনাত বহি থকা এখন ফটোও সংলগ্ন কৰি পোষ্ট কৰিছে ফিলিপাইনছৰ প্ৰতিৰক্ষা সচিব গৰাকীয়ে। ডাঙৰ ফুড ট্ৰে এখনৰ সন্মুখত হাঁহি হাঁহি ফটোখনৰ বাবে পজ দিয়াও দেখা গৈছে তেওঁক।

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিভাগে তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি সংবাদ সংস্থাক জনাইছে। প্ৰতিৰক্ষা মুখপাত্ৰ আৰ্চেনিও এণ্ডোলঙৰ মতে, লৰেঞ্জানাৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু আজি পুৱা ৰিজাল পাৰ্কত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন অনুষ্ঠানৰ সময়ত মূৰ্চ্ছা যোৱাৰ পিছত তেওঁক জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে বুলি জনায়।

সংবাদ সংস্থাটোৱে জনোৱা মতে, ১৯ সংখ্যক শ্বাংগ্ৰী-লা সংলাপত অংশগ্ৰহণ কৰি আৰু বিদেশী সমকক্ষসকলৰ সৈতে সাক্ষাৎ কৰি দেওবাৰে পুৱাই ছিংগাপুৰৰ পৰা আহিছিল লৰেঞ্জানা। মেনিলাত অৱতৰণ কৰাৰ পিছত তেওঁ পোনে পোনে অনুষ্ঠানলৈ গৈছিল।

স্মৰ্তব্য যে, ফিলিপাইনছত প্ৰতি বছৰে ১২ জুন তাৰিখে স্পেইনৰ শাসনৰ বিৰোধিতা কৰি স্বাধীনতা দিৱস উদযাপন কৰা হয়। আজি তেনে এক অনুষ্ঠানতে এই ঘটনা সংঘটিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ