--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অজ্ঞান হৈ পৰিল ফিলিপাইনছৰ প্ৰতিৰক্ষা সচিব ডেলফিন লৰেঞ্জানা। পতাকা উত্তোলনৰ সময়ত হঠাৎ অচেতন হৈ পৰে তেওঁ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰতিৰক্ষা বিভাগৰ উদ্ধৃতিৰে বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। ৭৩ বছৰীয়া নেতাগৰাকীয়ে এক টুইট কৰি কয় যে তেওঁ অতি সোনকালে প্ৰকৃত সৈনিকৰ দৰে নিজৰ ভৰিৰ ওপৰত থিয় দিছে। শেহতীয়াকৈ তেওঁৰ এংগেজমেণ্টৰ বাবে টোপনি আৰু জিৰণিৰ অভাৱৰ বাবে ভাগৰুৱা হোৱা বাবে এই মুহূৰ্তত এই অসুস্থতাৰ সৃষ্টি হৈছে।

খবৰ অনুসৰি, লৰেঞ্জানাই ছিংগাপুৰ, কোৰিয়া আৰু ফিলিপাইনছৰ বিভিন্ন ঠাইত বেক টু বেক এংগেজমেণ্টৰ সৈতে মোকাবিলা কৰি আহিছিল। ফিলিপাইনছৰ প্ৰতিৰক্ষা সচিবগৰাকীয়ে লিখিছে, ‘নমস্কাৰ সকলোকে! শেহতীয়াকৈ মোৰ একেৰাহে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বৈঠক আৰু জিৰণি তথা টোপনিৰ অভাৱে মোৰ শাৰীৰীক স্ব্যস্থ্যত প্ৰভাৱ পেলাইছে।’ তেওঁ লগতে কয়,   ‘কিন্তু মই প্ৰকৃত সৈনিকৰ দৰে পুনৰ সুস্থ হৈ উঠিছো। মই এতিয়া ভালে আছো৷’ 

ইফালে চিকিৎসালয়ৰ বিচনাত বহি থকা এখন ফটোও সংলগ্ন কৰি পোষ্ট কৰিছে ফিলিপাইনছৰ প্ৰতিৰক্ষা সচিব গৰাকীয়ে। ডাঙৰ ফুড ট্ৰে এখনৰ সন্মুখত হাঁহি হাঁহি ফটোখনৰ বাবে পজ দিয়াও দেখা গৈছে তেওঁক।

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিভাগে তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি সংবাদ সংস্থাক জনাইছে। প্ৰতিৰক্ষা মুখপাত্ৰ আৰ্চেনিও এণ্ডোলঙৰ মতে, লৰেঞ্জানাৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু আজি পুৱা ৰিজাল পাৰ্কত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন অনুষ্ঠানৰ সময়ত মূৰ্চ্ছা যোৱাৰ পিছত তেওঁক জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে বুলি জনায়।

সংবাদ সংস্থাটোৱে জনোৱা মতে, ১৯ সংখ্যক শ্বাংগ্ৰী-লা সংলাপত অংশগ্ৰহণ কৰি আৰু বিদেশী সমকক্ষসকলৰ সৈতে সাক্ষাৎ কৰি দেওবাৰে পুৱাই ছিংগাপুৰৰ পৰা আহিছিল লৰেঞ্জানা। মেনিলাত অৱতৰণ কৰাৰ পিছত তেওঁ পোনে পোনে অনুষ্ঠানলৈ গৈছিল।

স্মৰ্তব্য যে, ফিলিপাইনছত প্ৰতি বছৰে ১২ জুন তাৰিখে স্পেইনৰ শাসনৰ বিৰোধিতা কৰি স্বাধীনতা দিৱস উদযাপন কৰা হয়। আজি তেনে এক অনুষ্ঠানতে এই ঘটনা সংঘটিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে