--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএণ্টাৰ্কটিকাৰ ৰহস্য আজিও সম্পূৰ্ণ ৰুপে ভেদ হোৱা নাই। ভাৰত, আমেৰিকা, চীন, ৰাছিয়া আদি দেশ সমূহে এণ্টাৰ্কটিকাৰ ৰহস্য ভেদ কৰিবলৈ সেই স্থানত বৈজ্ঞানিক গৱেষণাগাৰ স্থাপন কৰিছে।এণ্টাৰ্কটিকাৰ তাপ মাত্ৰা বছৰৰ সকলো সময়তে শূন্য ডিগ্ৰী চেলচিয়াৰ তলত থাকে।বিজ্ঞানীসকলে এণ্টাৰ্কটিকাৰ বৰফ পৃষ্ঠৰ তলত আন এখন বিচিত্ৰ পৃথিৱী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

বিজ্ঞানীসকলেএণ্টাৰ্কটিকাৰ বৰফ পৃষ্ঠৰ তলত এনে এক পৰিৱেশ তন্ত্ৰ বিচাৰি পাইছে যিটো আজিলৈকে পৃথিৱীৰ আন ঠাইত  কেতিয়াও দেখা যোৱা নাই। এণ্টাৰ্কটিকাৰ বৰফৰ পৃষ্ঠৰ তলত, এটা ভূগৰ্ভস্থ নদী আৰু  এটা অন্ধকাৰ গুহা আছে বুলি বিজ্ঞানীসকলে জানিব পাৰিছে। সেই গুহাটোত কেতবোৰ  সৰু সৰু জন্তুৱে বাস  কৰি আছে বুলিও ,যিবোৰ দেখিবলৈ মিছামাছৰ দৰে । এনে প্ৰাণী পৃথিৱীৰ আন ঠাইত বিজ্ঞানীসকলে কেতিয়াও দেখা নাই বুলি প্ৰকাশ কৰিছে।

বিজ্ঞানীসকলে এণ্টাৰ্কটিকাৰ পূব উপকূলৰ সৈতে সংলগ্ন লাৰ্চেন আইচ শ্বেল্ফৰ তলত এই বিচিত্ৰ পৃথিৱী খনৰ সন্ধান লাভ কৰিছে।

 লাৰ্চেন আইচ শ্বেল্ফ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ আইচবাৰ্গ। এই আইচবাৰ্গটো ২০২১ চনত ভাঙি পৰিছিল। গৱেষকৰ দলটোৱে বৰফৰ পৃষ্ঠত ১৬৪০ ফুট অৰ্থাৎ প্ৰায় ৫০০ মিটাৰ ড্ৰিল কৰিছিল। তেওঁলোকে ড্ৰিল কৰোতে ব্যৱহাৰ কৰা পাইপৰ সৈতে এটা কেমেৰা আছিল। কেমেৰাটোত এণ্টাৰ্কটিকাৰ ৫০০ মিটাৰ তলত ইয়াত শ শ জলজ প্ৰাণীৰ ছবি বন্দী হৈছে।

ইমান শীতল ঠাইৰ তলত এনেদৰে জীৱই বিচৰণ কৰি থকাৰ কথাই বিজ্ঞানীসকলক বিস্মিত কৰি তুলিছে।
এই অভিযানত ভাগ লোৱা বিজ্ঞানী ক্ৰেগ ষ্টিভেনছে  কয় যে এণ্টাৰ্কটিকাৰ  ইমান গভীৰতাতো এক গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰ থকাৰ কথাটো সঁচাকৈ কেতিয়াও ভাবিব নোৱাৰা ধৰণৰ কথা।

বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি বিশ্বাস কৰি আহিছে যে এণ্টাৰ্কটিকাৰ তলত নদী আৰু হ্ৰদ আছে। অৱশ্যে, এতিয়ালৈকে এই বিষয়ে কোনো নিৰ্দিষ্ট অধ্যয়ন কৰা হোৱা নাই। বৰফৰ পৃষ্ঠৰ তলত নদীত জীৱন বিচাৰি পোৱাটোও এটা গুৰুত্বপূৰ্ণ সাফল্য হিচাবে বিবেচিত হৈছে। গ্লেচিঅ'লজিষ্ট আৰু গৱেষণাটো মুখ্য গৱেষক হিউ হৰ্গানে কয়  যে এই নদীখন পৰ্যবেক্ষণ কৰিলে এণ্টাৰ্কটিকাৰ তলত  এখন সুকীয়া  পৃথিৱী বিচাৰি পোৱা যেন অনুভৱ হয়। 

গৱেষকৰ দলটোৱে প্ৰথমে  উপগ্ৰহ ছবিৰ পৰা গম পাইছিল যে এণ্টাৰ্কচিকাৰ  পৃষ্ঠৰ তলত এখন নদী আছে। উল্লেখ্য এণ্টাৰ্কটিকাৰ বৰফৰ তিনি শতাংশই পেংগুইনৰ মূত্ৰৰে গঠিত ।বৰফেৰে ভৰি থকা এণ্টাৰ্কটিকাৰ বৰফৰ ৩ শতাংশই সৃষ্টি হৈছে মেৰু প্ৰদেশৰ বাসিন্দা পেংগুইনৰ প্ৰস্রাৱৰ পৰা। আচৰিত যেন লাগিলেও এয়া সম্পূৰ্ণ সঁচা কথা।

পেংগুইনৰ সৈতে সহাৱস্থান কৰি থকা বিজ্ঞানী সকলে প্ৰাণী বিধৰ কেতবোৰ ৰোমাঞ্চকৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।অত্যধিক শীতৰ বাবে পেংগুইনে কৰা প্ৰস্রাৱ দেহৰ বাহিৰৰ পৰিবেশ পোৱাৰ লগে লগে বৰফলৈ ৰূপান্তৰিত হয়।

সেয়ে পেংগুইনে যেতিয়া প্ৰস্রাৱ কৰে তেতিয়া সেই প্ৰস্রাৱ কেতিয়াও বৈ যাব নোৱাৰে।
এনেদৰে হাজাৰ হাজাৰ বছৰ ধৰি পেংগুইনৰ প্ৰস্রাৱৰ পৰা হোৱা বৰফ লগ লাগি এণ্টাৰ্কটিকাৰ প্ৰায় তিনি শতাংশ বৰফৰ সৃষ্টি হৈছে।

পেংগুইনৰ প্ৰস্রাৱৰ পৰা সৃষ্টি হোৱা বৰফৰ বৰণ ঈষৎ হালধীয়া হয় বুলি বহুতে কৈ আহিছে।
এণ্টাৰ্কটিকাৰ বৰফ উত্তাপত গলি যোৱা অথবা ভাপ হৈ উৰি যোৱাৰো কোনো সম্ভাৱনা নথকাৰ বাবেই যুগ-যুগান্তৰ ধৰি তাত পেংগুইনৰ প্ৰস্রাৱ বৰফৰ ৰুপতে সঞ্চিত হৈ ৰৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ