--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যেতিয়াই দেৰিকৈ অফিচত উপস্থিত হয় তেতিয়াই বছৰ ধমকিৰ পৰা হাত সাৰিবলৈ 'ট্ৰেফিক জাম'ৰ পৰা আৰম্ভ কৰি বহু অজুহাত সাজু কৰি ৰাখক! হাস্যকৰ যেন লাগিলেও এয়াই বৰ্তমান সময়ত সঠিক পৰামৰ্শ। এজন পুৰুষ‌ বা মহিলাৰ  মাহত এবাৰ বা দুবাৰ অফিচ পোৱাত স্বাভাবিকতে দেৰি হয়। কিন্তু  কাৰোবাৰ প্ৰতিদিনে দেৰি হৈ থাকিলে বছজন বিচলিত হোৱাটো নিশ্চিত। কিন্তু শেহতীয়াকৈ আমেৰিকাৰ ফ্ল’ৰিডাৰ পৰা এনে এটা গোচৰ পোহৰলৈ আহিছে,যিটো কথা জানিলে আপুনি দেৰিকৈ অফিচত পলমকৈ উপস্থিত হোৱাৰ ভুলটো নকৰাটো প্ৰায় নিশ্চিত। দৰাচলতে ৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এজন ব্যক্তিয়ে ২০ মিনিট পলমকৈ অফিচত উপস্থিত হৈছিল আৰু তেওঁৰ ভুলৰ বাবে কোম্পানীয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। এনে অৱস্থাত এতিয়া আন কৰ্মচাৰীয়ে ব্যক্তিজনক পুনৰ নিযুক্তিৰ বাবে অভিযান চলাই আছে। তেওঁলোকে চেষ্টা কৰি আছে যাতে মানুহজনে চাকৰিটো ঘূৰাই পায়।

ৰেডিটৰ এন্টিৱৰ্ক ফ'ৰামত এই পোষ্টটো শ্বেয়াৰ কৰা হৈছে য'ত ব্যৱহাৰকাৰীজনে প্ৰকাশ কৰিছে যে কৰ্মচাৰীজনে সেই কোম্পানীত কাম কৰা সাত বছৰতকৈ অধিক সময় ধৰি কাম কৰি আছিল। আৰু কাৰ্যকালৰ সময়ত তেওঁৰ "প্ৰথমবাৰৰ বাবে" দেৰি হৈছিল। ব্যৱহাৰকাৰীজনৰ মতে, মাত্ৰ ২০ মিনিট পলমকৈ উপস্থিত হোৱাৰ বাবে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। ব্যৱহাৰকাৰীজনে লগতে কয় যে বৰ্তমানৰ কৰ্মচাৰীসকলে ব্যক্তিজনক পুনৰ নিযুক্তি নোপোৱালৈকে পলমকৈ উপস্থিত হৈ এক নতুন পদক্ষেপৰ প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছে।

শতাধিক লোকে এই বিষয়ে নিজৰ মত লিখিছে। একাংশ ব্যৱহাৰকাৰীয়ে কয় যে কেৱল ২০ মিনিট পলম হোৱাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো উচিত নহয়। একে সময়তে একাংশ লোকে এই আপাহতে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰে। এজন ব্যক্তিয়ে লিখিছে  "আমি আগতে দেৰি হ’লে সতৰ্কবাণী পাইছিলোঁ। যদি বেছি হ’লহেঁতেন তেন্তে দৰমহা কৰ্তন কৰা হৈছিল৷ কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত হোৱাটো ঠিক নহয়।" উল্লেখযোগ্য যে উক্ত ঘটনাটো আমেৰিকাৰ ফ্ল’ৰিডাত সংঘটিত হৈছে বুলি জানিব পাৰি।





FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা