--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যেতিয়াই দেৰিকৈ অফিচত উপস্থিত হয় তেতিয়াই বছৰ ধমকিৰ পৰা হাত সাৰিবলৈ 'ট্ৰেফিক জাম'ৰ পৰা আৰম্ভ কৰি বহু অজুহাত সাজু কৰি ৰাখক! হাস্যকৰ যেন লাগিলেও এয়াই বৰ্তমান সময়ত সঠিক পৰামৰ্শ। এজন পুৰুষ‌ বা মহিলাৰ  মাহত এবাৰ বা দুবাৰ অফিচ পোৱাত স্বাভাবিকতে দেৰি হয়। কিন্তু  কাৰোবাৰ প্ৰতিদিনে দেৰি হৈ থাকিলে বছজন বিচলিত হোৱাটো নিশ্চিত। কিন্তু শেহতীয়াকৈ আমেৰিকাৰ ফ্ল’ৰিডাৰ পৰা এনে এটা গোচৰ পোহৰলৈ আহিছে,যিটো কথা জানিলে আপুনি দেৰিকৈ অফিচত পলমকৈ উপস্থিত হোৱাৰ ভুলটো নকৰাটো প্ৰায় নিশ্চিত। দৰাচলতে ৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এজন ব্যক্তিয়ে ২০ মিনিট পলমকৈ অফিচত উপস্থিত হৈছিল আৰু তেওঁৰ ভুলৰ বাবে কোম্পানীয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। এনে অৱস্থাত এতিয়া আন কৰ্মচাৰীয়ে ব্যক্তিজনক পুনৰ নিযুক্তিৰ বাবে অভিযান চলাই আছে। তেওঁলোকে চেষ্টা কৰি আছে যাতে মানুহজনে চাকৰিটো ঘূৰাই পায়।

ৰেডিটৰ এন্টিৱৰ্ক ফ'ৰামত এই পোষ্টটো শ্বেয়াৰ কৰা হৈছে য'ত ব্যৱহাৰকাৰীজনে প্ৰকাশ কৰিছে যে কৰ্মচাৰীজনে সেই কোম্পানীত কাম কৰা সাত বছৰতকৈ অধিক সময় ধৰি কাম কৰি আছিল। আৰু কাৰ্যকালৰ সময়ত তেওঁৰ "প্ৰথমবাৰৰ বাবে" দেৰি হৈছিল। ব্যৱহাৰকাৰীজনৰ মতে, মাত্ৰ ২০ মিনিট পলমকৈ উপস্থিত হোৱাৰ বাবে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। ব্যৱহাৰকাৰীজনে লগতে কয় যে বৰ্তমানৰ কৰ্মচাৰীসকলে ব্যক্তিজনক পুনৰ নিযুক্তি নোপোৱালৈকে পলমকৈ উপস্থিত হৈ এক নতুন পদক্ষেপৰ প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছে।

শতাধিক লোকে এই বিষয়ে নিজৰ মত লিখিছে। একাংশ ব্যৱহাৰকাৰীয়ে কয় যে কেৱল ২০ মিনিট পলম হোৱাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো উচিত নহয়। একে সময়তে একাংশ লোকে এই আপাহতে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰে। এজন ব্যক্তিয়ে লিখিছে  "আমি আগতে দেৰি হ’লে সতৰ্কবাণী পাইছিলোঁ। যদি বেছি হ’লহেঁতেন তেন্তে দৰমহা কৰ্তন কৰা হৈছিল৷ কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত হোৱাটো ঠিক নহয়।" উল্লেখযোগ্য যে উক্ত ঘটনাটো আমেৰিকাৰ ফ্ল’ৰিডাত সংঘটিত হৈছে বুলি জানিব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ