--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে বিভিন্ন উপলক্ষ্যত সোণ কিনো। বিয়াৰ বতৰত, উৎসৱৰ বতৰত মানুহে বেছিকৈ সোণ ক্ৰয় কৰে। উপহাৰ আদি দিবলৈও বহুতে সোণ কিনে। কিন্তু আজিকালি সকলো বস্তুতে ভেজাল হোৱাৰ দৰে সোণতো ভেজাল ধৰা পৰি আহিছে। সকলো চিকচিকিয়া বস্তুৱেই সোণ নহয়। কিন্তু আমি বহুতেই আচল অথবা নকল সোণৰ পাৰ্থক্য বুজি নাপাই প্ৰায়ে ঠগ খাই আহিছো। 

ভাৰত হৈছে সৰ্বাধিক সোণ আমদানি কৰা দেশ । ইয়াৰ ফলত দেশৰ  অলংকাৰ উদ্যোগটোৰ চাহিদা বৃদ্ধি পাইছে।সোণৰ ক্ষেত্ৰত যাতে দোকানীয়ে আমাক ঠগিব নোৱাৰে তাৰ বাবে কেইটামান বিশেষ চিহ্নৰ ব্যৱস্থা থাকে। সেই চিহ্ন কেইটা চাই সোণ কিনিলে ঠগ খোৱাৰ ভয় নাথাকে।
 ভাৰত চৰকাৰে ইয়াৰ বিশুদ্ধতাৰ ক্ষেত্ৰত এই চিহ্ন সমূহৰ ব্যৱস্থা কৰিছে।

কেন্দ্ৰই ২০১০চনৰ ১৫ জানুৱাৰিৰ পৰাই দেশজুৰি সোণৰ অলংকাৰ আৰু কলাকৃতিসমূহত হলমাৰ্ক থকাটো বাধ্যতামূলক কৰিছিল।

হলমাৰ্ক নোহোৱা সোণ যদি আপুনি কিনে তেতিয়া ভেজাল সোণ কিনাৰ আশংকাই বেছি।  হলমাৰ্ক থকা অলংকাৰ বিক্ৰী কৰাটো বাধ্যতামূলক ।

সোণত  যদি হলমাৰ্ক থাকে, তেনেহ’লে অলংকাৰৰ নিশ্চয়তা সম্পৰ্কে আশ্বস্ত হ’ব পাৰিব। গতিকে, আপুনি যদি ১৮ কেৰেট হলমাৰ্ক থকা সোণ ক্ৰয় কৰে ই প্ৰকৃততে বুজায় যে ইয়াৰ ১৮/২৪ অংশ সোণ আৰু বাকীখিনি আন ধাতু।

সোণৰ অলংকাৰ ক্ৰয় কৰোতে এই চাৰিটা হলমাৰ্ক চিহ্ন বা প্ৰতীক চাই ল’বলৈ নাপাহৰিব
১. বি আই এছ মাৰ্ক (BIS Mark)

বিআইএছ হলমাৰ্ক হৈছে ধাতুবিধৰ বিশুদ্ধতাক প্ৰত্যায়িত কৰি ভাৰতত বিক্ৰী কৰা সোণৰ লগতে ৰূপৰ হলমাৰ্ক কৰা এটা পদ্ধতি।

ই ভাৰতৰ নেশ্যনেল ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা এলানি মানসম্বলিত অলংকাৰৰ প্ৰমান পত্ৰ।

সোণৰ অংকাৰৰ বাবে বিআইএছ হলমাৰ্কত কেইবাটাও উপাদান থাকে:

২. কেৰেট আৰু ফিটনেছত (যিকোনো এটা) বিশুদ্ধতা

(ক) ২২ কে৯১৬ – ২২ কেৰেটৰ সমান

(খ)১৮কে৭৫০ – ১৮ কেৰেটৰ সমান

(গ) ১৪কে৫৮৫ – ১৪ কেৰেটৰ সমান

৩. আইডেনটিফিকেশ্যন মাৰ্ক বা হলমাৰ্কিং চেন্টাৰৰ নম্বৰ

৪. আইডেনটিফিকেশ্যন মাৰ্ক বা জুৱেলাৰ্ছৰ নম্বৰ

সোণ ক্ৰয় কৰোতে সদায় বিশ্বাসযোগ্য স্থায়ী দোকানৰ পৰা কিনিব লাগে। দোকানীয়ে দিয়া সোণ ক্ৰয়ৰ কাগজ-পত্ৰ ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে। যাতে ভৱিষ্যতে কিবা অসুবিধা হ’লে সেয়া সহজে বিচাৰি পোৱা যায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ