--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখী দাম্পত্য জীৱনৰ বাবে পতি-পত্নীৰ মাজৰ বয়সৰ ব্যৱধানেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিবাহৰ ক্ষেত্ৰত দুয়োৰে বয়সৰ পাৰ্থক্য গুৰুত্বপূৰ্ণ বুলি দাবী কৰিছে মনোবিজ্ঞানীয়ে। এই বিষয়টোক লৈ বৰ্তমান মনোবিজ্ঞানীসকল গৱেষণাত ব্যস্ত হৈ আছে। কিছুমানে কয় যে স্বামী-স্ত্ৰীৰ বয়সৰ পাৰ্থক্য যিমানেই বেছি হয় সিমানেই সংসাৰ সুখৰ হয় আৰু কিছুমানে কয় যে স্বামী-স্ত্ৰীৰ বয়সৰ পাৰ্থক্য যিমানেই কম হয় সিমানেই সুখী বৈবাহিক জীৱন-যাপন কৰিব পাৰি। কিন্তু এই ক্ষেত্ৰত কি কয় মনোবিজ্ঞানীসকলে?
 শেহতীয়াকৈ কৰা এক গৱেষণাত পোহৰলৈ আহিছে যে সুখী দাম্পত্য জীৱনৰ বাবে স্বামী-স্ত্ৰীৰ বয়সৰ পাৰ্থক্য কম হোৱা ভাল। যি দম্পতীৰ বয়সৰ পাৰ্থক্য এবছৰৰ পৰা তিনিবছৰৰ ভিতৰত তেওঁলোক আনতকৈ বেছি সুখী বুলি গৱেষণাই দাবী কৰিছে। যিসকলৰ মাজত চাৰি-ছয় বছৰৰ ব্যৱধান আছে তেওঁলোকো সুখী কিন্তু এবছৰৰ পৰা তিনিবছৰৰ ভিতৰত বয়সৰ পাৰ্থক্য থকা সকল সকলোতকৈ সুখী। বয়সৰ ব্যৱধান বৃদ্ধি হোৱাৰ লগে লগে সংসাৰখনত সুখৰ পৰিমাণ কমি যায়। অৰ্থাৎ বয়সৰ ব্যৱধান বৃদ্ধি হোৱাৰ লগে লগে বৈবাহিক সুখ কমি যায়।
 আমেৰিকাত গৱেষকৰ দলটোৱে কৰা সমীক্ষাৰ পৰা এই গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। ছবছৰতকৈ বেছি ব্যৱধান হৈ গ'লে স্বামী-স্ত্ৰীসকলৰ মাজত সংসাৰৰ মধুৰতা অলপ হলেও হ্ৰাস পায় বুলি গৱেষকে জনাইছে। 

তেওঁলোকে লগতে কয় যে এনেকুৱা নহয় যে ১০ বা তাতোকৈ বেছি বছৰৰ ব্যৱধান থাকিলে কোনো সুখী হ'ব নোৱাৰিব মাত্ৰ তেনেকুৱা সংসাৰৰ উদাহৰণ খুব কমেইহে দেখা যায় সমাজত। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত