--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ওজন বৃদ্ধিক বহু স্বাস্থ্যজনিত সমস্যাৰ আৰম্ভণি বুলি গণ্য কৰা হয়, কিয়নো ই ডায়েবেটিচ, হৃদ ৰোগ, উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰলৰ দৰে সমস্যাৰ আশংকা বৃদ্ধি কৰে। কেৱল সেয়াই নহয়, পাকস্থলী আৰু কঁকালৰ চাৰিওফালে চৰ্বি বৃদ্ধি হোৱাৰ ফলত, শৰীৰী সুষমা নষ্ট হয় আৰু এজন লোকে অৱসাদ অনুভৱ কৰা তথা আত্মবিশ্বাসৰ অভাৱৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। 

ওজন হ্ৰাস কৰিবলৈ নিশাৰ ভাগত কি কি খাদ্য উপযোগী?

আমি সকলো সময়তে স্বাস্থ্যকৰ আহাৰ খোৱা নহয়। প্ৰায়েই আমাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পৰা জাংক ফুড, অধিক তেলযুক্ত খাদ্য, ফাষ্ট ফুড আদি গ্ৰহণ কৰোঁ। ব্যস্ত জীৱনশৈলীৰ বাবেও আমি আমাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ বহু সময়ত অপাৰগ হৈ পৰোঁ। সেয়েহে থাউকতে পোৱা স্বাস্থ্যকৰ খাদ্য কেইপদমানৰ বিষয়ে জানি থোৱাটো অতি জৰুৰী। নিশা শোৱাৰ আগে আগে আমি যদিহে এই চাৰিবিধ খাদ্য গ্ৰহণ কৰোঁ তেন্তে ই ওজন হ্ৰাস কৰাত সহায় কৰাৰ লগতে পেটৰ চৰ্বিও দ্ৰুতগতিত হ্ৰাস কৰিব পাৰে।

দৈ
ৰাতি খাদ্য গ্ৰহণৰ পাছত দৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। ই উচ্চ কেল’ৰী যুক্ত খাদ্য আৰু ই প্ৰ'টিনেৰে সমৃদ্ধ। ই পেশীক শক্তি প্ৰদান কৰে। ইয়াৰ লগতে, দৈত থকা মাইক্ৰ'নিউট্ৰিয়েণ্টে হজম সঠিক ৰাখে আৰু লগতে ওজন হ্ৰাস কৰে।

বাদাম
বহুসময়ত আমি হঠাতে ৰাতি ভোক অনুভৱ কৰোঁ।  যিসকলে বিভিন্ন কাৰণত নিশা পলমকৈ শুবলগীয়া হয় তেওঁলোকৰ ক্ষেত্ৰত এনে ঘটনা সঘনে ঘটে। এনে পৰিস্থিতিত, বাদাম খোৱাটো উপযুক্ত বিকল্প হ’ব পাৰে। ভোক দূৰ কৰাৰ বাবে ই এক স্বাস্থ্যকৰ বিকল্প। বাদামত বহুতো গুৰুত্বপূৰ্ণ পুষ্টি পোৱা যায় আৰু কেল’ৰীও কম হয়। 

পীনাট বাটাৰৰ সৈতে হোল গ্ৰেইন ৰুটি
নিশাৰ ভাগত ভোক গুচাবলৈ পীনাট বাটাৰৰ সৈতে হোল গ্ৰেইন ৰুটি খাব পাৰে। ই বিপাকীয় কাৰ্য বৃদ্ধি কৰে আৰু ওজন হ্ৰাস কৰাতো সহায় কৰে।

কল
সাধাৰণতে বিশ্বাস কৰা হয় যে কল খোৱাৰ ফলত ওজন বৃদ্ধি হয়, কিন্তু ইয়াত বহুতো পুষ্টি পোৱা যায় আৰু ই ওজন হ্ৰাস কৰাত সহায় কৰে। এই ফলটোত থকা আঁহৰ বাবে দীঘলীয়া সময়ৰ বাবে ভোক নলগাকৈ ৰাখে আৰু তাৰ ফলত ওজন হ্ৰাস কৰাত সহায়ক হয়।
পুষ্টি বিশেষজ্ঞসকলৰ মতে, এই চাৰিটা বস্তুৱে শৰীৰক প্ৰয়োজনীয় পুষ্টি যোগান ধৰে আৰু ই ভাগৰুৱা অনুভৱ কৰাৰ পৰাও ৰক্ষা কৰে। দৈৰ এনজাইম স্বাস্থ্যৰ বাবে অতি উপকাৰী। প্ৰতিদিনে এমুঠি বাদাম তিয়াই লৈ খালে আপুনি বহু লাভালাভ পাব। আনহাতে, কল হৈছে শক্তিৰ এক তাৎক্ষণিক উৎস, শাৰীৰিক পৰিশ্ৰম বা কচৰৎ কৰাৰ আগতে কল খোৱা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন